Breaking

মাৰ্ঘেৰিটা সংহত শিশু উন্নয়ন প্ৰকল্পৰ উদ্যোগত ষষ্ঠ ৰাষ্ট্ৰীয় পোষন মাহ-২০২৩ পালন…

0 69

মাৰ্ঘেৰিটা সংহত শিশু উন্নয়ন প্ৰকল্পৰ উদ্যোগত ষষ্ঠ ৰাষ্ট্ৰীয় পোষন মাহ-২০২৩ পালন। মাৰ্ঘেৰিটা মহকুমাৰ ২নং ভিতৰ পাৱৈ স্থিত মহাৰাম বড়ো প্ৰাৰ্থমিক বিদ্যালয়ৰ হলত আজি দিনযোৰা কাৰ্যসূচীয়ে মাৰ্ঘেৰিটা সংহত শিশু উন্নয়ন প্ৰকল্পৰ উদ্যোগত ষষ্ঠ ৰাষ্ট্ৰীয় পোষন মাহ-২০২৩ পালন কৰা হয়। সজাগতা সভা লগতে এক সজাগতা পদযাত্ৰা উলিওৱা হয়। উক্ত অনুষ্ঠানত উপস্থিত থাকে চিডিপিঅ মিণ্টী ৰাণী দাস , ভিতৰ পাৱৈ গাওঁ পঞ্চায়তৰ সভাপতি সুমন খালেন, স্থানীয় চৰকাৰী গাওঁ বুঢ়া খগেশ্বৰ খালেন, আৰু বহু কেইজন গণ্যমাণ্য ব্যক্তিৰ লগতে অংগনবাদীৰ কৰ্মী সহায়িকা আৰু গৰ্ভৱতী মহিলা , শিশু মাতৃ, কিশোৰীসকল। শিশু আৰু গৰ্ভৱতী মহিলা সকলক স্বাস্থ্যৰ যতন লোৱাৰ ক্ষেত্ৰত পুষ্টিকৰ খাদ্য গ্ৰহণ কৰিব বাবে অনুষ্ঠানত উপস্থিত থকা সমল ব্যক্তিসকলে আহ্বান জনায়।

মাৰ্ঘেৰিটাৰ চিডিপিঅ মিণ্টী ৰাণী দাস অনুষ্ঠানত উপস্থিত থাকি এই পদক্ষেপৰ সলাগ লোৱা লগতে শিশু আৰু গৰ্ভৱতী মহিলা সকলৰ স্বাস্থ্যৰ যতন আৰু কেনেদৰে ঘৰুৱা শাক-পাচলিৰ লগতে আন আন পুষ্টিকৰ খাদ্য গ্ৰহণ কৰি নিজকে স্বাস্থ্যবান কৰি গঢ়ি তুলিব পাৰি সেই দিশত ৰাইজৰ মাজত যাতে অধিক সজাগতা বৃদ্ধি কৰিব সকলোৱে প্ৰতি আহ্বান জনায়। ৰাষ্ট্ৰীয় পোষণ মাহ ২০২৩ ফলত এখন পৰিপুষ্ট চহকী ভাৰত, শিক্ষিত ভাৰত গঢ়াত সহায়ক হ’ব বুলি চিডিপিঅ ৰাণী দাসে আশা প্ৰকাশ কৰে।

Leave A Reply