Breaking

বিশিষ্ট কণ্ঠশিল্পী জুৱলি বৰুৱাক কণ্ঠশিল্পী ভিতালী দাস সোঁৱৰণী বঁটা প্ৰদান

0 130

২০২১ চনৰ ২১ এপ্ৰিল অসমৰ সংগীত জগতৰ বাবে এক বিষাদৰ দিন। কʼভিডত আক্ৰান্ত হৈ অকালতে চিৰদিনৰ বাবে আঁতৰি গৈছিল কণ্ঠশিল্পী ভিতালী দাস।অজস্ৰ গীতেৰে অসমৰ সাংস্কৃতিক পথাৰ জীপাল কৰা ভিতালী দাসৰ মৃত্যুৱে অসমৰ সংগীত জগত উকা কৰি থৈ গ’ল। এই গৰাকী মহান শিল্পীৰ আজি দ্বিতীয় মৃত্যু তিথি।

শিল্পী গৰাকীৰ দ্বিতীয় মৃত্যু তিথি উপলক্ষে আজি উত্তৰ গুৱাহাটী সাংবাদিক সন্থাৰ উদ্যোগত আৰু ৰাগশ্ৰী সংগীত মহাবিদ্যালয়ৰ সহযোগত গুৱাহাটী প্ৰেছ ক্লাবত দিনৰ ১১বজাত এখন বিশেষ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ লগতে প্ৰয়াত ভিতালী দাস সোঁৱৰণী বঁটা প্ৰদান কৰা হ’য় ।অনুষ্ঠানৰ আৰম্ভণিতে প্ৰয়াত ভিতালি দাসৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰে বিশিষ্ট সাহিত্যিক তথা কণ্ঠশিল্পী ডাঃঅঞ্জন জ্যোতি চৌধুৰী আৰু ৰাগশ্ৰী সংগীত মহাবিদ্যালয়ৰ অধ্যক্ষা পিংকু মণি চৌধুৰীয়ে। পুষ্পমাল্য অৰ্পণ কৰে দৈনিক অসম কাকতৰ সহকাৰী সম্পাদক বেদব্ৰত দেৱ মিশ্ৰ, বিশিষ্ট সাহিত্যিক ড০নন্দ সিং বৰকলা আৰু ‘কলম ‘ আলোচনীৰ মুখ্য সম্পাদক ড০ তাৰিণী কান্ত হালৈয়ে। উত্তৰ গুৱাহাটী সাংবাদিক সন্থাৰ কাৰ্য্যকৰী সদস্য উৎপল ৰঞ্জন মেধিয়ে আঁতধৰা আৰু উত্তৰ গুৱাহাটী সাংবাদিক সন্থাৰ সভাপতি দিগন্ত বৰদলৈয়ে আদৰণি ভাষণ প্ৰদান কৰা সভাৰ আৰম্ভণিতে ৰাগশ্ৰী সংগীত মহাবিদ্যালয়ৰ অধ্যক্ষা পিংকু মণি চৌধুৰী আৰু সংগীবৃন্দই সমবেত সংগীত পৰিবেশন কৰে।

সভাত মুখ্য অতিথিৰ ভাষণ প্ৰদান কৰে বিশিষ্ট কণ্ঠশিল্পী তথা চিকিৎসক ডাঃ অঞ্জনজ্যোতি চৌধুৰীয়ে। ডাঃ চৌধুৰীয়ে প্ৰয়াত ভিতালি দাসৰ সংগীত জীৱনৰ ওপৰত আলোকপাত কৰে। ডাঃ চৌধুৰীয়ে ভিতালিৰ যাদুকৰী কণ্ঠই যিদৰে শদিয়াৰ পৰা ধুবুৰীলৈ বিস্তাৰ লাভ কৰিছিল তেওঁৰ উত্তৰসুৰী কন্যা কমলিকা কাশ্যপে সেই শূণ্য ঠাই পূৰণ কৰিব পাৰিব বুলি কয়। ডাঃ চৌধুৰীয়ে তেওঁৰ স্বভাৱ সুলভ ৰসাল কথা আৰু গীতেৰে উপস্থিত সকলোকে মোহিত কৰে।সভাত দৈনিক অসমৰ সহকাৰী সম্পাদক বেদব্ৰত দেৱ মিশ্ৰই কয় ভিতালি দাসৰ দৰে এগৰাকী মহান শিল্পী আমি অকালতে হেৰুৱাৱলগীয়া হোৱাতো আমাৰ বাবে দুৰ্ভাগ্য।

