Breaking

টিহুৰ নালন্দা পাব্লিক স্কুলৰ বাৰ্ষিক স্কুল সপ্তাহৰ সফল সামৰণি…

0 177

টিহুৰ নালন্দা পাব্লিক স্কুলৰ বাৰ্ষিক স্কুল সপ্তাহৰ সফল সামৰণি। টিহুৰ আগশাৰীৰ বিদ্যালয় নালন্দা পাব্লিক স্কুলৰ বাৰ্ষিক স্কুল সপ্তাহ সুকলমে সম্পন্ন হৈ যায়। স্কুল সপ্তাহ উপলক্ষে বিভিন্ন ধৰণৰ খেল ধেমালিৰ লগতে বাৰেৰহনীয়া সাংস্কৃতিক সন্ধিয়াৰো আয়োজন কৰা হৈছিল।

১৪ নৱেম্বৰৰ পৰা ২০ নৱেম্বৰলৈ আয়োজন কৰা স্কুল সপ্তাহৰ পতাকা উত্তোলন কৰে নালন্দা পাব্লিক স্কুলৰ অধ্যক্ষ নাৰায়ণ শৰ্মাই। স্কুল সপ্তাহ উপলক্ষে আয়োজন কৰা Inter House Cultural Competition তো ছাত্র ছাত্ৰীসকলে উন্নত মানদণ্ডৰ প্ৰদৰ্শন কৰে। আনহাতে ২০ নৱেম্বৰ সোমবাৰে বঁটা বিতৰণী অনুষ্ঠানত নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকে অসম লোকসভা আয়োগৰ প্ৰাক্তন সদস্য তথা বিশিষ্ট সাহিত্যিক ড০ নিৰঞ্জন কলিতা। উক্ত বঁটা বিতৰণী অনুষ্ঠানতে বিদ্যালয়ৰ বাৰ্ষিক মুখপত্ৰ skillora উন্মোচন কৰে নলবাৰী নালন্দা পাব্লিক স্কুলৰ অধ্যক্ষ অজয় কুমাৰ জৈনে।

Leave A Reply