Breaking

অসম নাট্য সন্মিলনৰ ৬২ সংখ্যক কেন্দ্ৰীয় তেজপুৰ অধিৱেশনৰ বাবে ব্যাপক তৎপৰতা

0 51

পাঁচ দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে ২০২৪ বৰ্ষৰ ১৭ জানুৱাৰীৰ পৰা তেজপুৰত অনুষ্ঠিত হ’ব লগীয়া অসম নাট্য সন্মিলনৰ ৬২ সংখ্যক কেন্দ্ৰীয় অধিৱেশনৰ অভ্যৰ্থনা সমিতিৰ অস্থায়ী কাৰ্যালয় আজি পুৱা এক মাংগলিক পৰিৱেশত শুভাৰম্ভ কৰে তেজপুৰৰ বিধায়ক পৃথ্বিৰাজ ৰাভা, শোণিতপুৰৰ উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰ আৰু শোণিতপুৰ জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া কৰবী শইকীয়া কৰণে।

তেজপুৰৰ প্ৰধান ডাকঘৰৰ সন্মুখত থকা জিলা পৰিষদৰ পূৰ্বৰ কাৰ্যালয়ত অভ্যৰ্থনা সমিতিৰ প্ৰায়সকল বিষয়ববীয়া আৰু একাংশ বিশিষ্ট ব্যক্তিৰ উপস্থিতিত সাংস্কৃতিক কৰ্মী তথা নাট্য সন্মিলনৰ মাজগাঁও শাখাৰ সভাপতি অৰুণ শৰ্মাৰ মন্ত্ৰোচ্চাৰণৰ মাজত অভ্যৰ্থনা সমিতিৰ পৃষ্ঠপোষক তথা তেজপুৰৰ বিধায়ক পৃথ্বিৰাজ ৰাভাই ফিটা কটাৰ লগতে অভ্যৰ্থনা সমিতিৰ মুখ্য উপদেষ্টা তথা শোণিতপুৰৰ উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰই আয়তীৰ মংগল উৰুলিৰ মাজত নাৰিকল ভাঙি অস্হায়ী কাৰ্যালয়টি শুভ উদ্বোধন কৰে।

ইয়াৰ পিছতেই অভ্যৰ্থনা সমিতিৰ সামগ্ৰীক ব্যৱস্থাপনা আৰু সভা পৰিচালনা উপসমিতিৰ সভাপতি পংকজ বৰুৱাই আঁত ধৰা অনুষ্ঠানটিত অসম নাট্য সন্মিলনৰ প্ৰতিষ্ঠাপক সভাপতি কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা আৰু নটসূৰ্য ফণী শৰ্মাৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন আৰু ধূপ প্ৰজ্বলন কৰে ক্ৰমে অভ্যৰ্থনা সমিতিৰ সভাপতি, বিশিষ্ট শিক্ষাবিদ মহেন্দ্ৰ নাথ কেওঁট আৰু শোণিতপুৰ জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া কৰবী শইকীয়া কৰণৰ লগতে বিশিষ্ট ব্যক্তি সকলে।

আনহাতে অভ্যৰ্থনা সমিতিৰ যুটীয়া সাধাৰণ সম্পাদক হিৰণ্য ভূঞাই আদৰণী ভাষণ দাঙি ধৰা উদ্বোধনী অনুষ্ঠানত উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰই ভাষণ প্ৰদান কৰি অসম নাট্য সন্মিলনৰ তেজপুৰৰ এই কেন্দ্ৰীয় অধিৱেশন আন সকলো অধিৱেশনতকৈ ব্যতিক্ৰমী ৰূপত সফল কাম কৰিবলৈ সকলোৰে সহযোগিতা কামনা কৰি জিলা প্ৰশাসনৰ তৰফৰ পৰা সকলো সহযোগিতা আগবঢ়োৱাৰ আশ্বাস প্ৰদান কৰে।

উপায়ুক্ত মিশ্ৰই এই অধিবেশনত অংশ গ্ৰহণ কৰিব লগা সকলোৱে যাতে তেজপুৰ অধিবেশন যিকোনো দিশৰ পৰা অনন্য আৰু একক হয় তাৰ প্ৰতি গুৰুত্ব দিবলৈ অভ্যৰ্থনা সমিতিৰ সকলো বিষয়ববীয়াক আহ্বান জনায়। অনুষ্ঠানটিত অভ্যৰ্থনা সমিতিৰ পৃষ্ঠপোষক তথা বিধায়ক পৃথ্বিৰাজ ৰাভাই পিতৃ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা প্ৰতিষ্ঠাপক সভাপতি হিচাপে তাহানিতেই গঢ় দিয়া অসম নাট্য সন্মিলনৰ ইতিহাসৰ স্মৃতি ৰোমন্থন কৰি এই অধিবেশনে নাটকৰ নগৰী তেজপুৰৰ সন্মান যাতে অক্ষুন্ন ৰাখে তাৰ প্ৰতি অভ্যৰ্থনা সমিতিৰ সকলো বিষয়ববীয়াৰ লগতে তেজপুৰীয়া ৰাইজৰ যোগাত্মক সঁহাৰি কামনা কৰে।

ভাষণ প্ৰসংগত বিধায়ক তথা অভিনেতা পৃথ্বিৰাজ ৰাভাই অসম নাট্য সন্মিলনৰ জড়িয়তে অসমত এক সুস্থ অপেছাদাৰী নাট্য আন্দোলন গঢ়ি উঠাৰ লগতে নাট্যশিল্পী সকল একেখন মঞ্চত সমবেত হৈ নাটশিল্প চৰ্চাৰ ক্ষেত্ৰত বলিষ্ঠ পদক্ষেপ গ্ৰহণ কৰি আহিছে বুলিও মন্তব্য কৰে।

অসম নাট্য সন্মিলনৰ কেন্দ্ৰীয় উপসভাপতি মৃগেন চন্দ্র বড়া, বিশিষ্ট চলচ্চিত্ৰ পৰিচালক তথা সাংস্কৃতিক কৰ্মী অৰূপ বৰঠাকুৰ, তেজপুৰ শাখাৰ সভাপতি বীৰেন্দ্ৰ কুমাৰ বৰাকে বিশিষ্ট জনে অংশ গ্ৰহণ কৰা অনুষ্ঠানটিত শোণিতপুৰ জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া কৰবী শইকীয়াইও চমু ভাষণ প্ৰদান কৰি অধিৱেশনৰ বাবে জিলা পৰিষদৰ পৰা সকলো ধৰণৰ সহযোগিতা আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰাৰ লগতে সভাপতিৰ আসনৰ পৰা বিশিষ্ট শিক্ষাবিদ তথা বাণ থিয়েটাৰৰ প্ৰাক্তন সভাপতি মহেন্দ্ৰ নাথ কেওঁটে তেজপুৰৰ দৰংমহাবিদ্যালয়ত অনুষ্ঠিত অসম নাট্য সন্মিলনৰ স্মৃতি ৰোমন্থন কৰি এইবাৰৰ অধিৱেশনো তেজপুৰৰ ৰাইজৰ অকুন্ঠ সঁহাৰিত সফলকাম হ’ব বুলি আশা ব্যক্ত কৰে।

Leave A Reply