Breaking

নেপালত অনুষ্ঠিত ৫তম ইণ্ডো-নেপাল ৰিয়েল গল্ড ৰ’লাৰ স্কেটিং চেম্পিয়নশ্বিপত স্বৰ্ণ পদক লাভ আইমী বৰুৱাৰ পুত্ৰ বীৰ হাজৰিকাৰ…

0 36

নেপালত অনুষ্ঠিত ৫তম ইণ্ডো-নেপাল ৰিয়েল গল্ড ৰ’লাৰ স্কেটিং চেম্পিয়নশ্বিপত ৮ বছৰ অনুৰ্ধৰ ২০০ মিটাৰ আৰু ৫০০ মিটাৰ ৰ’লাৰ স্কেটিঙত স্বৰ্ণ পদক লাভ কৰে আইমী বৰুৱাৰ পুত্ৰ বীৰে। কাঠমাণ্ডুৰ দশৰথ ৰংশালা ষ্টেডিয়ামত নেপাল ৰ’লাৰ স্কেটিং এছ’চিয়েচনে আয়োজন কৰে এই বন্ধুত্বপূৰ্ণ খেলখন। ভাৰতক প্ৰতিনিধিত্ব কৰি বিভিন্ন ৰাজ্যৰ ৪৮ জনে প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰিছিল।


চাৰে তিনি বছৰ বয়সৰ পৰাই ৰ’লাৰ স্কেটিং খেলা বীৰক ভাৰতক প্ৰতিনিধিত্ব কৰিব পৰাকৈ সক্ষম কৰি তোলাৰ বাবে দিছপুৰ ৰ’লাৰ স্কেটিং একাডেমীৰ সকলোকে অশেষ ধন্যবাদ জনাই আইমী বৰুৱা‌‌ই । সন্তানৰ সফলতাত পথ পদৰ্শক তথা গুৰুৰ যি অনবদ্য ভূমিকা সঁচাই অনন্য।

বীৰৰ প্ৰশিক্ষক ৰামু বৰদলৈৰ লগতে খেলখনৰ সকলো প্ৰশিক্ষকৰ ওচৰত মই চিৰ কৃতজ্ঞ ।
আইমী বৰুৱা‌ই সামাজিক মাধ্যমত লিখি যে আপোনালোকৰ আশীৰ্বাদৰ বাবেই কণমানি বীৰৰ সপোনবোৰে পোখা মেলিছে। আপোনালোকে এই সাহস আৰু মৰম দি যাব যাতে দেশৰ হৈ খেলিব পৰাকৈ আমাৰ বীৰ আৰু আগুৱাই যায়

Leave A Reply