Breaking

ৰামগাওঁ নৱৰূপ শাখা সাহিত্য সভাৰ ৭ম দ্বি-বাৰ্ষিক পূৰ্ণাঙ্গ অধিবেশনৰ সফল সামৰণি

0 54

দৰং জিলা সাহিত্য সভাৰ অন্যতম শাখা সভা ৰামগাওঁ নৱৰূপ শাখা সাহিত্য সভাৰ ৭ম দ্বি-বাৰ্ষিক পূৰ্ণাঙ্গ অধিবেশনখনি ২৩ জানুৱাৰীত দিনযোৰা কাৰ্যসূচীৰে ঐতিহাসিক বোৰা পুখুৰীপাৰত অনুষ্ঠিত হৈ যায়৷ কাৰ্যসূচী অনুসৰি পুৱা নৱৰূপ শাখা সাহিত্য সভাৰ নৱ নিৰ্বাচিত সভাপতি ফটিক চন্দ্ৰ চহৰীয়াই অসম সাহিত্য সভাৰ পতাকা উত্তোলন কৰি অনুষ্ঠানৰ শুভাৰম্ভ কৰে৷ 

বন্তি প্ৰজ্জ্বলন,ছাত্ৰ-ছাত্ৰীসকলৰ মাজত চিত্ৰাংকন আৰু সাধাৰণ জ্ঞানৰ প্ৰতিযোগিতাৰ লগতে  কুঁহি,ৰামধেনু আৰু আকাশৰ অনুষ্ঠানৰ পিচতে  দিনৰ ১-০০ বজাত অনুষ্ঠিত হয় মুকলি সভা৷

ৰামগাওঁ নৱৰূপ শাখা সাহিত্য সভাৰ নৱ নিৰ্বাচিত সভাপতি ফটিক চন্দ্ৰ চহৰীয়াৰ সভাপতিত্বত অনুষ্ঠিত সভাখন উদ্বোধন কৰে অসম সাহিত্য সভাৰ আজীৱন সভ্য ফটিক চন্দ্ৰ ডেকাই৷

ছিপাঝাৰ মহাবিদ্যালয়ৰ উপাধ্যক্ষ ড° ৰামচন্দ্ৰ ডেকা নিৰ্দিষ্ট বক্তা আৰু দৰং জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি শৈলেন্দ্ৰ কুমাৰ ৰাজবংশী বিশিষ্ট অতিথি  হিচাপে অংশগ্ৰহণ কৰা সভাত  পত্ৰিকা উন্মোচন কৰে দৰং জিলা সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক সৎৰাম ডেকাই৷ 

সভাতৰামচন্দ্ৰ ডেকাৰ  কাব্য গ্ৰন্থ “ছবিখন অঁকা নহ’ল” উন্মোচন কৰে দৰং জিলা সাহিত্য সভাৰ সভাপতি ৰজনী কান্ত নাথে৷

Leave A Reply