Breaking

মহানগৰীত দুই যুবকৰ মৃতদেহ উদ্ধাৰক লৈ তীব্ৰ চাঞ্চল্য

0 76

মহানগৰীৰ হেঙেৰাবাৰীত দুজন যুবকৰ মৃতদেহ উদ্ধাৰৰ ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। দিছপুৰ আৰক্ষীয়ে জানিবলৈ দিয়া মতে অঞ্চলটোৰ স্বাস্থ্য সেৱা সঞ্চালকালয়ৰ সমীপৰ পৰিত্যক্ত এটা ঘৰৰ ভিতৰত দুই যুবকৰ মৃতদেহ উদ্ধাৰ হয়।

ইতিমধ্যে আৰক্ষীয়ে মৃতদেহ দুটা উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে। আনহাতে মৃতদেহ দুটাৰ শৰীৰত কোনো আঘাতৰ চিন প্ৰত্যক্ষ নকৰাত সমগ্ৰ বিষয়টো ৰহস্যৰ আবৰ্তত সোমাই পৰিছে।

ইফালে একাংশ ৰাইজে অঞ্চলটোৰ পৰিত্যক্ত গৃহ একাংশত অনৈতিক কাৰ্যৰ ঘাটি হৈ পৰাৰ অভিযোগ কৰে। সন্দেহ কৰামতে নিষিদ্ধ ড্ৰাগছ সেৱন কৰি যুবক দুজনে মৃত্যুক সাবটি লয়।

অবশ্যে মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনৰ পিছতহে প্ৰকৃত সত্য পোহৰলৈ আহিব। আৰক্ষীয়ে মৃত যুবকদ্বয়ৰ এজন সুৰজিত সিনহা বুলি চিনাক্ত কৰাৰ বিপৰীতে আনজন এই পৰ্যন্ত চিনাক্ত কৰিবলৈ সক্ষম হোৱা নাই।

সম্প্ৰতি আৰক্ষীয়ে ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে।

Leave A Reply