Breaking

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ প্ৰেক্ষাগৃহত অষ্টম বাৰ্ষিক লোকসেৱক হলধৰ ভূঞা স্মাৰক বক্তৃতানুষ্ঠান

0 149

নগাঁৱৰ সুযোগ্য সন্তান, সমাজ সচেতন ব্যক্তি, শ্ৰীমন্ত শংকৰদেৱ সংঘ প্ৰতিষ্ঠাৰ অন্যতম কাণ্ডাৰী লোকসেৱক হলধৰ ভূঞা স্মাৰক বক্তৃতানুষ্ঠান আজি অনুষ্ঠিত হয়। বিশ্ববিদ্যালয় সংগীত পৰিৱেশনেৰে শুভাৰম্ভ হোৱা গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত বন্তি প্ৰজ্বলন কৰে বিশ্ববিদ্যালয়ৰ আচাৰ্য তথা শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ পদাধিকাৰ ভবেন্দ্ৰনাথ ডেকা, উপাচাৰ্য অধ্যাপক মৃদুল হাজৰিকা, সঞ্চালক (বিত্ত আৰু পৰিকল্পনা) তথা মুখ্য সমন্বয়ক বাবুল বৰা, শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ প্ৰধান সম্পাদক কুশল ঠাকুৰীয়া, হলধৰ ভূঞাৰ পুত্ৰ মুকুত ভূঞাৰ লগতে উপস্থিত বিশিষ্ট ব্যক্তিসকলে৷

অষ্টম বাৰৰ বাবে আয়োজিত এই অনুষ্ঠানত আদৰণি ভাষণ আগবঢ়াই বিশ্ববিদ্যালয়খনৰ পঞ্জীয়ক অধ্যাপক মৃণাল কুমাৰ বৰাই৷ ইয়াৰ পিছতে হলধৰ ভূঞাৰ জীৱন আৰু পৰিক্ৰমাৰ আলোকপাত কৰে বিশ্ববিদ্যালয়ত হলধৰ ভূঞা স্মাৰক ন্যাস প্ৰতিস্থা কৰোঁতা তথা বিশ্ববিদ্যালয়ৰ প্ৰতিষ্ঠাপক পঞ্জীয়ক অধ্যাপক ৰাতুল চন্দ্ৰ বৰাই৷

“ব্ৰহ্মই একমাত্ৰ সত্য ৷ ব্ৰহ্মৰ বাহিৰে চৰাচৰ জগতৰ সকলো মিচা” অনুষ্ঠানত মুখ্য বক্তা হিচাপে অংশলৈ হোজাইস্থিত ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক অমলেন্দু চক্ৰৱৰ্তীয়ে এই মন্তব্য কৰে৷ উপাচাৰ্যগৰাকীয়ে “দৰ্শন ভাৱনাৰ পৰিপ্ৰৰেক্ষিতত শংকৰদেৱ আৰু শংকৰাচাৰ্য” শীৰ্ষক বিষয়ত এইবাৰৰ স্মাৰক বক্তৃতাটি প্ৰদান কৰে।

পাণ্ডিত্যপূৰ্ণ হলধৰ ভূঞাৰ প্ৰতি সশ্ৰদ্ধ সেৱা নিবেদি উপাচাৰ্যগৰাকীয়ে কয়, “ শংকৰাচাৰ্যৰ দৰ্শনত উপাসনাৰ সময়ত ইন্দ্ৰিয়ৰ স্থান নাই, কিয়নো ইন্দ্ৰিয়বোৰে উপাসনাৰ সময়ত একাগ্ৰতা ভংগ কৰে৷ কিন্তু, শংকৰদেৱে ইন্দ্ৰিয়ক নাকচ কৰা নাই, ইন্দ্ৰিয় সদায় ইশ্বৰ সেৱাত মগ্ন ৷ শংকৰদেৱ পৰিণামবাদত বিশ্বাসী আছিল৷ যি বৃহত্তৰ ব্ৰহ্মণ্ডৰ অংশ বুলি জ্ঞান কৰিছিল যদিও নিজকে কেতিয়াও ব্ৰহ্ম বুলি কোৱা নাছিল বুলিও উপাচাৰ্যগৰাকীয়ে তাৎপৰ্যপূৰ্ণ মন্তব্য আগবঢ়াই৷

ইংৰাজী বিভাগৰ সহকাৰী অধ্যাপক ড° জয়ন্ত মাধৱ তামুলীয়ে আঁতধৰা অনুষ্ঠানত সহকাৰী জনসম্পৰ্কৰক্ষী বিষয়া গৌৰী প্ৰসাদ শৰ্মাই শলাগৰ শৰাই আগবঢ়াই৷ অনুষ্ঠানত, ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়ৰ ভাৰপ্ৰাপ্ত পঞ্জীয়ক তিলক চন্দ্ৰ কলিতা, শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ কেন্দ্ৰীয় বিষয়-ববীয়া, বিশ্ববিদ্যালয়ৰ অধ্যাপক-অধ্যাপিকা, বিষয়া-কৰ্মচাৰী, ছাত্ৰ-ছাত্ৰীসকল উপস্থিত থাকে৷

Leave A Reply