Breaking

জিলা প্ৰশাসনৰ উদ্যোগত বীৰ লাচিত বৰফুকন উদ্যানত আজি মহাবীৰ লাচিতৰ ৪০০ সংখ্যক জন্ম জয়ন্তী …

0 165

আজি মহাবীৰ লাচিতৰ ৪০০ সংখ্যক জন্ম জয়ন্তী। এই জন্ম জয়ন্তী উপলক্ষে জালুকবাৰীৰ বীৰ লাচিত বৰফুকন উদ্যানত জিলা প্ৰশাসনৰ উদ্যোগত দিনজোৰা বিশেষ অনুষ্ঠান আয়োজন কৰা হৈছে। উক্ত কাৰ্সূচীৰ অংশ হিচাপে আজি মহাবীৰ লাচিতৰ প্ৰতিমূৰ্তিত পুষ্পমাল্য অর্পণ কৰে ৰাজ্যপাল প্ৰফেছৰ জগদীশ মুখীয়ে। পুষ্পমাল্য অর্পণেৰে বীৰজনাৰ গৌৰৱৰ গাথাঁ সোঁৱৰিলে ৰাজ্যপালগৰাকীয়ে। লগতে সংবাদ মাধ্যমৰ আগত ৰণৰ ঐতিহ্য বহন কৰা উদ্যানখন ৰাইজৰ বাবে মুকলি কৰাৰ প্ৰতিশ্ৰুতি ৰাজ্যপালগৰাকীয়ে প্ৰদান কৰে।

উল্লেখযোগ্য যে, উদ্যানখনত আজি বিভিন্ন ধৰণৰ সাংস্কৃতিক কাৰ্যসূচী অনুষ্ঠিত হ’ব। সন্ধিয়াৰ ভাগত মুকাভিনয় অনুষ্ঠানৰ উপৰিও সম্পন্ন কৰা হ’ব বন্তি প্ৰজ্বলন কাৰ্যসূচী। এই কথা বিগত ২৩ নৱেম্বৰত কামৰূপ (ম) জিলাৰ অতিৰিক্ত উপায়ুক্ত বিক্ৰম ছেত্ৰী, চক্ৰ বিষয়া লক্ষ্যজিত দুৱাৰাই জনাইছিল।

আনহাতে লাচিত উদ্যানখনৰ জৰাজীৰ্ণ অৱস্থা সন্দৰ্ভত বিষয়ববীয়াসকলে সাংবাদিকৰ প্ৰশ্নৰ উত্তৰ দিয়ে। স্থানীয় নাগৰিক সমিতিৰ সৈতে উদ্যানখনৰ পৰিচৰ্য্যাৰ ব্যৱস্থা কৰা হ’ব বুলি অৱগত কৰে বিষয়াদ্বয়ে।

ইয়াৰোপৰি স্থানীয় ৰাইজে সকলোৰে বাবে উদ্যানখন পুনৰ মুকলি কৰি ৰখাৰ বাবে আহ্বান জনায় বিভাগীয় লোক তথা চৰকাৰক।

Leave A Reply