Breaking

সামৰণি পৰিল অসম ভাওনা সমাৰোহ-২০২৪

0 68

ভাওনা অসমীয়া সমাজৰ অবিচ্ছেদ্য অংগ, ভাওনা অবিহনে অসমীয়া সমাজ পৰিপূৰ্ণ নহয়। ভাওনাই আমাক নৈতিক, আধাত্মিক, শিক্ষা দিয়ে- ১৮ জানুৱাৰীৰ পৰা মাজুলীৰ আউনীআটী সত্ৰৰ উদ্যোগত মণিকাঞ্চন ৰংগ ক্ষেত্ৰত অনুষ্ঠিত হোৱা অসম ভাওনা সমাৰোহ ২০২৪ৰ মঙলবাৰে সমাবৰ্তন আৰু বঁটা বিতৰণ অনুষ্ঠানত সভাপতি আসন গ্ৰহণ কৰি উদযাপন সমিতিৰ সভাপতি ড॰ পীতাম্বৰ দেৱ গোস্বামীয়ে এনেদৰে কয়।

লগতে ভাওনাৰ আঠটা ভাগৰ বিষয়ে সভাত অৱগত কৰে। ভাওনাৰ অবিচ্ছেদ্য চাৰিটা অংগ বিষয়ে বিস্তৃত ভাবে দাঙি ধৰে আৰু কয় ভাওনা সমাৰোহে মানুহক কেনেকৈ পৰিশোধিত ৰূপ দিয়ে এয়ে এই ভাওনা সমাৰোহৰ নিদৰ্শন।ভাওনাত লোকৰঞ্জন আছে বাবেই হাজাৰ হাজাৰ লোকৰ সমাগত হৈছে বুলি মন্তব্য কৰি ভাওনাৰ জৰিয়তে ভাগ ভাগ হোৱা সমাজখনক একগোট কৰিব পাৰিছে, ভাওনাই আমাক সামগ্ৰিক ভাৱে সচেতন কৰা শিক্ষা দিয়ে বুলি উল্লেখ কৰে।

উদযাপন সমিতিৰ প্ৰধান সম্পাদক তুলসী ৰাজখোৱাই আঁত ধৰা সমাবৰ্তন অনুষ্ঠান উদ্বোধন কৰে আউনীআটী বিশ্ব বিদ্যালয়ৰ উপাচাৰ্য ড॰ ডম্বৰুধৰ নাথে। উদ্বোধন কৰি নাথে সমাবৰ্তনৰ দৰ্শন সম্পৰ্কত এটি কাহিনীৰ আধাৰত বিস্তৃত ভাবে দাঙি ধৰে। এই সমাবৰ্তন আধাৰত যি সকলে কৃতিত্ব অৰ্জন কৰিছে সেই সকলেই কৃতিত্বৰ যোগ্য বুলি মন্তব্য কৰে। ভাওনা দৰ্শন সম্পৰ্কত পৰম দৰ্শনৰ ওপৰত গুৰুত্বপূৰ্ণ মন্তব্য দি কয় পৰম দৰ্শন প্ৰাপ্তিৰ জৰিয়তে ভাওনাৰ মূল প্ৰাপ্ত হয় আৰু সেই পৰম দৰ্শন প্ৰাপ্তৰ বাবে যিসকলে অভিনয় কৰি আমাক আমোদ দিলে সেই সকলো কৃতিত্বৰ যোগ্য বুলি উল্লেখ কৰে। লগতে আমাৰ গুৰু সকলৰ বিষয়ে চৰ্চা হব লাগে বুলি উল্লেখ কৰি ড॰ পীতাম্বৰ দেৱ গোস্বামীৰ প্ৰচেষ্টাত আউনীআটী সত্ৰৰ উদ্যোগত অনুষ্ঠিত এই অনুষ্ঠানে সংস্কৃতি প্ৰসাৰৰ বাবে বহু খিনি কৰিছে বুলি কয়।


