Breaking

কবৰ খান্দি উলিয়ালে মৃতদেহ!

0 177

ছিপাঝাৰত কবৰ খান্দি মৃতদেহ উলিয়ালে আৰক্ষীয়ে। ছিপাঝাৰৰ মাৰুৱাচকীত এই ঘটনা। ঘটনাস্থলীত ইয়াকে লৈ স্থানীয় লোকৰ সৈতে বাক-বিতণ্ডা।

এগৰাকী ৭০ বছৰীয়া বৃদ্ধাৰ মৃত্যুক সন্দেহজনক বুলি ছিপাঝাৰ আৰক্ষীচকীত গোচৰ তৰিছিল বৃদ্ধাগৰাকীৰ নাতিনীয়ে।
বিগত ১জানুৱাৰীত মৃত্যু হৈছিল মাৰুৱাচকীৰ আছুফা খাতুনৰ।

ইয়াৰ পিছতে বৃদ্ধাগৰাকীক হত্যাৰ সন্দেহত পৰিয়ালৰ লোকৰ ওপৰত গোচৰ তৰে মৃতা আছুফা খাতুনৰ নাতিনীয়েক পাৰবিন চুলতানাই।

সেয়ে আদালতৰ নিৰ্দেশত স্থানীয় কাৰ্যবাহী দণ্ডাধীশৰ উপস্থিতিত আৰক্ষীয়ে কবৰ খান্দি আছুফা খাতুনৰ মৃতদেহ উলিয়াই মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।

Leave A Reply