Breaking

বিলাসীপাৰাত ধুবুৰী পূব জিলাৰ আক্ৰাছু, চিলাৰায় সেনা আৰু মহিলা সমিতিৰ উদ্যোগত কমতাপুৰ ৰাজ্যৰ পুনৰ গঠনৰ দাবীত ধৰ্ণা কাৰ্যসূচী

0 64

সদৌ ধুবুৰী পূব জিলাৰ কোচ  ৰাজবংশী ছাত্ৰ সন্থা(আক্ৰাছু), চিলাৰায় সেনা আৰু কোচ ৰাজবংশী মহিলা সমিতিৰ উদ্যোগত আজি ৰাতিপুৱা বিলাসীপাৰা মহকুমাধিপতি কাৰ্য্যালয়ৰ চৌহদত কোচ ৰাজবংশী জনগোষ্ঠীৰ জনজাতিকৰণ আৰু ঐতিহাসিক পৃথক কামতাপুৰ ৰাজ্য পুনৰ গঠনৰ দাবী‌ত ৩ তিনি ঘন্টা ধৰ্ণা কাৰ্যসূচী ৰুপায়ন কৰা হয়।

উক্ত কাৰ্যসূচীত কোচৰাজবংশী ছাত্ৰ সন্থা(আক্ৰাছু), চিলাৰায় সেনা আৰু কোচ ৰাজবংশী মহিলা সমিতিৰ কৰ্ম কৰ্তা সকলে উপস্থিত থাকি বিভিন্ন প্ৰতিধ্বনিৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।

লগতে বিলাসীপাৰা মহকুমাধিপতিৰজৰিয়তে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী ডাঙৰীয়া, গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া আৰু অসমৰ মুখ্য মন্ত্ৰীলৈ এখন স্মাৰক পত্ৰ প্ৰদান কৰে।

-জহিৰুল ইছলাম

Leave A Reply