ভিতালি দৰে এগৰাকী মহান শিল্পীক আমাৰ মাজত জীয়াই ৰখাৰ বাবে উত্তৰ গুৱাহাটী সাংবাদিক সন্থাই যি মহান প্ৰচেষ্টা হাতত লৈছে সেয়া অতি প্ৰশংসনীয় । সভাত আমাৰ অসম কাকতৰ উপ সম্পাদক মণ্টু শইকীয়াই প্ৰয়াত ভিতালি দাসৰ নাতিদীৰ্ঘ সংগীত জীৱন পৰিক্ৰমাৰ ওপৰত ব্যাখ্যা আগবঢ়ায়। সভাত উত্তৰ গুৱাহাটী সাংবাদিক সন্থাৰ তৰফৰপৰা পৰা প্ৰয়াত ভিতালি দাস সোঁৱৰণী দ্বিতীয় বাৰ্ষিক ২০২৩ বৰ্ষৰ বাবে বঁটা প্ৰদান কৰা হয় বিশিষ্ট কণ্ঠশিল্পী জুৱলি বৰুৱাক।

উত্তৰ গুৱাহাটী সাংবাদিক সন্থাৰ সভাপতি দিগন্ত বৰদলৈ লগতে সন্থাৰ সকলো বিষয়ববীয়া তথা সদস্যই শিল্পী গৰাকীক বঁটা প্ৰদান কৰে।এই বঁটাত আছে এখন ফুলাম গামোছা, এখন শৰাই,এটা জাপি,এখন ৰিহা। বঁটা গ্ৰহণ কৰি আবেগিক হৈ পৰে শিল্পী জুৱলি বৰুৱা।

অনুষ্ঠানৰ লগত সংগতি ৰাখি উত্তৰ গুৱাহাটী সাংবাদিক সন্থাৰ দ্বাৰা প্ৰকাশিত”কলম” আলোচনীৰ পঞ্চম বৰ্ষৰ ৰঙালী বিহুৰ সংখ্যা উন্মোচন কৰে বিশিষ্ট কবি সাহিত্যিক তথা অগ্নি নিৰ্বাপক আৰু আপদকালীন সেৱাৰ উপ সঞ্চালক ড০ নন্দ সিং বৰকলাই।

আলোচনী খন উন্মোচন কৰি দিয়া ভাষণত ড০বৰকলাই কয় নিজৰ সংবাদ সংগ্ৰহ আৰু পৰিবেশন মাজতো পাঁচ বছৰ ধৰি অসমৰ সাহিত্য,সংস্কৃতিৰ লগতে বিভিন্ন দিশ সামৰি পাঠক সমাজক এখন উপভোগ্য আলোচনী উপহাৰ দিয়া বাবে উত্তৰ গুৱাহাটী সাংবাদিক সন্থাক ধন্যবাদ জনায়। প্ৰয়াত ভিতালি দাসৰ ওপৰত মন্তব্য আগবঢ়ায় ড০ বৰকলাই কয় যিগৰাকী শিল্পীয়ে নিজৰ যাদুকৰী কণ্ঠৰে সমগ্ৰ অসমৰ শ্ৰোতা ৰাইজক মোহিত কৰি ৰাখিছিল সেই গৰাকী শিল্পীক অসমৰ সাংস্কৃতিক জগত খনে কোনো গুৰুত্ব প্ৰদান নকৰাত তেওঁ গভীৰ আক্ষেপ প্ৰকাশ কৰে।‌

ভিতালি দাসৰ কন্যা কমলিকা কাশ্যপৰ গীত শুনি আপ্লুত হোৱা ড০ বৰকলাই কমলিকাৰ গাত ভিতালি সকলো গুণ আছে বুলিও কয়। তেওঁ আশা প্ৰকাশ কৰে আগন্তুক দিনত ভিতালৰ‌ কণ্যাই ভিতালিৰ শূণ্য ঠাইৰ পূৰণ কৰিব।

সভাত প্ৰয়াত শিল্পী ভিতালি দাস স্বামী ভূপেন দাস,কণ্যা কমলিকা কাশ্যপ ,ভিতালিৰ কনিষ্ঠ ভাতৃ, জ্যেষ্ঠ ভগ্নী ৰীতা ওজাৰ লগতে তেওঁলোকৰ পৰিয়ালৰ কেইবাজনো সদস্যৰ লগতে উত্তৰ গুৱাহাটীৰ বিশিষ্ট শিল্পী দিলীপ বৈশ্য,মনোজ দাসৰ লগতে কেইবাজনো শিল্পীক উত্তৰ গুৱাহাটী সাংবাদিক সন্থাৰ তৰফৰপৰা পৰা সম্বৰ্ধনা জনোৱা হয়। শেষত শলাগৰ শৰাই আগবঢ়ায় উত্তৰ গুৱাহাটী সাংবাদিক সন্থাৰ সম্পাদক ৰূপক ডেকাই।

Leave A Reply