ইয়াৰ পাছতেই আউনীআটী সত্ৰৰ উদ্যোগত প্ৰদান কৰি অহা শংকৰদেৱ গৱেষণা বঁটা আউনীআটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড॰ ডম্বৰুধৰ নাথক সত্ৰাধিকাৰ তথা উদযাপন সমিতিৰ সভাপতি পীতাম্বৰ দেৱ গোস্বামীয়ে প্ৰদান কৰে। বঁটা প্ৰদান কৰি সত্ৰাধিকাৰগৰাকীয়ে কয়- শংকৰদেৱৰ গৱেষণা মূলক গ্ৰন্থ চৰ্চা, সত্ৰীয়া সংস্কৃতিৰ বিষয়ে প্ৰচাৰত অৰিহণা যোগোৱাৰ বাবে নাথক এই বঁটা প্ৰদান কৰা হৈছে। এই বঁটাত আছে মান পত্ৰ, সত্ৰৰ বেতৰ বিচনী, চেলেং, সঁফুৰা, গ্ৰন্থ, নগদ ধন। সভাতেই মাজুলীৰ নতুন কমলাবাৰী সত্ৰৰ সত্ৰীয়া প্ৰভাত বৰা বুঢ়াভকত ভাওনা ৰত্ন আৰু দীনেশ শইকীয়াক ভাওনা মহীয়ান বঁটা সত্ৰাধিকাৰ ড॰ পীতাম্বৰ দেৱ গোস্বামী আৰু ডেকা সত্ৰাধিকাৰ দেৱানন্দ দেৱ গোস্বামীয়ে প্ৰদান কৰে।

১৩ দিনীয়াকৈ অনুষ্ঠিত হোৱা এই ভাওনা সমাৰোহ খনিৰ প্ৰতিযোগিতাত মুঠ ২৪টা দলে অংশগ্ৰহণ কৰিছিল। মঙলবাৰে ঘোষণা কৰা ফলাফল অনুসৰি শ্ৰেষ্ঠ ভাওনা দল আমগুৰি মণিকাঞ্চন ভাওনা দলৰ কুমাৰ হৰণ, দ্বিতীয় শ্ৰেষ্ঠ ভাওনা দল নাজিয়াৰ শংখধ্বনি শিল্পী সমাজৰ ৰঘুকুলমণি, তৃতীয় শ্ৰেষ্ঠ ভাওনা দল যোৰহাট শ্ৰীমন্ত শংকৰ মাধৱ গোষ্ঠীৰ যযাতিৰ জড়াপ্ৰাপ্তি, পুৰুৰ ৰাজ অভিষেক, চতুৰ্থ স্থান মাজুলীৰ বৃন্দাবন যুৱ শিল্পী সমাজৰ কচ দেৱযানী, পঞ্চম স্থান উষাপুৰ, দুলীয়াজনৰ শংখধ্বনি নাট্য গোষ্ঠীৰ অতনুৰ তনু লাভ, ষষ্ঠ স্থান নামনি মাজুলীৰ সিন্ধুৰা শিল্পী সমাজৰ কেশী মৰ্দন পুৰুৰবা উপাখ্যান। সপ্তম স্থান, নিলিখ সুদৰ্শন নাট্য গোষ্ঠীৰ ৰোচনাৰ সমন্বয়, ৰুক্মবীৰৰ মুক্তিলাভ ভাওনাই শ্ৰেষ্ঠ হয়।

ইফালে গায়ন বায়ন শ্ৰেষ্ঠ দল গড়মূৰ মাজুলীৰ শ্ৰী শ্ৰী কৃষ্ণ চন্দ্ৰ দেৱ গোস্বামী সাংস্কৃতিক গোষ্ঠী, দ্বিতীয় শ্ৰেষ্ঠ নাট্য দল সিন্ধুৰা শিল্পী সমাজ,মাজুলী। তৃতীয় শ্ৰেষ্ঠ মুৰাৰী গড়েহগা আঞ্চলিক ভাওনা দল উত্তৰ লক্ষীমপুৰ। ফলাফলত শ্ৰেষ্ঠ পুৰুষ চৰিত্ৰ ‘ৰাৱন ৰঘুকুলমণি-উৎপল খনিকৰ; দ্বিতীয় যুটীয়াভাৱে ‘যযাতি’ যযাতিৰ জড়াপ্ৰাপ্তি-লাটুমণি শইকীয়া,আৰু ‘ৰত্নাকৰ’ দস্যু ৰত্নাকৰৰ-লুনু নেওগে লাভ কৰে। তৃতীয় ভীষ্ম শ্ৰী কৃষ্ণৰ বিৰাট ৰূপ দৰ্শন ভাওনাৰ।

স্ত্ৰী চৰিত্ৰৰ শ্ৰেষ্ঠ- তাৰা চৰিত্রত বিতোপন কাকতি, দ্বিতীয় সুদেষ্ণা চৰিত্ৰত অবিনাশ শইকীয়া, তৃতীয় দেৱযানী চৰিত্ৰত পংকজ দত্ত। শিশু চৰিত্ৰৰ প্ৰথম লৱ কুশ যুটীয়াভাৱে ৰাজদ্বীপ বৰা, দেৱাশীষ দত্ত, দ্বিতীয় লতী চৰিত্ৰত, কংকণজ্যোতি বৰা, শ্ৰেষ্ঠ পুৰুষ পাশ্ব চৰিত্ৰত সম্বৰাসুৰ মন্টু বৰা শ্ৰেষ্ঠ হয়।

