Breaking

বিজেপি চৰকাৰে আদানী,আম্বানী আৰু অমিত শ্বাহৰ পুত্ৰ জয় শ্বাহৰ পক্ষতহে কাম কৰি আহিছে !

0 2,059

যুৱ প্ৰজন্মক সংস্থাপন দিয়াত বিজেপি মিত্ৰজোঁটৰ চৰকাৰখন চূড়ান্তভাৱে ব্যৰ্থ হোৱা বুলি অভিযোগ আনি  ইয়াৰ বাবে চৰকাৰক জবাবদিহি কৰি আজি নগাঁও জিলাৰ চামগুৰি সমষ্টিৰ অন্তৰ্গত আমবাগানত যুৱ কংগ্ৰেছে  যুৱ একতা সমাৰোহ অনুষ্ঠিত কৰে।

মুলতঃ সমাগত বিধানসভা নির্বাচনৰ প্ৰতি লক্ষ্য ৰাখি সমষ্টিটোৰ যুৱ কংগ্ৰেছৰ উদ্যোগত আমবাগানৰ জগদাত্ৰী পূজাবাৰী খেলপথাৰত এই যুৱ একতা সমাৰোহখন অনুষ্ঠিত কৰা হয় । কংগ্ৰেছ আৰু যুৱ কংগ্রেছৰ নেতৃত্বতই বিজেপি দলক ক্ষুৰধাৰ সমালোচনা কৰি সমষ্টিটোৰ বিধায়ক তথা বিৰোধী দলৰ উপদলপতি ৰকিবুল হুছেইনৰ হৈ আজি ভাষিক সংখ্যালঘূ বষতি প্ৰধান আমবাগানত কংগ্ৰেছৰ নেতৃত্ব‌ই নিৰ্বাচনী ৰণ শিঙা বজায়।

লাওখোৱা ব্লক কংগ্ৰেছৰ সভাপতি জগদীশ সিনহাৰ সভাপতিত্বত অনুষ্ঠিত  যুৱ একতা সমাৰোহৰখন উদ্ধোধন কৰি প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই কয় যে চামগুৰি সমষ্টিত আজি যি জনজাগৰণ সৃষ্টি হৈছে তাৰ পৰা প্ৰমাণ হয় যে ২০২১ ৰ নিৰ্বাচনত চামগুৰিত কংগ্ৰেছক কোনেও ৰুধিব নোৱাৰে।আনহাতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু গৃহমন্ত্ৰী অমিত শ্বাহৰ অসম ভ্ৰমণক সমালোচনা কৰি ৰিপুন বৰাই কয় যে বানপানী, খহনীয়া আৰু ক’ভিডৰ সময়ত অসমবাসীলৈ মনত নপৰা এই দুগৰাকী নেতা নিৰ্বাচনৰ সময়তহে অসমলৈ ঢপলিয়াই আহে।অসমৰ মানুহক বাৰে বাৰে প্ৰতাৰণা কৰি অহা নৰেন্দ্ৰ মোডীয়ে অষ্টলক্ষ্মী ৰাজ্য বুলি উল্লেখ কৰা অসমক কঙাল ৰাজ্যত পৰিণত কৰিলে। খিলঞ্জীয়াৰ ভূমি কাঢ়ি বাবা ৰামদেৱক দিয়া নৰেন্দ্ৰ মোডীয়ে অসমৰ মানুহৰ ওপৰত বুলডজাৰ চলাইছে।প্ৰসংগক্ৰমে তেওঁ বিজেপি চৰকাৰক প্ৰবঞ্চক ,প্ৰতাৰক আৰু সাম্প্ৰদায়িক আখ্যা দিয়ে।

কংগ্ৰেছ নেতা অপূৰ্ব ভট্টাচাৰ্যই আঁত ধৰা সমাৰোহত কলিয়াবৰ লোক সভা সমষ্টিৰ  সাংসদ গৌৰৱ গগৈয়ে কয় যে বিজেপি চৰকাৰৰ দিনত ধনী মানুহ আৰু ধনী হৈছে ,দুখীয়া মানুহ বেছিকৈ দুখীয়া হৈছে।বিজেপি চৰকাৰৰ মন্ত্ৰী সকল  মাটিত নাথাকে, তেওঁলোক আকাশত উৰি ফুৰিছে ।সেয়ে দুখীয়া মানুহৰ বাবে বিকল্প চৰকাৰ হৈছে কংগ্ৰেছ চৰকাৰ।

ৰাইজৰ জাগৰণ দেখি বৰ্তমান বিজেপি চৰকাৰে ভয় খাইছে বুলি উল্লেখ কৰি সাংসদ গগৈয়ে লগতে কয় যে ভয়তে তেওঁলোকে আনকি বিভিন্ন দল সংগঠনক জোঁৰ সমদল বাহিৰ কৰিবলৈকো বাধা আৰোপ কৰিছে।  বৃটিছলৈ ভয় নকৰা কংগ্ৰেছ দলে বিজেপিক কিয় ভয় কৰিব বুলিও তেওঁ হুংকাৰ  দিয়ে।

