Breaking

সমগ্ৰ দেশৰ লগতে সৰুপথাৰটো উদযাপন কৰা হয় ৭৬ সংখ্যক স্বাধীনতা দিৱস…

0 1,714

সমগ্ৰ দেশৰ লগতে সৰুপথাৰটো উদযাপন কৰা হয় ৭৬ সংখ্যক স্বাধীনতা দিৱস । ধনশিৰি মহকুমাৰ মহকুমাধিপতি দিনছেংফা বৰুৱাই পতাকা উত্তোলনৰ পিছতে আৰক্ষী, এন চি চি, স্কাউট এণ্ড গাইড আৰু স্কুল কলেজৰ ছাত্ৰ-ছাত্ৰী সকলে প্ৰদৰ্শন কৰা পেৰেডৰ অভিবাদন গ্ৰহণ কৰে।

অন্যবাৰৰ তুলনাত এইবাৰ ৭৬ সংখ্যক স্বাধীনতা দিৱসত জনসাধাৰণৰ সহাৰি দেখা গল অভূতপূৰ্ব।৭৬ সংখ্যক স্বাধীনতা দিৱস উদযাপনৰ বাকৰিত মুক্তি যুজাৰুৰ পৰিয়ালৰ লোকক মহকুমা প্ৰশাসনৰ তৰফৰ পৰা সম্বৰ্ধনা জনায়।তদুপৰি বিভিন্ন ক্ষেত্রত দেখুওৱা পাৰদৰ্শিতাৰ বাবে মহকুমাটোৰ কেইবাজনো ব্যক্তিক সম্বধৰ্না জনায়। মহকুমাৰটোৰ বহুকেইটা কৃষ্টি-সংস্কৃতিৰ দলৰ অংশগ্রহণে এইবাৰৰ ৭৬ সংখ্যক স্বাধীনতা দিৱসক এক অনন্য মাত্ৰা প্ৰদান কৰে।

Leave A Reply