Breaking

সমগ্ৰ অসমৰ লগতে উত্তৰ গুৱাহাটীতো উদযাপন কৰা হৈছে জগত গুৰু শ্ৰীমন্ত শঙ্কৰদেৱ গুৰুজনাৰ জন্ম জয়ন্তী

0 590

আজি সমগ্ৰ অসমৰ লগতে উত্তৰ গুৱাহাটীতো উদযাপন কৰা হয় জগত গুৰু শ্ৰীমন্ত শঙ্কৰদেৱ গুৰুজনাৰ জন্ম জয়ন্তী।এই উপলক্ষে উত্তৰ গুৱাহাটীৰ ৰংমহল, ৰুদ্ৰেশ্বৰ, মাজগাঁও, আমিনগাওঁ আদি বিভিন্ন ঠাইত গুৰুজনাৰ জন্ম জয়ন্তী উলহ মালহেৰে উদযাপন কৰা হয়।ৰাতিপুৱা বন্তি প্ৰজ্বলনৰ লগতে পতাকা উত্তোলন কাৰ্যসূচীৰে আৰাম্ভ হোৱা এই অনুষ্ঠানত ভকত বৈষ্ণৱ সকলে প্ৰাত: প্ৰসঙ্গ আৰু ভাগৱত শোভাযাত্ৰাতো অংশগ্ৰহন কৰে।উত্তৰ গুৱাহাটীৰ বিভিন্ন অঞ্চল সমূহ সামৰি উলিওৱা এই ভাগৱত শোভাযাত্ৰাত আয়তী সকলে দিহা নাম পৰিবেশন কৰে।আনহাতে ভাগৱত শোভাযাত্ৰাৰ অন্তত নাম প্ৰসংগ অনুষ্ঠিত হোৱাৰ লগতে সন্ধিয়া এক বন্তি প্ৰজ্বলন অনুষ্ঠানৰো আয়োজন কৰে ভকত বৈষ্ণৱ সকলে।

উল্লেখ্য যে জগতত শান্তি, সম্বৃদ্ধি প্ৰতিষ্ঠা কৰাৰ অৰ্থে আৰু ভাতৃত্ববোধেৰে উদ্ধুদ্ধ হৈ মানৱ জাতিৰ সৰ্ব মংগল কামনাৰে প্ৰতি বছৰে গুৰু জনাৰ জন্ম জয়ন্তী উত্তৰ গুৱাহাটীত এইদৰে অনুষ্ঠিত হৈ আহিছে ।লগতে ভাগৱত শোভাযাত্ৰাৰ কাৰ্যসূচীত অংশ গ্ৰহন কৰি স্থানীয় ৰাইজে পদুলিয়ে পদুলিয়ে ভাগৱতক আদৰণি জনায়।

উত্তৰ গুৱাহাটীৰ পৰা মধু মাধব দাসৰ প্ৰতিবেদন

Leave A Reply