Breaking

বিজেপিয়ে নিৰ্বাচনী প্ৰচাৰৰ বাবে বিটিচিত আহি ফটা ঢোল বজাই আছে : আছু

0 1,333

 টংলা, ২ ডিচেম্বৰ : ওদালগুৰিৰ বিভিন্ন প্ৰান্তত মন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ আগমন আনফালে “কা” বাতিল  আৰু মূল্যবৃদ্ধি ৰোধৰ দাবীত টংলাত আছু, যুৱ ছাত্রৰ তীব্র প্রতিবাদ। বুধবাৰে ওদালগুৰি জিলাৰ অন্যম আঞ্চলিক ছাত্র সন্থা টংলা আঞ্চলিক ছাত্র সন্থা আৰু অসম জাতীয়তাবাদী যুৱ ছাত্র পৰিষদৰ টংলা আঞ্চলিক সমিতিয়ে টংলা ষ্টেট বেংকৰ সন্মুখত অবস্থান ধৰ্মঘট কাৰ্য্যসূচী ৰূপায়ন কৰে। প্ৰতিবাদী কাৰ্য্যসূচীত যোগান বিভাগ হায় হায়, মূল্যবৃদ্ধি ৰোধ কৰক, কা বাতিল কৰিব লাগিবই, বিজেপি গ’ বেক, হিমন্ত গ’ বেক,  আদি শ্লোগানেৰে মুখৰিত কৰি তোলে টংলাৰ আকাশ বতাহ। প্ৰতিবাদী অনুষ্ঠানত অংশগ্রহণ কৰি টংলা আঞ্চলিক ছাত্র সন্থাৰ সভাপতি তথা নব নির্বাচিত ওদালগুৰি জিলা ছাত্র সন্থাৰ বিষয়ববীয়া প্ৰাঞ্জল ডেকাই কয় যে, বিজেপিয়ে যি নিৰ্বাচনী প্ৰচাৰৰ বাবে বিটিচিত আহি ফটা ঢোল বজাই আছে সেই ফটা ঢোল বজোৱা বন্ধ কৰক। মন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ যি অসমিয়া বিৰোধী স্থিতি আছিলে সেই কথা আমি পাহৰা নাই, আমাৰ বুকুত এতিয়াও জুই জ্বলি আছে। আজি যত হিমন্ত বিশ্ব শৰ্মাৰ আহিছে সেই স্থানৰ এজন আদিবাসী সম্ৰদায়ৰ তেজাল যুৱক ইশ্বৰ নায়ক শ্বহীদ হৈছিলে আৰু সেই ইশ্বৰ নায়কৰ জন্ম স্থানৰ পৰা আমি সকীয়াই দিব বিছাৰিছো যেতিয়াই বিটিচিত হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্বাচনী প্ৰচাৰৰ বাবে আহিব তেতিয়াই তীব্র প্ৰতিবাদৰ সন্মুখীন হব। প্ৰতিবাদী অনুষ্ঠানত ওদালগুৰি জিলা জাতীয়তাবাদী যুৱ ছাত্র পৰিষদৰ বিষয়ববীয়া নিলয় চলিহা, টংলা আঞ্চলিক ছাত্র সন্থাৰ সম্পাদক ৰিংকু ডেকা, টংলা আঞ্চলিক ছাত্র সন্থাৰ শিক্ষা সম্পাদক চিন্তুমনি চক্ৰৱৰ্তীৰ লগতে অৰ্ধ শতাধিক সদস্য উপস্থিত থাকে।

Leave A Reply