Breaking

নাজিৰা মহকুমাৰ শুকতি আলিত বীৰ লাচিত বৰফুকনৰ জন্ম স্থান উদ্ধাৰ কৰি জিলা প্ৰশাসনৰ তৰফৰ পৰা বীৰ লাচিত বৰফুকনৰ প্ৰতিমূৰ্তি নিৰ্মাণৰ ব্যৱস্থা…

0 122

নাজিৰা মহকুমাৰ শুকতি আলিত বীৰ লাচিত বৰফুকনৰ জন্ম স্থান উদ্ধাৰ কৰি জিলা প্ৰশাসনৰ তৰফৰ পৰা বীৰ লাচিত বৰফুকনৰ প্ৰতিমূৰ্তি নিৰ্মাণৰ ব্যৱস্থা,ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ তথ্য অনুসৰি এইয়া সকলো মাটিয়েই ব্যক্তিগত পট্টাদাৰৰ । শিৱসাগৰ জিলাৰ নাজিৰা মহকুমাৰ শুকতি আলিত বীৰ লাচিত বৰফুকনৰ জন্ম স্থান উদ্ধাৰৰ পিছতেই জিলা প্ৰশাসনে গ্ৰহণ কৰিছে এক বিশেষ ভূমিকা।

নিৰ্মাণ কৰিবলৈ চেষ্টা কৰা হৈছে বীৰ লাচিত বৰফুকনৰ প্ৰতিমূৰ্তি। শৰাইঘাটৰ যুদ্ধৰ প্ৰধান সেনাপতি বীৰ লাচিত বৰফুকনৰ জন্ম স্থান হাঁহচৰা শুকতি আলিত উদ্ধাৰ হোৱা ঘটনাই বুৰঞ্জীৰ পাতত যেন পুনৰ লিপিবদ্ধ হ’ব এটি বিশেষ অঞ্চল। শিৱসাগৰ জিলা প্ৰশাসনৰ উদ্যোগত আৰু হাঁহচৰা গাওঁ পঞ্চায়তৰ সহযোগত নিৰ্মাণ কৰিবলৈ আৰম্ভ কৰিছে লাচিতৰ প্ৰতিমূৰ্তি।বিভিন্ন শিক্ষাবিদ, বুৰঞ্জীবিদয়েও এই লাচিত বৰফুকনৰ জন্মস্থানক লৈ খুলিছে মুখ হাঁহচৰাৰ শুকতি আলিয়েই হ’ল লাচিত বৰফুকনৰ জন্মভূমি।

কিন্তু ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ মতে শুকতি আলিৰ চাৰিওপিনে এতিয়া সকলোবোৰ মাটিয়েই হৈছে ব্যক্তিগত পট্টাদাৰ।সকলোৰে বিভাগীয় কৰ্তৃপক্ষলৈ এটাই আহ্বান বীৰ লাচিত বৰফুকনৰ জন্মস্থান আৰু ভৌগোলিক চাৰিসীমাৰ মাটিকালি সঠিক আৰু বিজ্ঞানভিত্তিক তথ্যৰ আধাৰত সোনকালে উদ্ধাৰ কৰি গুৰুত্ব প্ৰদান কৰিবলৈ।

নাজিৰাৰ পৰা দিলীপ হাজৰিকা প্ৰতিবেদন

Leave A Reply