Breaking

উৎকণ্ঠা আৰু অপেক্ষাৰ অন্ত ! পাঁচ ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ দিন ঘোষণা কৰিলে নিৰ্বাচন আয়োগে…

0 43

উৎকণ্ঠা আৰু অপেক্ষাৰ অন্ত
পাঁচ ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ দিন ঘোষণা কৰিলে নিৰ্বাচন আয়োগে

উৎকণ্ঠা আৰু অপেক্ষাৰ অন্ত পৰিল। লোকসভা নিৰ্বাচনৰ পূৰ্বে দেশৰ পাঁচ খন ৰাজ্যত অনুষ্ঠিত হ’বলগীয়া বিধানসভা নিৰ্বাচনৰ দিন আজি ভাৰতৰ নিৰ্বাচন আয়োগে ঘোষণা কৰিলে। দিল্লীত আয়োজিত এখন সংবাদমেলযোগে মধ্যপ্ৰদেশ, ৰাজস্থান, ছত্তীশগড়ৰ নিৰ্বাচনৰ দিন ঘোষণা কৰে আয়োগে৷তেলেংগানা, মিজোৰামৰ নিৰ্বাচনৰো সূচী ঘোষণা কৰে নিৰ্বাচন আয়োগে৷


সংবাদমেলযোগে সূচী ঘোষণা কৰে নিৰ্বাচন আয়োগৰ৷ মধ্য প্ৰদেশত ১৭ নৱেম্বৰত এটা পৰ্যায়ত অনুষ্ঠিত হ’ব ভোটগ্ৰহণ৷ একেদৰে মিজোৰামত ৭ নৱেম্বৰত এটা পৰ্যায়ত অনুষ্ঠিত হ’ব ভোটগ্ৰহণ৷ ৰাজস্থানত ২৩ নৱেম্বৰত, তেলেংগানাত ৩০ নৱেম্বৰত এটা পৰ্যায়ত অনুষ্ঠিত হ’ব ভোটগ্ৰহণ৷ ছত্তীশগড়ত ৭, ১৭ নৱেম্বৰত দুটা পৰ্যায়ত অনুষ্ঠিত হ’ব ভোটগ্ৰহণ প্ৰক্ৰিয়া ৷ আনহাতে, ৫ ৰাজ্যৰ ফলাফল ঘোষণা হ’ব ৩ ডিচেম্বৰত৷ উল্লেখযোগ্য যে মধ্যপ্ৰদেশত ২৩০ আসন, ছত্তীশগড়ত ৯০ আসনত, ৰাজস্থানত ২০০, তেলেংগানাত ১১৯ আসনত অনুষ্ঠিত হ’ব নিৰ্বাচন৷

উত্তৰ-পূবত মিজোৰামত ৪০খন আসনত হ’ব নিৰ্বাচন৷ পাঁচ ৰাজ্যৰ মুঠ ৬৭৯ আসনৰ বাবে হ’ব ভোটগ্ৰহণ প্ৰক্ৰিয়া৷ পাঁচোখন ৰাজ্যৰ মুঠ ১৬ কোটি ভোটাৰে সাব্যস্ত কৰিব ভোটাধিকাৰ৷ তাৰে ৮ কোটি পুৰুষ ভোটাৰ, মহিলা ভোটাৰ ৭.৮ কোটি৷ এই নিৰ্বাচনত ৬০ লাখ নতুন ভোটাৰে ভোটদান কৰিব বুলিও ঘোষণা ভাৰতৰ নিৰ্বাচন আয়োগৰ৷ইপিনে পাঁচো খন ৰাজ্যত সুকলমে নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ নিৰ্বাচন আয়োগে সংশ্লিষ্ট ৰাজ্য কেইখনক নিৰ্দেশনা প্ৰদান কৰিছে।

Leave A Reply