Breaking

‘২০২৪ৰ লোকসভা নিৰ্বাচনত বিহাৰৰ পৰা মুক্ত হ’ব বিজেপি’। প্ৰধানমন্ত্ৰীৰ বক্তব্যক লৈ নীতিশ কুমাৰৰ প্ৰথম প্ৰতিক্ৰিয়া…

0 34

লোকসভাত প্ৰধানমন্ত্ৰী মোদীৰ বক্তব্যক লৈ নীতিশ কুমাৰৰ প্ৰথম প্ৰতিক্ৰিয়া। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দিয়া ভাষণৰ সন্দৰ্ভত বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ প্ৰথম প্ৰতিক্ৰিয়া চৰ্চালৈ আহিছে। মুখ্যমন্ত্ৰী নীতিশ কুমাৰে কয় যে সংসদৰ অধিৱেশন অব্যাহত আছে আৰু তেওঁ বাহিৰত ঘূৰি ফুৰে। কেন্দ্ৰীয় চৰকাৰক আক্ৰমণ কৰি মুখ্যমন্ত্ৰী নীতিশ কুমাৰে কয় যে তেওঁলোকৰ ফালৰ পৰা কোনো কাম কৰা হোৱা নাই, তেওঁলোকে কেৱল অপপ্ৰচাৰৰ কামহে কৰিছে। বিৰোধীৰ কথা কোৱাৰ অধিকাৰ আছে বুলিও মন্তুব্য কৰে।

মুখ্যমন্ত্ৰী নীতিশ কুমাৰে কয় যে ২০২৪ চনৰ লোকসভা নিৰ্বাচনত বিহাৰৰ পৰা বিজেপি মুক্ত হ’ব। বিহাৰৰ বিশেষ মৰ্যাদাৰ বিষয়টো উত্থাপন কৰি মুখ্যমন্ত্ৰী নীতিশ কুমাৰে কয় যে যদিহে বিহাৰৰ মৰ্যাদা প্ৰদান কৰা হ’লহেঁতেন তেন্তে অধিক উন্নয়ন হ’লহেঁতেন। আগন্তুক নিৰ্বাচনত সকলো স্পষ্ট হৈ পৰিব বুলিও মন্তব্য কৰে।


Leave A Reply