Breaking

বাঘজান তৈলখাদ বিস্ফোৰণে ভাবুকি কঢ়িয়াই আনিছে অঞ্চলটোৰ লগতে ডিব্ৰু ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যান আৰু মতাপুং মাগুৰি বিললৈ

0 458

ডিৰাক সীমান্ত

 মহামাৰী কৰ’ণা ভাইৰাছে সমগ্ৰ বিশ্বতে ত্ৰাস সৃষ্টি কৰাৰ পৰিপ্ৰেক্ষিতত ইয়াৰ সংক্ৰমণ ৰোধৰ বাবে সমগ্ৰ ভাৰতবৰ্ষতে লকডাউন চলি থকাৰ মাজতে কেন্দ্ৰই তথা পেট্ৰ’লিয়াম মন্ত্ৰালয়ে ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ সাতটাকৈ স্থানত অইল ইণ্ডিয়াৰ মুক্ত খনন আৰু হাইড্ৰকাৰ্বনৰ পৰীক্ষা চলোৱাৰ বাবে অনুমোদন জনোৱাৰ কায্যৰ বিৰুদ্ধে সমগ্ৰ ৰাজ্যতে প্ৰতিবাদ অব্যাহত থকাৰ মাজতে অসমৰ একেবাৰে পূৰ্বপ্ৰান্তত অৱস্থিত তিনিচুকীয়া জিলাৰ বাঘজানস্থিত অইল ইণ্ডিয়া লিমিটেডৰ এটা খাদত পাইপলাইন বিষ্ফোৰণ ঘটি প্ৰচণ্ড শব্দৰে তীব্ৰ গতিত গেছ নিৰ্গত হৈ থকাত যিকোনো সময়তে ভয়ংকৰ দূৰ্ঘটনা সংঘটিত হোৱাৰ আশংকা কৰি স্থানীয় ৰাইজে ঘৰবাৰী এৰি এতিয়া বাঘজান মধ্য ইংৰাজী বিদ্যালয়ত অস্থায়ী শিবিৰ পাতি বসবাস কৰি আছে যদিও উক্ত স্থানটো সম্পূৰ্ণ নিৰাপদ নহয় বুলি জানিব পৰা গৈছে যিহেতু গেছ নিৰ্গত হৈ থকা স্থানটোলৈ দূৰত্ব প্ৰায় ১ কিলোমিটাৰ । অস্থায়ী শিবিৰত থকা লোকসকলক অইল ইণ্ডিয়া লিমিটেডৰ ফালৰ পৰা যি ধৰণৰ সুবিধা প্ৰদান কৰিব লাগিছিল তেনেদৰে সুবিধা প্ৰদান কৰা পৰিলক্ষিত নহ’ল । এনেদৰে অহৰহ গেছ নিৰ্গত হৈ থকাৰ ফলত অঞ্চটোৰ জীৱ-জন্তু, পশু-পক্ষী, চৰাই-চিৰিকটিৰ লগতে ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ জীৱকুল আৰু মতাপুং মাগুৰি বিলৰ মৎসকুলৰ বাবে ভয়ংকৰ দুৰ্যোগ নামি  আহিছে । ইতিমধ্যে খাদটোৰ পৰা অহৰহ গেছ নিৰ্গত হৈ থকাৰ ফলত জীৱ-জন্তু, চৰাই চিৰিকতি, বিভিন্ন প্ৰজাতিৰ মাছৰ লগতে দুষ্পাপ্যপ্ৰায় শিহুৰ মৃত্যু হৈছে। অইল ইণ্ডিয়া লিমিটেডে অসুৰক্ষিতভাৱে কৰা তেলখননৰ কাৰ্যৰ বাবে এনেধৰণৰ ভয়ানক ঘটনা সংঘটিত হৈছে বুলি সচেতন মহলে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ লগতে স্থানীয় ৰাইজক সুৰক্ষা প্ৰদান আৰু খাদটোৰ পৰা নিৰ্গত হৈ থকা গেছ অতিশ্ৰীঘে বন্ধ কৰিবলৈ দাবী জনাইছে । 

ডিৰাক সীমান্ত, 9101673629

Leave A Reply