Breaking

লণ্ডনৰ ৰয়েল ফেষ্টিভেল হলত প্ৰদান বাফটা টিভি এৱাৰ্ডচ ২০২২

0 1,055

লণ্ডনৰ ৰয়েল ফেষ্টিভেল হলত অনুষ্ঠিত হোৱা ‘ব্ৰিটিছ একাডেমী অফ ফিল্ম এণ্ড টেলিভিছন আৰ্টছ’ (বাফটা) টেলিভিছন এৱাৰ্ডচ ২০২২ ত জিলিকিল ‘ইন মাই স্কিন’ৰ লগতে আন কেইবাখনো ধাৰাহাবিক তথা ছবি । কোভিডৰ সংহাৰৰ পিছত এই বছৰৰ বঁটা প্ৰদান অনুষ্ঠান কিছু পলম হৈছে।এইবেলি বাফটা টিভি শাখাত ‘ইটছ এ ছিন’ৱ—এ কেইবাটাও বঁটাৰ বাবে মনোনয়ন দিছিল।বাফটাৰ অধ্যক্ষ কৃষ্ণেন্দু মজুমদাৰে বঁটা প্ৰদান অনুষ্ঠান মুকলি কৰি কয় যে চেনেল ৪ ৰ বেচৰকাৰীকৰণ আৰু বিবিচিৰ অনুজ্ঞাপত্ৰ মাচুল ৰেহাই দিয়াৰ বাবে যি পদক্ষেপ গ্ৰহণ কৰা হৈছে সেয়া প্ৰশংসা আৰু সমৰ্থনৰ যোগ্য।এইবেলি বাফটা টিভি এৱাৰ্ডচ লাভ কৰা উল্লেখযোগ্য কেইগৰাকীমান আগশাৰীৰ অভিনেত্ৰী আৰু তেওঁলোকে অঙিনয় কৰা ধাৰাবাহিকসমূহ এনেধৰণৰ— ডেনিছ গফ, টু ক্লোজ,এমিলি ৱাটছন, টু ক্লোজ জোডি কোমাৰ, হেল্প ,কেট উইন্সলেট, ইষ্টটাউনৰ মেৰে,লিডিয়া ৱেষ্ট,নিয়াম আলগাৰ আদি।

আনহাতে বঁটা লাভ কৰা আগশাৰীৰ অভিনেতাসকল হৈছে ডেভিদ থেৱলিছ, লেণ্ডস্কেপাৰ,অলি আলেকজেণ্ডাৰ, চেমুৱেল আদেৱুনমি, ষ্টিফেন গ্ৰাহাম, উ কুয়াৰ্চি, ষ্টিফেন শন বীন আদি। কমেডি এণ্টাৰটেইনমেণ্ট প্ৰগ্ৰাম শাখাত বঁটা লাভ কৰিছে দ্য গ্ৰাহাম নৰ্টন শ্ব , দ্য লেটিছ শ্ব উইথ মো জিলিগান ,দ্য ৰংনেচন আদিয়ে।

Leave A Reply