Breaking

ভাদমহীয়া হৰিনামৰ ধ্বনিৰে মুখৰিত হৈ পৰিছে মুম্বাইৰ প্ৰবাসী অসমীয়া…

0 1,250

এতিয়া পৱিত্ৰ ভাদ মাহ। ৰাজ্যজুৰি এতিয়া হৰিনামৰ ধ্বনিৰে মুখৰিত হৈছে নামঘৰ সত্ৰ সমূহ। বিশেষকৈ গুৰু দুজনাৰ তিথিৰ উপৰি ভগৱান শ্ৰীকৃষ্ণৰ জন্মমাহ হোৱাৰ বাবে মাহজুৰি চলা এনে ভক্তি অৰ্চনা আনন্দদায়ক হোৱাই নহয় আমাৰ জাতীয় সংস্কৃতিৰ পৰিচায়ক। এই ভাদ মাহ উপলক্ষে অসমবাসীৰ লগতে মুম্বাই স্থিত অসমীয়া সমাজ গগনা আছামিজ পিপলছ এছ’চিয়েচনে প্ৰথমবাৰৰ বাবে বিগত দেওবাৰ অৰ্থাৎ ২৮ আগষ্টৰ দিনা পৱিত্ৰ মাহটিৰ এষাৰি নাম প্ৰসংগ নামাচাৰ্য অনিল কুমাৰ দাসৰ তত্বাৱধানত আয়োজন কৰে।মুম্বাইৰ পূব কান্দিৱলীৰ চেফায়াৰ হাইটছৰ ক্লাব হাউচত অনুষ্ঠিত হোৱা ভাদমহীয়া নামভাগিলৈ অসমীয়া ৰাইজে কান্ধত গামোচা লৈ প্ৰকৃত নামঘৰীয়া সাজেৰে নাম প্ৰসংগ কৰে।

শেষত মীনাক্ষী বৰা আৰু গোপিনি সকলে বৰতালৰ সৈতে দিহানাম পৰিৱেশন কৰে লগতে হেমন্ত ভূঞা আৰু অমৃত প্ৰীতম দত্তৰ নাগাৰা আৰু অৰূপ গোহাঁইয়ে বাঁহীৰ সু-মধুৰ ধ্বনিৰে পৰিবেশ টো মুখৰিত কৰি গুৰুৰ চৰণত সেৱা লয়।এই নামভাগিত গগনা মুম্বাইৰ ৰুণা শৰ্মাই বিশেষভাৱে কান্দিৱলীৰ বিধায়ক অতুল ভাতখালকাৰক আৰু ৱাৰ্ড নং ২৭ৰ কৰ্পৰেটৰ সুৰেখা পাটিলক নিমন্ত্ৰণ কৰাত তেওঁলোকেও নামভাগিত উপষ্ঠিত থাকি আপ্লুত হোৱা বুলি জানিবলৈ দিয়ে।নামৰ শেষত মাহ প্ৰসাদ বিতৰণৰ লগতে বিশেষভাৱে উপষ্ঠিত থকা ব্যক্তিদ্বয়ক মাহ প্ৰসাদ, ফুলৰ টোৰা আৰু এখনি গলবস্ত্ৰৰে গগণাৰ তৰফৰ পৰা আদৰণি জনোৱা হয়।

শেষত, এমুঠি অন্নৰে সকলোকে আপ্যায়নো কৰা হয়‌। এই সমূহীয়া ভাদ নাম প্ৰসংগত প্ৰবাসী অসমীয়া সকলে অংশগ্ৰহণ কৰাৰ লগতে হৰিনামৰ আনন্দ উপভোগ কৰা পৰিলক্ষিত হয়।উল্লেখ্য যে গগনা আছামিজ পিপলছ এছ’চিয়েচনে এইদৰেই জন্মলগ্নৰে পৰা অসমীয়া সংস্কৃতিৰ প্ৰসাৰ আৰু প্ৰচাৰৰ যৎপৰোনাস্তি চেষ্টা কৰি আহিছে বুলি গগনাৰ সাধাৰণ সম্পাদক মাধূৰ্য্য নাৰায়ণ বৰাই জানিবলৈ দিয়ে।

Leave A Reply