উত্তৰ গুৱাহাটীত অৱস্থিত কৰ্মবীৰ নবীন চন্দ্ৰ বৰদলৈৰ সমাধি ক্ষেত্ৰত ৮৭তম মৃত্যু বাৰ্ষিকী উপলক্ষে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান

উত্তৰ গুৱাহাটী শ্ৰী শ্ৰী অশ্বক্লান্ত দেৱালয়ৰ পৰিচালনা সমিতি আৰু উত্তৰ গুৱাহাটী শংকৰদেৱ শিশু নিকেতনৰ উদ্যোগত বিষ্ণুতীৰ্থ অশ্বক্লান্ত দেৱালয়ত আজি কৰ্মবীৰ নবীন চন্দ্ৰ বৰদলৈৰ ৮৭তম মৃত্যু বাৰ্ষিকী উদযাপন কৰা কৰা হয়।

উত্তৰ গুৱাহাটী তথা অসমৰ সুসন্তান ভাৰতৰ স্বাধীনতা আন্দোলন অগ্ৰনী ৰাষ্ট্ৰীয় পৰ্যায়ৰ নেতা কৰ্মবীৰ নবীন চন্দ্ৰ বৰদলৈৰ মহাপ্ৰয়াণ দিনটোত পূৱা ৯:৩০ বজাত শ্ৰী শ্ৰী অশ্বক্লান্ত দেৱালয়ৰ বিষ্ণুপদৰ সমীপৰ সমাধিক্ষেত্ৰত বন্তি প্ৰজ্বলন আৰু পুষ্পাঞ্জলি অৰ্পণৰে উত্তৰ গুৱাহাটী শংকৰদেৱ শিশু নিকেতনৰ পৰিচালনা সমিতিৰ সম্পাদক মুকুটেশ্বৰ গোস্বামী,

প্ৰধান আচাৰ্য উৎপল তালুকদাৰ আৰু উপ-প্ৰধান আচাৰ্য জগদীশ শৰ্মা, জেষ্ঠ আচাৰ্যা নিপামনী বৰদলৈ আৰু অশ্বক্লান্ত দেৱালয় চেৰিটেবল ট্ৰাষ্টৰ হেমেন শৰ্মা, কামৰূপ জিলা সাংবাদিক সন্থাৰ সদস্যবৃন্দ, অসংখ্য গুণমুগ্ধ ৰাইজ তথা বিশিষ্ট নাগৰিকে উপস্থিতি থাকি গভীৰ শ্ৰদ্ধাঞ্জলি আগবঢ়াই৷

ইয়াৰ পাছতে উপস্থিত সকলোৱে শ্ৰদ্ধাঞ্জলি আগবঢ়ায়, নবীন চন্দ্ৰ বৰদলৈৰ কৰ্মময় জীৱনৰ ওপৰত আলোকপাত কৰে।


উল্লেখযোগ্য যে বিগত সময়চোৱাত অসম সু-সন্তান কৰ্মবীৰ গৰকীৰ যি সমাধিক্ষেত্ৰ আছে সেয়া পৰিতক্ত অৱস্থাত অৱহেলিত এলাগী হৈ আছে।

আজি উপস্থিত সকলোৱে এই সমাধিক্ষেত্ৰৰ সংৰক্ষণ কৰি এটা স্মাৰক নিৰ্মাণ লগতে আটকধুনীয়াকৈ গৱেষণা কেন্দ্ৰ, সংগ্ৰহালয় নিৰ্মাণ কৰিবলৈ দাবী উত্থাপন কৰিছে।

Related Articles