Breaking

বিহালী নিজ বাঘমাৰীত আয়োজন ৮ দিনীয়া শ্ৰী শ্ৰী জগন্নাথ দেৱৰ ৰথযাত্ৰা মহোৎসৱ

0 93

বিহালী সমষ্টিৰ নিজ বাঘমাৰী জগন্নাথ মন্দিৰ প্ৰাংগণত ইস্কন বিশ্বনাথ আঞ্চলিক নামহট্ৰ সংঘৰ সহযোগত আৰু নিজ বাঘমাৰী নামহট্ৰ সংঘৰ উদ্যোগত ৮ দিনীয়াকৈ শ্ৰী শ্ৰী জগন্নাথ ৰথ যাত্ৰা আয়োজন কৰিছে।


২০ জুন তাৰিখৰ পৰা হ’ব লগীয়া ৰথ যাত্ৰা কাৰ্যসূচী ২৮ জুনলৈ চলিব বুলি উল্লেখ কৰে উদযাপন সমিতি সভাপতি লোহিত কন্দনে।

লগতে উদযাপন সমিতিৰ সভাপতি কন্দনে জানিবলৈ দিয়ে এই ৰথ যাত্ৰা ২০ জুন অৰ্থাৎ কাইলৈ বিশ্বনাথ চাৰিআলি সাৰ্বজনীন ধৰ্মশালা প্ৰাংগণত পৰা নিজ বাঘমাৰী শ্ৰী শ্ৰী জগন্নাথ মন্দিৰত সামৰণি পৰিব। এই অনুষ্ঠান ভাগত অসমৰ বিভিন্ন জিলাৰ ভক্তই অংশগ্ৰহণ কৰিব বুলি উল্লেখ কৰে।

Leave A Reply