স্ত্ৰী চৰিত্ৰৰ শ্ৰেষ্ঠ- (তাৰা) বিতোপন কাকতি

শ্ৰেষ্ঠ ভগৱান চৰিত্ৰত শ্ৰী কৃষ্ণৰ বিৰাট ৰূপ ধাৰণ, শোভম দত্ত, শ্ৰেষ্ঠ নাৰদ বিদ্যুৎ মহন্ত, সূত্ৰধাৰ প্ৰথম প্ৰগতিশীল সাংস্কৃতিৰ যুৱ সংঘ টিয়ক পাৰ্থপ্ৰতিম বৰা, দ্বিতীয় শ্যামকানু নাট্য গোষ্ঠী শিৱসাগৰৰ মিলনজ্যোতি বৰগোহাঁই, তৃতীয় কিস্কিন্ধ্যা বিজয় নাটক ধিতাই পুখুৰীৰ ত্ৰিদিপ দত্ত। শ্ৰেষ্ঠ নাট্যকাৰ সন্মান অতনু তনু লাভ নাটকৰ পীতাম্বৰ দেৱ গোস্বামীলৈ, শ্ৰেষ্ঠ পৰিচালকৰ মণিকাঞ্চন ভাওনা দল আমগুৰিৰ উৎপল খনিকৰ, সৌৰভ শইকীয়া, শ্ৰেষ্ঠ মুখা শিল্পী ভোমোৰামুখ -মণিকাঞ্চন ভাওনা দল আমগুৰি। শ্ৰেষ্ঠ বায়ন-সমুদ্ৰ হাজৰিকালৈ, শ্ৰেষ্ঠ গায়ন-দিৱজ্যোতি শইকীয়া।

সমাৰোহ খনিত ৰূপসজ্জা, বিচাৰক বিশেষ বঁটা, নিচুকনি বঁটা আদিৰো ঘোষণা আৰু বঁটা প্ৰদান কৰা হয়। মিচিং জনগোষ্ঠী ১নং বৰগঞা অবিৰত সাংস্কৃতিৰ গোষ্ঠীয়ে পৰিৱেশন কৰা শ্ৰী শ্ৰী বামণ অৱতাৰ নাটকক নিচুকনি বঁটা প্ৰদান কৰে। ঘোষক দীপক বৰুৱাই ঘোষণা কৰা ভাওনা সমাৰোহ খনিৰ ফলাফল অনুষ্ঠানত ভাওনা চন্দ্ৰ আৰু ভাওনা সূৰ্য পূৰ্বে ঘোষণা কৰা পুৰস্কাৰ প্ৰাপকক সভাতেই বঁটা প্ৰদান কৰা হয়। অনুষ্ঠানতেই মাজুলী নিমাতী মাজত চলাচল কৰা ফেৰী সেৱাৰ চাৰিজনকৈ আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ কৰ্মচাৰীক সম্বৰ্ধনা জনায় সত্ৰাধিকাৰ ডo পীতাম্বৰ দেৱ গোস্বামীয়ে।ভাওনা সমাৰোহ খনিলৈ অহাৰ ক্ষেত্ৰত ফেৰী কৰ্মচাৰী সকলে সুবিধা কৰি দিয়া পৰিপ্ৰেক্ষিতত এই সম্বৰ্ধনা জনোৱা হয় বুলি জানিবলৈ দিয়ে।


ভাওনা সমাৰোহ খনৰ উদযাপন সমিতিৰ প্ৰধান সম্পাদকতুলসী ৰাজখোৱাৰ উদ্দেশ্য বাখ্যাৰে আৰম্ভ হোৱা সমাবৰ্ত অনুষ্ঠানটিত ফলাফল লাভ কৰা সকলো দলৰ লগতে পুৰস্কাৰ প্ৰাপ্ত সকলোকে সভাতেই উদযাপন সমিতিৰ সভাপতি তথা সত্ৰাধিকাৰ ড॰ পীতাম্বৰ দেৱ গোস্বামীয়ে বঁটা প্ৰদান কৰে।সমাৰোহ খনিত মাজুলীৰ সাংবাদিক সকলে প্ৰচাৰ প্ৰসাৰৰ ক্ষেত্ৰত আগবঢ়োৱা সেৱাৰ বাবে সাংবাদিক সকলক উদযাপন সমিতিৰ তৰফৰ পৰা সমাৰোহৰ উদযাপন সমিতিৰ সভাপতি ড॰ পীতাম্বৰ দেৱ গোস্বামীয়ে মান পত্ৰ আৰু সমাৰোহৰ স্মৃতিগ্ৰন্থৰে সম্বৰ্ধনা জনায়।সমাবৰ্তন অনুষ্ঠান বহু কেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

Leave A Reply