Breaking

চুলিৰ আটাইতকৈ ডাঙৰ সমস্যাটো হৈছে উফি, উফি নাইকিয়া কৰিবলৈ কি কৰিব…

0 1,198

চুলিৰ স্বাস্থ্যৰ লগত জড়িত সকলোতকৈ ডাঙৰ সমস্যা হৈছে উফি। অন্য বিভিন্ন কাৰণৰ লগতে উফি হৈছে আমাৰ চুলি সৰাৰ এটা অন্যতম কাৰণ।উফিৰ কাৰণে আমি সমাজত বহুত লাজত পৰিব লগা হয়, নিজৰ পচন্দৰ ক’লা কাপোৰযোৰ পিন্ধিব বিচাৰিলেও পিন্ধিব নোৱাৰো …………আৰু অন্য বহুতো………… এই বিভিন্ন অসুবিধা সমূহ মনত ৰাখিয়ে আজি উফিৰ কেইটামান ঘৰুৱা দিহা আপোনালোকলৈ আগবঢ়ালোঁ। আশা কৰিছোঁ আপোনালোকৰ কিছু সহায় হ’ব…..

উফি চালৰ মৃত কোষৰ অত্যাধিক উৎপাদনৰ ফলত সৃষ্টি হয়। অন্য বহুতো কাৰণৰ কাৰণেও উফি হয় –

#চুলিৰ ভালদৰে যত্ন নোলোৱা,

#ঠাণ্ডা দিনত চাল আৰু চুলি শুকাই যোৱা,

#ভিটামিনহীন খাদ্য,

#শ্বেম্পুত থকা harsh chemicals ইত্যাদি,

#তৰুণাৱস্থাত শৰীৰত হোৱা হৰ্মণৰ তাৰতম্যতাৰ কাৰণেও উফি হয়,

#মূৰত হোৱা malassezia নামৰ এবিধ fungal স‍‍‍‍‍‌‌‌‌‌‌‌ংক্ৰমণে উফি বৃদ্ধি কৰে।

১)এমুঠিমান মিথি গুটি গোটেই ৰাতিটো পানীত ভিজাই থৈ দিব। পুৱা পানীখিনি নিগৰাই পেলাই গুটিবোৰ পিহি এটা paste তৈয়াৰ কৰি লব। Paste টো চুলিৰ গুৰিয়ে গুৰিয়ে সানি দিব। ১ ঘণ্টামানৰ পাছত মূৰটো কুহুমীয়া পানীৰে ধুই পেলাব।

২)প্ৰয়োজন অনুসৰি এমুঠি বা দুমুঠি নিমপাত, এটা food processor ত পিহি এটা thick paste তৈয়াৰ কৰি লব। এই paste টো scalp ত লগাই থব। ১০ মিনিটৰ পাছত কুহুমীয়া গৰম পানীৰে ধুই পেলাব।

৩)এটা বা দুটা নহৰুৰ ডাঙৰ ফুটা পিহি অলপ পানীৰ লগত মিহলাই scalp ত লগাই থৈ কিছুসময়ৰ পাছত কুহুমীয়া গৰম পানীৰে ধুই পেলাব।

৪)১ চামুচ tea tree oil ১ কাপ কুহুমীয়া গৰম পানীত মিহলাই shampoo কৰাৰ পিছত শেষৰবাৰ মূৰত ধলা পানীৰ ঠাইত ঢালি দিয়ক। ই মূৰত উফি হোৱাত বাধা দিব।

৫)সমপৰিমাণৰ Apple cider vinegar আৰু পানী মিহলাই মিশ্ৰণটো চুলিৰ গুৰিত লগাই থৈ কিছুসময়ৰ পাছত কুহুমীয়া গৰম পানীৰে ধুই পেলাব। ৫-৭ দিনমান ব্যৱহাৰ কৰক আৰু পাৰ্থক্য মন কৰক। কিবা অসুবিধা পালে ব্যৱহাৰ কৰা বন্ধ কৰি দিব।

৬)নাৰিকল তেলো উফি নিৰাময়ৰ মহৌষধ। গতিকে নাৰিকল তেল ব্যৱহাৰ কৰা আৰম্ভ কৰক।

৭)৩-৪ চামুচ নেমুৰ ৰস চুলিৰ গুৰিত ঘহিব। ১০-১৫ মিনিট সময় ৰাখিব। তাৰ পিছত ১ মগ পানীত ২ চামুচ নেমুৰ ৰস মিহলাই মূৰ ধুই পেলাব।

৮)কৰদৈৰ ৰস উলিয়াই চুলিৰ গুৰিত সানি ১০ মিনিটমান ৰাখি পানীৰে ধুই দিব। উফিৰপৰা পৰিত্ৰাণ পাব।

এই সকলোবোৰ কৰাৰ উপৰিও চালখন শুকুৱাৰ পৰা বচাবলৈ শৰীৰটোক rehydrate কৰি ৰখাটো অতিকৈ প্ৰয়োজনীয়। তাৰ কাৰণে পৰ্য্যাপ্ত পৰিমাণে পানী সেৱন কৰক।

অত্যাধিক হ’লে চিকিৎসকৰ পৰামৰ্শ লওঁক কাৰণ ই অন্য কোনো ব্যাধিৰ কাৰণেও হ’ব পাৰে।

Leave A Reply