Breaking

মিচিং স্বায়ত্তশাসিত পৰিষদৰ বৰ্ণাঢ্য আয়োজনেৰে গোগামুখত দেশৰ ৭৪ সংখ্যক স্বাধীনতা দিৱস উদ্‌যাপন

0 53

সমগ্ৰ দেশৰ লগতে ধেমাজি জিলাৰ গোগামুখতো বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানে দেশৰ ৭৪ সংখ্যক গণৰাজ্য দিৱস উলহ-মালহেৰে বৃহস্পতিবাৰে উদ্‌যাপন কৰে৷ মিচিং স্বায়ত্তশাসিত পৰিষদৰ উদ্যোগত গোগামুখ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত দিনজোৰা বৰ্ণিল কাৰ্যসূচীৰে গণৰাজ্য দিৱস উদ্‌যাপন কৰা হয়৷ পুৱা ৮ বজাত গণৰাজ্য দিৱসৰ পতাকা উত্তোলন কৰে মিচিং স্বায়ত্তশাসিত পৰিষদৰ অধ্যক্ষ সুনীল কুমাৰ পেগুৱে৷

ইয়াৰ পাছতে তেওঁ পেৰেড দলৰ অভিবাদন গ্ৰহণ কৰে৷ পেৰেডত, গোগামুখ ৰিজ’লোছন একাডেমী,  গোগামুখ উচ্চতৰ মাধ্যমিক বিদ্যালয়, জংকি-পানই হাইস্কুল, নেছনেল পাব্লিক একাডেমী, গোগামুখ খ্ৰাইষ্ট কিং হাইস্কুল, খ্ৰাইষ্টজ্যোতি হাইস্কুল, গোগামুখ মহাবিদ্যালয় আদি বিদ্যালয়-মহাবিদ্যালয়ৰ  ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে৷ পতাকা উত্তোলন কৰি মিচিং স্বায়ত্তশাসিত পৰিষদৰ অধ্যক্ষ সুনীল কুমাৰ পেগুৱে কয়- মিচিং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন অনুষ্ঠিত কৰি পৰিষদ গঠন কৰিলে যদিও আমি আশা কৰাৰ দৰে পুঁজি আৱন্টন দিয়া নাই৷

অৱশ্যে অন্তৱৰ্তীকালীন পৰিষদতকৈ যথেষ্ট বেছি পুঁজি লাভ কৰা বুলি তেওঁ দোহাৰে যদিও পৰিষদে সাংবিধানিক মৰ্যদা বা ষষ্ঠ অনুসূচী নোপোৱালৈ পৰিষদৰ অন্তৰ্গত ৰাইজৰ অভূতপূৰ্ব উন্নয়ণ সম্ভৱপৰ নহ’ব বুলি তেওঁ দোহাৰে৷ ভাষণ প্ৰসংগত তেওঁ দেশৰ স্বাধীনতা লাভৰ বাবে প্ৰাণ আহুতি দিয়া শ্বহীদ সকলক শ্ৰদ্ধাৰে সোঁৱৰে আৰু যিমানেই দিন অতিবাহিত হৈ  নাযাওঁক কিয় শ্বহীদ সকলৰ ত্যাগক আমাৰ দেশৰ জনসাধাৰণে সদায় সন্মান জনাই যাব বুলি তেওঁ দোহাৰে৷ অনুষ্ঠানত ছাত্ৰ-ছাত্ৰী  সকলৰ মাজত দেশপ্ৰেমমূলক নৃত্য, চিত্ৰাংকন, বিজ্ঞান আৰু টেকন’লজি প্ৰতিযোগিতা অনুষ্ঠিত হোৱাৰ লগতে বিভিন্ন জাতি-জনগোষ্ঠীৰ  দ্বাৰা সাংস্কৃতিক কাৰ্যসূচী ৰপায়ন কৰা হয়৷ 

গোগামুখৰ ব্যক্তিগত খণ্ডৰ অন্যতম শিক্ষানুষ্ঠান পাইন ভিউ বিদ্যালয়ত কালি বাগ্‌দেৱীৰ বন্দনাৰ সমান্তৰালভাৱে দেশৰ ৭৪ সংখ্যক স্বাধীনতা দিৱস উদ্‌যাপন কৰা হয়৷ পুৱা পতাকা উত্তোলনৰ লগতে বিভিন্ন কাৰ্যসূচী ৰূপায়ণৰ অন্তত বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰী সকলৰ অভিভাৱক সভা অনুষ্ঠিত কৰা হয়৷ অনুষ্ঠানত পাইন ভিউ বিদ্যালয়ৰ এম ডি ডাঃ মতিলাল পাতিৰে গোগামুখত এটি আদৰ্শ বিদ্যালয় প্ৰতিষ্ঠাৰ উদ্দেশ্যে নিজৰ সকলোবোৰ উপাৰ্জিত ধন বিদ্যালয়খনত খৰচ কৰা বুলি মন্তব্য দিয়াৰ লগতে  বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰী সকলে দিয়া নামভৰ্ত্তি বা মাহেকীয়া মাছুলৰ বাবদ পোৱা টকা ছাত্ৰ-ছাত্ৰী আৰু বিদ্যালয়ৰ উন্নযনৰ বাবে খৰচ কৰিব বুলিও প্ৰতিশ্ৰুতি দিয়ে৷ 

একেদৰে লোকেল ইউনাইটেড ডেভেলপমেণ্ট অৰ্গেনাইশ্বন চমুকৈ লুড’, গোগামুখ বালিকা উচ্চ মাধ্যমিক বিদ্যালয়তো দেশৰ ৭৪ সংখ্যক স্বাধীনতা দিৱস উদ্‌যাপন কৰা হয়৷

Leave A Reply