Breaking

মৰিগাঁৱত অসম প্ৰিমিয়াৰ ক্ৰিকেটৰ মধ্য অসম মণ্ডলৰ ফাইনেলৰ সফল সামৰণি

0 76

অসমৰ সুপ্ত ক্ৰিকেট প্ৰতিভাবোৰৰ সদব্যৱহাৰ কৰিবৰ বাবে আজিৰ পৰা ৬ বছৰৰ আগতে অসম ক্ৰিকেট সন্থাই গ্ৰহণ কৰা দূৰদৰ্শী আৰু ফলপ্ৰসু চিন্তাধাৰাৰ সুফল জিলা ক্ৰীড়া সন্থা সমূহে প্ৰত্যক বছৰেই আয়োজিত অসম প্ৰিমিয়াৰ ক্লাৱ চেম্পিয়নশ্বিপৰ জৰিয়তে লাভ কৰাটো পৰিলক্ষিত হৈছে৷ অসম ক্ৰিকেট সন্থাৰ এনে বলিষ্ঠ পদক্ষেপৰ অংশস্বৰূপে মৰিগাঁও জিলা ক্ৰীড়া সন্থাৰ সভাপতি ৰমাকান্ত দেউৰী আৰু সম্পাদক জিতু বৰদলৈ নেতৃত্বাধীন নৱনিৰ্বাচিত সমিতিখনে এখন ক্ৰিকেট উপসমিতিৰ জৰিয়তে ষষ্ঠ সংখ্যক অসম প্ৰিমিয়াৰ ক্লাৱ ক্ৰিকেটৰ মৰিগাঁও জিলা পৰ্য্যায়ৰ ১৫ খন খেল ক্ষীৰোদ বৰুৱা ষ্টেডিয়ামত নিৰ্মিত সুন্দৰ টাৰ্ফ উইকেটত সফলভাবে আয়োজন কৰাৰ পাছত বিগত ১৬, ১৭ আৰু ১৮ ফেব্ৰুৱাৰীত মধ্য অসম মণ্ডলৰ গ্ৰপ “বি”ৰ তিনিখন খেল ক্ৰমে গোলাঘাট, কলিয়াবৰ আৰু মৰিগাৱঁৰ আন্তঃক্লাব চেম্পিয়ন দল কেইটাৰ অংশগ্ৰহণেৰে অনুষ্ঠিত কৰে ৷

সুদক্ষ ক্ৰিকেট সংগঠক মানস প্ৰতীম পাটৰৰ দ্বাৰা সংগঠিত আৰু ৰাষ্ট্ৰীয় ক্ৰিকেট একাডেমীৰ লেভেল বি পৰীক্ষাত উত্তীৰ্ণ প্ৰশিক্ষক দ্বীপজ্যোতি দেৱনাথৰ জৰিয়তে প্ৰশিক্ষিত মৰিগাঁও জিলাৰ চেম্পিয়ন দল নিউ আৰ্ট প্লেয়াৰ্ছ ক্ৰিকেট ক্লাৱ বা নেপচিচিয়ে বিগত তিনিটা ছিজনৰ দৰে এইবছৰো সুন্দৰ আৰু সংঘবদ্ধ প্ৰদৰ্শন আগবঢ়াই একেৰাহে ৬ খন খেলত জয়ী হৈ মধ্য অসম মণ্ডলৰ গ্ৰুপ “বি”ৰ চেম্পিয়ন হিচাপে মাণ্ডলিক পৰ্য্যায়ৰ ফাইনেলত প্ৰৱেশ কৰি প্ৰথমবাৰৰ বাবে মৰিগাঁও জিলাৰ পৰা অসমৰ ১২ টা শীৰ্ষ ক্লাৱৰ অংশগ্ৰহণেৰে অনুষ্ঠিত হ’বলগীয়া অসম ক্লাৱ ক্ৰিকেট প্ৰতিযোগিতাৰ তৃতীয় ৰাউণ্ডত খেলাৰ যোগ্যতা আৰু গৌৰৱ অৰ্জন কৰিছে ৷

বিগত খেলসমূহত নিজৰ প্ৰদৰ্শনৰে নেপচিচিৰ হৈ উজলি উঠিছে বিশেষভাৱে প্ৰতিভাবান ক্ৰিকেটাৰ ক্ৰমে হীৰক জ্যোতি চৌধুৰী, ৰঞ্জিত চাংমাই ,ৰাহুল সিঙ তোমৰ, সঞ্জীব দত্ত, ছাদেক ইমৰাণ চৌধুৰী, সীমান্ত নেওগ ,ৰাহুল কলিতা, শ্বোহেইল ৰহমান আৰু উদীয়মান ক্ৰিকেটাৰ নীহাল বৈশ্যকে ধৰি অন্যান্য সকল ৷ বিগত ২৫ বছৰৰো অধিক কাল ধৰি মৰিগাঁও ক্ৰিকেট জগতলৈ ৭৫ জন সুদক্ষ আন্তঃজিলা ক্ৰিকেটাৰ সৃষ্টিত অনবদ্য বৰঙনি আগবঢ়াই অহা সুসংগঠিত নেপচিচিৰ এনে প্ৰদৰ্শনত জিলিকি উঠিছে মৰিগাঁও ক্ৰিকেটৰ উত্তৰণৰ যাত্ৰা৷

মৰিগাঁৱৰ ক্ষীৰোদ বৰুৱা স্টেডিয়ামত নেপচিচি, মৰিগাঁও আৰু গ্ৰুপ “এ”ৰ নগাঁও, বোকাখাত, তিতাবৰ আৰু হোজাই জিলাৰ মাজত অনুষ্ঠিত লীগৰ চেম্পিয়ন দল নগাঁৱৰ স্টাৰ স্পৰ্টিং ক্লাৱৰ মাজত কালি অনুষ্ঠিত হোৱা মধ্য অসম মণ্ডলৰ ফাইনেল খেলত নগাঁৱৰ স্টাৰ স্পৰ্টিং ক্লাবে তীব্ৰ প্ৰতিদণ্ডতাৰ অন্তত মৰিগাঁও নেপচি ক্লাবক ৪ উইকেটত পৰাস্ত কৰি মাণ্ডলীক চেম্পিয়ন হোৱাৰ গৌৰৱ অৰ্জন কৰে ৷

তিৱা স্বায়ত্ত্ব পৰিষদৰ মূখ্য কায্যবাহী সদস্য জীৱন চন্দ্ৰ কোঁৱৰ মূখ্য অতিথি হিচাপে উপস্থিত থকা বঁটা বিতৰণী সভাত অসম অলিম্পিক সন্থাৰ কোষাধ্যক্ষ তথা অসম হকী সন্থাৰ সম্পাদক তপন দাসে অসম প্ৰিমিয়াৰ ক্লাৱ চেম্পিয়নশ্বিপৰ তৃতীয় ৰাউণ্ডত প্ৰৱেশ কৰাৰ যোগ্যতা অৰ্জন কৰাৰ বাবে নগাঁৱৰ ষ্টাৰ স্পৰ্টিং ক্লাব আৰু মৰিগাঁৱৰ নেপচিচি ক্লাবলৈ অভিনন্দন জ্ঞাপন কৰাৰ লগতে ক্ৰিকেট উপসমিতিৰ তত্ত্বাৱধানত অসম ক্ৰিকেট সন্থাৰ ১৯ খন খেল সুন্দৰ ব্যৱস্থাপনাৰে আয়োজিত কৰাৰ বাবে মৰিগাঁও জিলা ক্ৰীড়া সন্থাৰ শলাগ লয় ৷

Leave A Reply