Breaking

পশ্চিমবংগৰ ত্ৰিকোণীয়া ক্ৰিকেট প্ৰতিযোগিতাৰ বাবে গুৱাহাটীত অসম দৃষ্টিহীন মহিলা ক্ৰিকেট দলৰ প্ৰশিক্ষণ

0 69

গুৱাহাটীৰ মাছখোৱা ঈদগাহ ফিল্ডত ২৭ এপ্ৰিলৰ পৰা ৩০ এপ্ৰিললৈ বেচৰকাৰী সংস্থা কেয়াৰ ইউ ৩৬৫ৰ উদ্যোগত অসম দৃষ্টিহীন মহিলা ক্ৰিকেট দলৰ এটা প্ৰশিক্ষণ শিবিৰ অনুষ্ঠিত হয়।

অহা ৫ মে’ৰ পৰা ৮ মে’লৈ পশ্চিমবঙ্গৰ শিলিগুৰিত পশ্চিমবংগ, ঝাৰখণ্ড আৰু অসমৰ মাজত হ’বলগীয়া ত্ৰিকোণীয়া ক্ৰিকেট প্ৰতিযোগিতাৰ বাবে এই শিবিৰৰ আয়োজন কৰা হয়। নগাঁও, শোণিতপুৰ, মৰিগাঁও, বাক্সা, লক্ষীমপুৰ আৰু গোলাঘাট জিলাৰ মুঠ ১৪ গৰাকী খেলুৱৈয়ে এই প্ৰশিক্ষণ শিবিৰত অংশগ্ৰহণ কৰে।

আসন্ন ত্ৰিকোণীয়া প্ৰতিযোগিতাত অসম দলে ভাল ফল প্ৰদৰ্শন কৰিবলৈ সক্ষম হ’ব বুলি এই শিবিৰৰ প্ৰশিক্ষক নিশান্ত বলিয়ানে আশা প্ৰকাশ কৰিছে। উল্লেখযোগ্য যে অসম মহিলা দৃষ্টিহীন ক্ৰিকেট দলত নগাঁৱৰ শংকৰ মিছন দৃষ্টিহীন উচ্চ মাধ্যমিক বিদ্যালয়ৰ কেইবাগৰাকীও ছাত্ৰী আছে।

প্ৰশিক্ষণ শিবিৰত প্ৰকল্প প্ৰবন্ধক সুশীল পৌৰেল, দিবেন বৰা, ৰঞ্জন গোস্বামী আৰু কেয়াৰ ইউ ৩৬৫ৰ কেইবাগৰাকীও বিষয়ববীয়াই অংশ লয়। উল্লেখযোগ্য যে সুৰুজমল জোহৰমল সংগানেৰীয়া ধৰমশালা ট্ৰাষ্টে ২০১৩ চনৰ পৰাই এই দৃষ্টিহীনসকলৰ বাবে বিনামূলীয়া থকা-খোৱাৰ ব্যৱস্থা কৰি আহিছে।

লগতে সৈনিক স্কুল, গোৱালপাৰাৰ অ’ল্ড বয়জ সন্থাই (১৯৮১-৮২ বেটচ) এবছৰৰ বাবে দৃষ্টিহীন ক্ৰিকেট দলটোৰ প্ৰতি সহায়ৰ হাত আগবঢ়োৱাৰ দায়িত্ব লৈছে।

স্মৰ্তব্য যে অসমত দৃষ্টিহীন ক্ৰিকেট খেলৰ প্ৰচাৰ আৰু প্ৰসাৰৰ লগতে তেওঁলোকক আগবঢ়াই লৈ যোৱাৰ ক্ষেত্ৰত কেয়াৰ ইউ ৩৬৫ এ দীৰ্ঘদিন ধৰি কাম কৰি আহিছে। অসমৰ পুৰুষ আৰু মহিলা দৃষ্টিহীন ক্ৰিকেট দল দুটাই ইতিমধ্যে বিভিন্ন প্ৰত্যাহ্বানৰ মাজতো ৰাষ্ট্ৰীয় পৰ্যায়ত অংশগ্ৰহণ কৰি সুনাম অৰ্জন কৰিবলৈ সমৰ্থ হৈছে।

Leave A Reply