Breaking

লোকসভা নিৰ্বাচনত ১১ খন আসন পাব বিজেপিয়ে। বাঘে সিংহই যুঁজ লাগি থাকোতে শিয়ালে মঙহ খাই যাব – প্ৰশান্ত ফুকন…

0 50

কংগ্ৰেছ এআইইউডিএফৰ মাজত “ডিভোৰ্চ” হৈছে যদিও সময়ত বুজাবুজি কৰি মিলি যাব। এই কটাক্ষ ডিব্ৰুগড়ৰ বিধায়ক প্ৰশান্ত ফুকনৰ। সংবাদমাধ্যমৰ আগত কংগ্ৰেছ আৰু এআইইউডিএফ দলক তীব্ৰ সমালোচনা কৰি বিধায়ক ফুকনে কয় যে কংগ্ৰেছৰ ঔৰষত জন্ম লাভ কৰা এআইইউডিএফ দলক এৰাটো কঠিন। তেঁও কংগ্ৰেছ এআইইউডিএফ দলৰ কাজিয়া চলি থাকিলে বিজেপি সৰকিহে যাব বুলি মন্তব্য কৰি বিধায়ক গৰাকীয়ে বাঘ সিংহই কাজিয়া লাগি থাকোতে শিয়ালে মাংস খাই বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে। ৰাজনীতিত কেতিয়াবা কেংগৰু কেতিয়াবা শিয়াল হব লাগে বুলি উল্লেখ কৰে। প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই চাহ বাগানলৈ বাগৰি বাগৰি গ’লেও সেই পথটো বিজেপিয়ে নিৰ্মাণ কৰা বুলি উল্লেখ কৰি আগন্তুক লোকসভাৰ নিৰ্বাচনত বিজেপিয়ে ১১খন আসন পোৱাটো নিশ্চিত বুলিও স্পষ্ট কৰি দিয়ে। ১৩ নম্বৰ আসন খন ৬০-৪০ চলি থকা বুলি গুৰুত্বপূৰ্ণ মন্তব্য কৰি অগপক লগত লৈ দলটো আগুৱাই যাব বুলি মত প্ৰকাশ কৰে।

বিজেপিৰ শাসনকালত যিকোনো ব্যক্তি দুৰ্ঘটনাত পতিত হৈ মৃত্যু মুখত পৰিলে ২৪ ঘন্টাৰ ভিতৰত আৰ্থিক সাহাৰ্য্য জিলা আয়ুক্ত অথবা স্থানীয় বিধায়ক গৰাকীয়ে পৰিয়ালক অৰ্পণ কৰে বুলিও তেওঁ উল্লেখ কৰি কংগ্ৰেছ দলে এইবোৰ কথা চিন্তা কৰা নাছিল বুলি মন্তব্য কৰে। কংগ্ৰেছ দলে বিজেপি বেয়া বুলি কবলৈ ঘৰে ঘৰে ঘূৰি ফুৰিছে যদিও হাতত নাই কোনো আঁচনি। বিজেপিৰ শাসনকালত দৰিদ্ৰ জনক একাধিক আঁচনিৰ দ্বাৰা একমাত্ৰ বিজেপিয়ে উপকৃত কৰা বুলি উল্লেখ কৰি ৰাইজে কথাবোৰ বুজি পোৱা বুলিও মত প্ৰকাশ কৰে।

Leave A Reply