Breaking

ধুপধৰাৰ আমবাৰীত শ্ৰী শ্ৰী দুধকোঁৱৰ দেৱালয়ত বাৰ্ষিক পূজাৰ সামৰণি…

0 20

গোৱালপাৰা জিলাৰ ধুপধৰা থানাৰ অন্তৰ্গত ধুপধৰাৰ আমবাৰীস্থ ঐতিয্য মণ্ডিত শ্ৰী শ্ৰী দুধকোঁৱৰ দেৱালয়ত সাত দিনিয়া বৰ্ণাঢ়্য কাৰ্যসূচীৰে বাৰ্ষিক পূজা মহোৎসৱ আৰু মেলা অনুষ্ঠিত কৰা হৈছে । ধৰ্মীয় পৰম্পৰাগত ৰীতি নীতিৰে যোৱা ১৩ এপ্ৰিলৰ পৰা ১৯ এপ্ৰিললৈ অনুষ্ঠিত হোৱা শ্ৰী শ্ৰী দুধকোঁৱৰ দেৱালয়ত পূজাৰ আজি সামৰণি। আজি ৰাতিপুৱাৰ পৰাই বৃহত্তৰ ধুপধৰা আমবাৰী অঞ্চলৰ লগতে ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰৰ ভক্তই হাতে হাতে নৈৱেদ্য দিবলৈ দুধকোঁৱৰ দেৱালয়ত আশীৰ্বাদ বিচাৰি ভিৰ কৰিছে দেৱালয়ত ।

পূজা পৰিচালনা সমিতি তথা আমবাৰী গাওঁ উন্নয়ন সমিতিৰ সভাপতি বেণুধৰ ৰায়, উপ সভাপতি চন্দন কুমাৰ ৰায়, আৰু সাধাৰণ সম্পাদক জ্যোতিষ ৰায়ে জনোৱা মতে আজি ৰাতিপুৱা ৭:৩০ বজাত পূজা আৰম্ভ আৰু বিগ্ৰহ দৰ্শন, ১১ বজাত দুধকোঁৱৰ দেৱালয়ত মহিলা সকলৰ দ্বাৰা নাম কীৰ্তন, বিয়লি ৩ বজাত অনিল কুমাৰ ৰায় উন্মোচন কৰে সাংস্কৃতিক অনুষ্ঠান আৰু বিয়ল ৪ একক আৰু দলীয় নৃত্য প্ৰতিযোগিতা অনুষ্ঠিত হয়।

পূজা আৰু মেলা কাৰ্যসূচী সমূহ নিকা আৰু শৃংখলাবদ্ধ ভাৱে পৰিচালনা কৰাত সহায় কৰে ভক্তি ৰায়, শ্যামা চৰন পাটোৱাৰী,ভূৱন পাটোৱাৰী, তৰুণ চন্দ্ৰ ৰায়,গনেশ ৰায়,দ্বীৰেন্দ্ৰ পাটোৱাৰী,হৰকুমাৰ দাস, মহেন্দ্ৰ ৰাভা,কৰ্মেশ্বৰ ৰায়,অমিয় কুমাৰ ৰায়, অনিল কুমাৰ ৰায় আৰু গোবিন্দ কলিতাৰ উপৰিও দুধ কোঁৱৰ দেৱালয়ৰ পূজা আৰু মেলা পৰিচালনা সমিতিৰ প্ৰত্যেক জন বিষয়ববীয়াই। কাৰ্যসূচী সমূহত সহায় সহযোগিতা আগবঢ়োৱা ধৰ্ম প্ৰান ৰাইজক ধন্যবাদ জ্ঞাপন কৰৰ লগতে কৃতজ্ঞতা জ্ঞাপন কৰে পূজা পৰিচালনা সমিতিয়ে।

Leave A Reply