Breaking

দ্য’ বিগ কেট কামছ বেক হোম! – মুখ্যমন্ত্ৰী

0 106

দুখন বিশেষ ফটো শ্বেয়াৰ কৰি এক সুখবৰ দিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই৷

বুঢ়াচাপৰি সংৰক্ষিত বনাঞ্চলৰ উচ্ছেদথলীলৈ পুনৰ উভতি আহিছে বন্য জীৱ জন্তু।

সংৰক্ষিত বনাঞ্চলৰ সুবিশাল অঞ্চল অবৈধ বেদখলকাৰীৰ পৰা মুক্ত হোৱাৰ পিছতে পুনৰ সেই স্থানত বাহৰ পাতিছে বনপ্ৰাণীয়ে।

ফেচবুক, টুইটাৰত কেমেৰাত বন্দী হোৱা দুটা বাঘৰ দুখন ফটো শ্বেয়াৰ কৰিছে৷

মুখ্যমন্ত্ৰীয়ে সদৰী কৰা মতে, বুঢ়াচাপৰি সংৰক্ষিত বনাঞ্চলত উচ্ছেদ চলোৱাৰ কিছুদিন পিছতে যোৱা ৭ আৰু ৯ মাৰ্চত কেমেৰাত বন্দী হয় বাঘ দুটা।

উল্লেখ্য যে, যোৱা ফেব্ৰুৱাৰী মাহত বুঢ়াচাপৰি সংৰক্ষিত বনাঞ্চলত উচ্ছেদ অভিযান চলাইছিল অসম চৰকাৰে।

প্ৰশাসনে বনাঞ্চলখনৰ প্ৰায় ৬ হাজাৰ বিঘা ভূমি অবৈধ বেদখলকাৰীৰ পৰা মুক্ত কৰে।

Leave A Reply