Breaking

মাজুলীৰ আজলী আই বা-ভগা থানত বাৰ্ষিক থান সেৱা উৎসৱ সম্পন্ন

0 2,145

শ্ৰীমন্ত শংকৰদেৱ ,মাধৱদেৱ, গোপালদেৱ,অনিৰুদ্ধদেৱ আদি মহান গুৰুসকলৰ পুণ্যভূমি অসমত বৰদোৱা,বৰপেটা মাজুলীকে মুখ্য কৰি অলেখ আধ্যাত্মিক অনুষ্ঠান শদিয়াৰ পৰা ধুবুৰীলৈ ব্যাপ্ত হৈ  আধ্যাত্মিক ক্ষেত্ৰ হিচাবে জিলিকি আছে।


এই ক্ষেত্ৰত শ্ৰীশ্ৰী অনিৰুদ্ধদেৱে প্ৰতিষ্ঠা কৰা মায়ামৰা সত্ৰৰ প্ৰায় দুকুৰিৰো অধিক সত্ৰানুষ্ঠানে কাল সংহতি ধাৰাটো সাম্প্ৰতিক সময়তো সমৃদ্ধ কৰি ৰাখিবলৈ সক্ষম হৈছে।এটা সময়ত  সত্ৰীয়া সংস্কৃতিৰ প্ৰাণকেন্দ্ৰ মাজুলীত শ্ৰী শ্ৰী অনিৰুদ্ধদেৱ ,তেওঁৰ ভাতৃ  আৰু পুত্ৰসকলে মায়ামৰা থুলৰ, বা-ভগা,গুণাকটা,সাৰজান আদি সত্ৰ প্ৰতিস্থা কৰি সেইসময়ত সমাজৰ উপেক্ষিত আৰু অনাদৃত বিশেষকৈ কৈৱর্ত জনগোষ্ঠীৰ লোকসকলক ভক্তি ধৰ্মলৈ আদৰি আনি এখন শৃংখলাবদ্ধ আৰু সমন্বয়ৰ বৰসমাজ গঢ়াৰ যত্ন কৰিছিল।

ইয়াৰ ইতিহাস আৰু ঐতিহ্যৰ চিনস্বৰূপে মাজুলীৰ বৰ্তমান মেখেলিগাওঁত শ্ৰী শ্ৰী অনিৰুদ্ধ দেৱৰ মাতৃৰ নামেৰে আজলীআই থানে ইয়াৰ সাক্ষ্য বহন কৰি আহিছে । ১৬০১ খ্ৰীষ্টাব্দত প্ৰতিষ্ঠিত এই থানখনত অতীজৰে পৰা  বছৰৰ বিশেষকৈ মাঘমাহৰ প্ৰথমটো দেওবাৰত থানৰ সমীপৰ ঠাকুৰবাৰী, ডেকাশেনচোৱা, বালিচাপৰি,কাঠনিআটি,ভুৰামৰা আদি মায়ামৰা শিষ্য হৰিজি আই সকলে সামূহিক নামৰ যোগেদি থানত সেৱা আগবঢ়াই আহিছে ।

বৰ্তমান প্ৰতিবছৰে মাঘমাহৰ প্ৰথম দেওবাৰে অনুষ্ঠিত হোৱা সামূহিক “থানসেৱা” উৎসৱত অসমৰ ১৪ খন জিলাত সিচৰিত হৈ থকা মায়ামৰা ভক্ত সকলৰ উপৰিও জাতি,বৰ্ণ ,ধৰ্ম ,ভাষা নিৰ্বিশেষে লক্ষাধিক ভক্তৰ অংশগ্ৰহণৰে এখন অনন্য সুন্দৰ পুণ্যধামলৈ পৰ্যবেশিত কৰিছে।

এই থানত শৰাই আগবঢ়াই সেৱা কৰিলে ভক্তৰ মনৰ কামনা পূৰ হয় বুলি লোক বিশ্বাস আছে । এই বছৰো ১৭ জানুৱাৰী দেওবাৰে এদিনীয়াকৈ কাৰ্যসূচীৰে পৰম্পৰাগত ভাৱে বাৰ্ষিক থানসেৱা উৎসৱ প্ৰায় ত্ৰিশহাজাৰোধিক ভক্তৰ সমাগমৰ মাজেৰে সম্পন্ন হয়। 

Leave A Reply