আনহাতে সমাৰোহখনত  মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি সৰ্বভাৰতীয় যুৱ কংগ্ৰেছৰ সভাপতি শ্ৰীনিবাস বি ভি য়ে কয় যে নৰেন্দ্ৰ মোডী চৰকাৰে যুৱ প্ৰজন্মক বিশ্বাসঘাটকতা কৰিছে ।বছৰি ২৫ লাখ নিবনুৱাক চাকৰি দিম বুলি কৈছিল যদিও কেইজনকনো তেওঁলোকে চাকৰি দিলে। চৰকাৰৰ বিৰুদ্ধে মাত মাতিলেই তেওঁলোকে দেশদ্ৰোহী বুলি কয়। এই চৰকাৰে আদানী,আম্বানী আৰু অমিত শ্বাহৰ পুত্ৰ জয় শ্বাহৰ পক্ষতহে কাম কৰি আহিছে।প্ৰসংগক্ৰমে যুৱ কংগ্ৰেছৰ সৰ্বভাৰতীয় নেতা জনে মোডী চৰকাৰৰ কেইবাজনো মন্ত্ৰী জাল চাৰ্টিফিকেটৰে চলি থকা বুলি অভিযোগ কৰি লগতে কয় যে  তেওঁলোক অশিক্ষিত হোৱাৰ বাবেই শিক্ষিতৰ মূল নুবুজে।বিজেপিৰ ‘বেটি বচাও বেটি পঢ়াও’ শ্লগানক সমালোচনা কৰি শ্ৰীনিবাসে কয় :   ‘বেটি পঢ়াও,বেটি বিজেপি নেতা চে বচাও’। সমাৰোহত অংশ লৈ প্ৰাক্তন সাংসদ সুস্মিতা দেৱে কয় যে  বিজেপিৰ শাসন কালত অসমত নিবনুৱা সমস্যাই অধিক ভয়াবহ ৰূপ লৈছে । বিজেপিৰ পৰিবৰ্তন নামত অসমখন পিছুৱাই যোৱা বুলিও তেওঁ মন্তব্য কৰে।

ইপিনে ন- কংগ্ৰেছী মীৰা বৰঠাকুৰে বিজেপি দলক চোকা সমালোচনা কৰি কয় যে বিজেপি দল  বাকী আৰু ফাঁকিৰ ওপৰত চলি আছে।তেওঁ নাম উল্লেখ নকৰাকৈ ‘মামা’ সম্বোধন কৰি  কয় যে মামাৰ ফন্দীত যাতে কোনেও ভৰি নিদিয়ে।মামাৰ অংকত এইবাৰ আউল লাগিছে।মামাই যিদৰে ভাবে কংগ্ৰেছত তেওঁৰ মানুহ আছে বুলি একেদৰে মামা যোৱা গাড়ীখনতে আমাৰ মানুহো আছে।মামাই বিজেপিৰ সভাৰ পৰা উভটি নৰেন্দ্ৰ মোডীক গালি পাৰি অহা কথাও আমি গম পাওঁ।

চামগুৰি সমষ্টিৰ বিধায়ক ৰকিবুল হুছেইনে বিজেপি দলৰ পতন নিশ্চিত বুলি উল্লেখ কৰি নাটকীয় ভংগীৰে লগতে কয় : ”গ’ল বন্ধু গ’ল তোমালোকৰ চৰকাৰ গ’ল। আমাবাগানৰ পৰাই তোমালোকৰ চৰকাৰ পতন হ’ল।” শিল্পী বাবু ,টানা আৰু নেকিবে গীত গাই ৰাইজক উৎসাহ যোগোৱা সভাখনত বিভিন্ন দলৰ শতাধিক সদস্যই কংগ্ৰেছ দলত যোগদান কৰে।কেইবা সহস্ৰাধিক লোকে অংশগ্ৰহণ কৰা সভাখনত বিধায়ক নুৰুল হুদা, যুৱ কংগ্ৰেছৰ ৰাজ্যিক সভাপতি কামৰুল ইছলাম, অংকিতা দত্ত,অজয় চিকাৰা,মনোজ জৈন,জিলা কংগ্ৰেছৰ সভাপতি তপন কুমাৰ শৰ্মা,প্ৰাক্তন বিধায়ক দুৰ্লভ চমুৱা, স্বপন ক’ৰ প্ৰমুখ্যে ভালেসংখ্যক নেতা কৰ্মী উপস্থিত থাকে।

Leave A Reply