Breaking

অসমৰ ভূখণ্ডত নগাৰ আগ্ৰাসন অব্যাহত । হাজাৰ হাজাৰ হেক্টৰ ভূমি নগাৰ দখলত । প্ৰহসনত পৰিণত অসম – নাগালেণ্ডৰ আন্তঃ ৰাজ্যিক সীমাৰ অন্তৰ্ৱৰ্তী চুক্তি ।

0 256
  • দিলীপ হাজৰিকা : নাজিৰা

 ১৯৬৩ চনত অসমৰ নগা পাহাৰ জিলাক সামৰি নাগালেণ্ডে  পৃথক ৰাজ্যৰ মৰ্যাদা লাভ কৰাৰ পৰৱৰ্তী সময়ত ৰাজ্যখনৰ উগ্ৰপন্থী এন এছ চি এন আৰু নগা চৰকাৰৰ পৃষ্ঠপোষকতাতে সীমান্তৱৰ্তী অসমৰ ভূখণ্ডত আগ্ৰাসন চলাই হাজাৰ হাজাৰ হেক্টৰ ভূমি হস্তগত কৰি অসমৰ ভূখণ্ড সংকুচিত কৰি আহিছে সেয়া নতুন কথা নহয় । এন এছ চি এন ( আই এম ) ৰ সৈতে কেন্দ্ৰীয় চৰকাৰে ফ্ৰেমৱৰ্ক চুক্তিৰ নীতিৰ তথ্যও অসম আৰু অসমীয়া জনগণক উদ্বিগ্ন কৰি ৰাখিছে । উল্লেখযোগ্য যে , অসম গণ পৰিষদৰ চৰকাৰৰ দিনত নাগালেণ্ডৰ বিৰুদ্ধে ৰাজ্য চৰকাৰে মাটি দখল সন্দৰ্ভত উচ্চতম ন্যায়ালয়ত ২/১৯৮৮ নম্বৰত গোচৰ তৰিছিল । কিন্তু আয়োগ গঠনৰ ৩২ বছৰ অতিক্ৰম কৰাৰ পিছতো নাগালেণ্ডে অবাধে দখল কৰা অসমৰ ভূমি সন্দৰ্ভত আজিও শুনানি নহ’ল । উল্লেখযোগ্য যে , দুয়োখন চুবুৰীয়া ৰাজ্যত স্থিতিৱস্থা  বাহাল থকাৰ স্বাৰ্থতে আৰু অসম চৰকাৰৰ সদিচ্ছাৰ বাবেই ১৯৭২ চনতে দুয়োখন ৰাজ্যৰ মাজত হৈছিল অন্তৱৰ্তীকালীন এখন চুক্তি । এই চুক্তি হোৱাৰ ৪৮ বছৰে কোনো এখন চৰকাৰে চুক্তিখন এবাৰলৈ পৰ্যালোচনা নকৰিলে । ১৯৭২ চনৰ মাৰ্চ আৰু এপ্ৰিল মাহত নাগালেণ্ড আৰু অসম চৰকাৰৰ মাজত চাৰিখনকৈ অন্তৱৰ্তীকালীন চুক্তি সম্পাদিত হৈছিল । ইয়াৰে ১৯৭২ চনৰ ২ এপ্ৰিলত হোৱা চুক্তিখনৰ ৫ নং দফাত উল্লেখ আছিল দিচৈ , অভয়পুৰ , দৈয়াং আৰু গেলেকী সংৰক্ষিত বনাঞ্চল হিচাপে সংৰক্ষিত হৈ থাকিব । লগতে এই বনাঞ্চল কেইখনত কোনো লোকক বহিবলৈ অথবা বেদখল কৰিবলৈ দিয়া নহ’ব । লগতে চুক্তিখনত এইকথাও উল্লেখ আছিল যে, যিকোনো বেদখল।