Breaking

ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী ঢেকীয়াখোৱা বৰনামঘৰ আৰু মইনা পৰীয়া নামঘৰত কভিড প্ৰ’ৰ্টকল মানি মাধৱদেৱৰ ৫৩৩ তম আর্ৱিভাব তিথি সম্পন্ন

0 2,315

শ্ৰী শ্ৰী মাধৱদেৱে প্ৰতিষ্ঠিত টীয়কৰ ঐতিহ্যমণ্ডিত ঢেকীয়াখোৱা বৰ নামঘৰ আৰু লাহদৈগড়স্থিত মহিমা মণ্ডিত মইনা পৰীয়া নামঘৰত আজি সম্পূণ কভিড বিধি মানি অনুষ্টুপিয়াকৈ মাধৱদেৱৰ ৫৩৩ তম জন্ম জয়ন্তী  কাৰ্যসূচি সম্পন্ন কৰা হয়। যোৱা বছৰৰ পৰা সমগ্ৰ ৰাজ্য তথা বিশ্বতে মহামাৰী কৰ’না ভাইৰাছে সংহাৰী ৰূপ ধাৰণ কৰা সময়ত  সকলো কাৰ্যসূচি ৰাজ্যতো তুৰাম্বিত হৈছে । সেই উদ্দেশ্যে আগত ৰাখি অসমৰ ঐতিহ্য মণ্ডিত ঢেকীয়াখোৱা বৰ নামঘৰ আৰু নিসিং মোৰাৰী খ্যাত মইনাপৰীয়া নামঘৰতো সম্পূণ কৰ’না বিধি মানি পালন কৰিছে মাধৱদেৱৰ আর্ৱিভাব স্বৰূপ জন্ম জয়ন্তী।ঢেকীয়াখোৱা বৰ নামঘৰ পৰিচালনা সমিতিৰ সভাপতি প্ৰবীণ কলিতাই জানিবলৈ দিয়া মতে ৰাইজৰ বাবে এই মহামাৰী সময়তো দুৱাৰ বন্ধ হৈ থকাত কেৱল পাঁচ জন ভকতৰে সম্পূণ কভিড নীতি মানি সম্পন্ন কৰা হয় মাধৱদেৱৰ আর্ৱিভাব স্বৰূপ জন্ম জয়ন্তী ভাগ ।সমান্তৰাল ভাৱে মইনা পৰীয়া নামঘৰটো পৰিচালনা সমিতিয়ে কভিড নীতি মানি পালন কৰে এই ৫৩৩ তম মাধৱদেৱৰ আর্ৱিভাব। অন্যহাতে পূব যোৰহাটৰ মেলেং মেটেলিস্থিত এক শৰণ ভাগৱতী সমাজ অসম যোৰহাট জিলা সমিতিৰ নামঘৰতো বৈষ্ণৱপ্রাণ ভকত সমাজে নিয়ম নীতি মতে অনুষ্টুপিয়াকৈ আর্ৱিভাব স্বৰূপ সম্পন্ন কৰে ।

Leave A Reply