উচ্ছেদ কৰিবলৈ অসম চৰকাৰৰ কৰ্তৃত্ব থাকিব । আনহাতে অসম চৰকাৰে ” ডিষ্টাৱৰ্ড এৰিয়া ” বুলি সীমান্তৰ বনাঞ্চল সমূহক যোৱা ৭/৭৮৯ পী এল / এ ( বি চি ) ৫৮/৮৭/১০৬ আৰু ৬/৩/৯০ পি এল এ ( বি চি ) ৫৮/৮৭/১২৩ নম্বৰৰ দুখন জাননী জাৰি কৰি ঘোষণা দিয়া অনুসৰি বন বিভাগৰ দ্বাৰা বেদখল ৰোধ কৰাৰ ক্ষমতা চৰকাৰে কৰ্তন কৰে । এনে অৱস্থাত বন বিভাগৰো বেদখন প্ৰতিৰোধ কৰাৰ ক্ষেত্ৰত হাত – ভৰি বন্ধা আৰু চৰকাৰেও নিজাববীয়াকৈ অন্তৱৰ্তীকালীন চুক্তি অনুযায়ী নাগালেণ্ডৰ অথবা বেদখল প্ৰতিৰোধ কৰাৰ কৰ্তৃত্ব পালন কৰাত ব্যৰ্থ হোৱাত নাগালেণ্ডে চৰকাৰী ভাৱেই চুক্তি উলংঘা কৰি অসমৰ ভূখণ্ডৰ মাটি বেদখলেৰে প্ৰভূত্ব সাব্যস্ত কৰি আহিছে । আনকি বিবদমান বুলি ঘোষণা কৰা সীমান্তৰ ভূখণ্ডত বাট — পথ নিৰ্মাণ , গিৰ্জা , স্কুল , খোৱা পানী প্ৰকল্প , চাহবাগিচা , চৰকাৰী কাৰ্যালয় আদি স্থাপন কৰি আগ্ৰাসন অব্যাহত ৰাখিছে । অথচ অসম চৰকাৰে ইয়াৰ প্ৰতিৰোধ ব্যৱস্থা গ্ৰহণ কৰিব পৰাটো দূৰৰে কথা , অন্তৱৰ্তীকালীন চুক্তিখনো সম্প্ৰতি প্ৰহসনত পৰিণত কৰিলে । সীমান্ত এলেকাত যেতিয়া উভয় ৰাজ্যৰ মাজত সংঘৰ্ষ আদি ঘটনা অথবা হত্যা , অপহৰণ আদি ঘটনা সংঘটিত হয় সেই সময়ত চৰকাৰে সমস্যা নিষ্পত্তি নকৰাকৈয়ে স্থিতাৱস্থা বাহাল ৰখাৰ কথা পোষকতা কৰি মূৰ পোলোকা মাৰি দায় সৰাৰ বাদে আন একো সমস্যা সমাধান কৰিব পৰা নাই ।

১৯৬৩ চনত নাগালেণ্ডে সুকীয়া ৰাজ্যৰ মৰ্যাদা পোৱাৰ পাছত সীমান্ত নিৰাপত্তাৰ বাবে সুন্দৰম আয়োগে অন্তৱৰ্তীকালীন চুক্তি , আয়ুক্ত পৰ্যায়ৰ আলোচনা , মন্ত্ৰী পৰ্যায়ৰ আলোচনা , উপায়ুক্ত পৰ্যায়ৰ আলোচনা আদি বহু আলোচনা হ’ল , কিন্তু আজিও দুয়োখন ৰাজ্যৰ সীমা সমস্যাটো সমাধানৰ কোনো সূত্ৰ নোলাল । সীমাৰ ক্ষেত্ৰত অসমে সাংবিধানিক সীমা আৰু নাগালেণ্ডে ঐতিহাসিক সীমাক পোষকতা কৰি অহাৰ বাবেই দুয়োখন ৰাজ্যৰ মাজত অন্তৱৰ্তীকালীন চুক্তি ৰক্ষা হোৱা নাই । অন্যান্য ৰাজ্যৰ তুলনাত অসমৰ মাটিত নাগালেণ্ডৰ সংঘাত বেছি আৰু নাগালেণ্ডেই সৰ্বাধিক মাটি বেদখল কৰিছে অসমৰ । ইতিপূৰ্বে সীমা বিবাদৰ বাবেই সংঘটিত হৈছে গেলেকী আৰু মেৰাপানী কাণ্ড । আনহাতে নাগালেণ্ডৰ যুদ্ধ বিৰত উগ্ৰপন্থী সংগঠন এন এছ চি এন ( আই এম ) য়ে শিৱসাগৰ , যোৰহাট , গোলাঘাট জিলাৰ লগতে কাৰ্বি আংলং জিলাৰ বৃহৎ এলেকা নাগালিমত অন্তৰ্ভুক্ত কৰি লোৱাত অসমৰ মানচিত্ৰ ক্ৰমে সংকোচিত হৈ পৰিছে । তদুপৰি নাগালিম গঠনৰ বাবে নগা উগ্ৰপন্থীয়ে বিদ্ৰোহ চলাই থকা আৰু নাগালেণ্ড চৰকাৰৰ ভূমিকাও উগ্ৰপন্থীৰ দৰেই একে হৈ পৰাত প্ৰতিদিনে বৃদ্ধি পাইছে নাগালেণ্ডৰ ভৌগোলিক সীমা আৰু তাৰ বিপৰীতে সংকোচিত হ’বলৈ ধৰিছে অসমৰ ভূখণ্ড । উল্লেখযোগ্য যে , নাগালেণ্ডে শিৱসাগৰ জিলাৰ নাজিৰা মহকুমাৰ গেলেকী সংৰক্ষিত বনাঞ্চলৰ ৪০০০ হেক্টৰ মাটিকে ধৰি ৬৬,২৪১ হেক্টৰ মাটি , যোৰহাট জিলাৰ ১৯,৭৭৭.৬৩ হেক্টৰ , গোলাঘাট জিলাৰ৪১,৯৮৫ হেক্টৰ আৰু কাৰ্বি আংলং জিলাৰ ২০০ হেক্টৰ মাটি বেদখল কৰাৰ উপৰি যোৰহাট জিলাৰ সংৰক্ষিত বনাঞ্চলৰ তিৰু হিলছত ৪৮২৯.১৫ হেক্টৰ , দিচৈ বনাঞ্চলৰ ১৫৩২.৩৪ হেক্টৰ , দিচৈ ভেলীৰ ১৩,৩২২ হেক্টৰ , গোলাঘাট জিলাৰ ডিফু সংৰক্ষিত বনাঞ্চলৰ ২৭,২৯৩ হেক্টৰ দক্ষিণ নামবৰ বনাঞ্চলৰ ১৪,৩৬০ হেক্টৰ , ৰেংমা বনাঞ্চলৰ ৯,৯৩৫ হেক্টৰ , দৈয়াং বনাঞ্চলৰ ৩৯৭ হেক্টৰ , কাৰ্বি আংলং জিলাৰ দলদলি বনাঞ্চলৰ ১০ হেক্টৰ মাটি ইতিমধ্যে বেদখল কৰিলে । অথচ ১৯৬৩ চনৰ পৰা প্ৰতিখন চৰকাৰেই হাত সাবটি বহি থাকিল । অসম গণ পৰিষদ চৰকাৰৰ দিনতে ১৯৮৮ চনত নাগালেণ্ডে অসমৰ মাটি বেদখল কৰাৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত ২/১৯৮৮ নম্বৰত গোচৰ ৰুজু কৰে আৰু উচ্চতম ন্যায়ালয়ে এই বিষয়ত অৱসৰপ্ৰাপ্ত ন্যায়াধীশ এছ এন ডাৰিয়াডাৰৰ নেতৃত্বত তিনিজনীয়া এখন আয়োগ গঠন কৰি দিছিল । এই আয়োগে অসম – নাগালেণ্ডৰ সীমা বিবাদৰ শুনানি গ্ৰহণ কৰি থকাতে ব্যস্ত থকা অৱস্থাত নাগালেণ্ডৰ তৰফৰ পৰা অসমৰ সীমান্ত অঞ্চলৰ ভূখণ্ডত নগাৰ পুনৰ অব্যাহত থাকিল উপদ্ৰৱ , লুণ্ঠন আৰু বেদখলৰ সন্ত্ৰাস । উল্লেখযোগ্য যে১৯৭২ চনৰ ৩১ মাৰ্চত প্ৰথম খন অন্তৱৰ্তীকালীন চুক্তিৰ ৩ নং দফাত উল্লেখ আছে যে, গেলেকী সংৰক্ষিত বনাঞ্চলৰ সীমাত নগা আৰক্ষী চকী স্থাপনৰ কথা । তেনেদৰে ১ ,  ২ আৰু ৩০ নং দফাত গেলেকী , অভয়াপুৰ তিৰোপাহাৰ , দিচৈ , দিচৈ ভেলী আৰু দৈয়াং বনাঞ্চল সংৰক্ষিত বনাঞ্চল হিচাপে দুই ৰাজ্যৰ মাজত চুক্তি স্বাক্ষৰ হৈছিল । ১ নং দফা অনুযায়ী কাকডোঙা বনাঞ্চলৰ ইয়াংপাং , চামপাং , অ’ল্ড টি চি টি , নিউ টি চি টিত খেতি কৰিবলৈ অসম চৰকাৰে খিলঞ্জীয়াক অনুমতি দিছিল । কিন্তু নাগালেণ্ড চৰকাৰে এই সকলো চুক্তি উলংঘাৰে অসমৰ মাটিত নগা আৰক্ষীৰ শিবিৰ , গাওঁ , স্কুল , চাহ বাগিচা স্থাপনেৰে নিজৰ আগ্ৰাসন এতিয়াও অব্যাহত আছে । স্মন্তব্য যে ২০১১ বৰ্ষত লোকসভা নিৰ্বাচনৰ প্ৰাকমূহুৰ্ত্বত বি জে পি দলৰ যোৰহাট সংসদীয় সমষ্টিৰ প্ৰাৰ্থী কামাখ্যা প্ৰসাদ তাছাই নাজিৰাৰ ঐতিহাসিক ৰাজমাও পুখুৰীৰ পাৰত অনুষ্ঠিত এখন নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰি সংবাদ মাধ্যমৰ আগত ব্যক্ত কৰিছিল যে , ” মই যোৰহাটৰ , গতিকে ইয়াত নগাৰ সন্ত্ৰাস , আগ্ৰাসনৰ বিষয়ে ভালদৰে অনুধাৱন কৰো , সেয়ে কেন্দ্ৰত বি জে পি দলৰ চৰকাৰ গঠনৰ এমাহৰ ভিতৰত অসম — নাগালেণ্ডৰ সীমা সমস্যা টো স্থায়ী সমাধানৰ বাবে চৰকাৰক বাধ্য কৰাম ” । কিন্তু চৰম পৰিতাপৰ কথা যে , তাছাৰ সেই কথা গোমৰ ফাকহৈ থাকিল । আনহাতে জাতি – মাটি – ভেটি ৰ সুৰক্ষাৰ কথা কোৱা বৰ্তমানৰ শাসকীয় চৰকাৰৰ মন্ত্ৰী , বিধায়ক , সাংসদ সকলে এই সীমা সমস্যা সমাধানৰ ক্ষেত্ৰত কোনো পদক্ষেপ গ্ৰহণ কৰা নাই বুলি কলেও বঢ়াই কোৱা নহ’ব ।

Leave A Reply