Breaking

এনাজৰীৰ বান্ধোন, তুমি আৰু মই……

0 17

যিদিনাই এই ধৰাৰ বুকুত কাৰোবাৰ পৰশ পাই জীৱনৰ প্ৰথম কান্দোনটো ওলাইছিল, সিদিনাই গঢ়ি তুলিছিলোঁ এটি সম্বন্ধ, এডাল এনাজৰী! হয়, এডাল এনাজৰীৰ বান্ধোন মোৰ প্ৰকৃতি আইৰ সৈতে,ধৰিত্ৰীৰ সৈতে! তেতিয়া জনা নাছিলোঁ কিমান কটকটীয়া হব পাৰে এই এনাজৰী। এপল দুপলকৈ দিন বাগৰিল, মাহ বাগৰিল, বছৰ বাগৰিল। কিন্তু সেই এনাজৰীৰ বান্ধোনে আজিও মোক নিৰাপত্তা দিছে, মোক সাহস দিছে জীৱন যুঁজত আগবাঢ়ি যাবলৈ।জীৱনপথেদি  মই যিমানেই আগবাঢ়িছোঁ, সিমানেই যেন আটোম-টোকাৰিকৈ বান্ধিব খুজিছে মোক এই এনাজৰীৰে।ই নিজৰ বান্ধোনৰ মেৰপাক বঢ়াইছে! জন্মৰ পিছত ‘মা’ ‌ৰ কোলাত মই যি নিৰাপত্তা পালোঁ, সিয়েই শিকালে মোক এনাজৰীৰ বান্ধোন আৰু তাৰ শকতিৰ কথা। এনাজৰীৰ শাখাই মেৰিয়াই ধৰিলে মোক মাৰ সৈতে, দেউতাৰ সৈতে আৰু ঘৰৰ প্ৰতিজন  সদস্যৰ সৈতে। নিজকে বহুত নিৰাপদ যেন লাগিল মোৰ। জন্মতে অকলে আহিলোঁ কি হ’ল,এতিয়াতো মোৰ লগত কেৱল ধৰিত্ৰী আইয়েই নহয়,আছে আন বহুতো। লাহে লাহে সোমাই পৰিলোঁ এখনি সমাজত। এজন নহয়, দুজন নহয়,বহুজনৰ সৈতে চিনাকি হলোঁ আৰু  গঢ়ি তুলিলোঁ এক এনাজৰীৰ বান্ধোন। এখন চহৰৰ পৰা সিখন চহৰ, এখন ৰাজ্যৰপৰা আন এখন ৰাজ্য, এনেকৈয়েই  ঘূৰি আছোঁ জীৱনপথত। বিশ্বাসৰ বলতেই গঢ়িছোঁ এক বান্ধোন প্ৰতিজনৰ সৈতে।

তোমাৰ বাৰু মনত আছেনে মোক প্ৰথম লগ পোৱাৰ কথা,মোৰ সৈতে চিনাকী হোৱাৰ কথা?তোমাৰ মনত নাথাকিলেও মোৰ এনাজৰীৰ বান্ধোনৰ আলফুল জৰীৰে বুকুৰ মৰমৰ মাজত সাৱটি ৰাখিছোঁ তোমাক। মনত আছে তোমাৰ উজ্বল নয়নজুৰি, মিচিকীয়া হাঁহিটি আৰু সেই খঙত উফন্দি উঠা মুখখনিৰ কথা। মোৰ হাঁহিৰ বাবে যে তুমি হাঁহিছিলা, মোৰ মনে মনে থকা স্বভাৱটোৰ বাবে যে কেতিয়াবা খঙ কৰিছিলা,মনত আছেনে বাৰু তোমাৰ? তুমিয়েই কোৱা নাছিলা জানোঁ জীৱনত সত্যৰ পথত থাকি আগবাঢ়ি যাবলৈ….মোৰ আধালিখা  সপোনবোৰক সময়ত বাস্তৱত পৰিণত কৰিবলৈ! তুমি কৈছিলা ধমৰ্ৰ নামত ভেদাভেদ নকৰিবলৈ, সকলোকে আপোন বুলি ভাবিবলৈ। অলপো ইফাল সিফাল কৰা নাই কিন্তু মই। তুমিতো জানা মোৰ বাবে যতেই সত্য আৰু বিশ্বাস, তাতেই মোৰ ধৰ্ম । মানৱীয় প্ৰমূল্যক জীয়াই ৰখাই মোৰ ইচ্ছা। তোমাৰ বিশ্বাস,তোমাৰ প্ৰেৰণাক লগত লৈ আগবাঢ়ি আছোঁ মই। ভূলতো নাভাবিবা তোমাৰ অবৰ্তমানত কেতিয়াবা বিচলিত হ’ম বুলি। তুমিতো জানাই মোৰ ইচ্ছা-অনিচ্ছাৰ কথা,মোৰ সংকল্পৰ কথা । একেই আছে মোৰ সকলো,মাথোঁ বাঢ়িছে মোৰ এনাজৰীৰ শাখা। তুমিয়েইতো কৈছিলা এনাজৰী যিমানেই মজবুত কৰিব পাৰিম,সিমানেই সুখী হ’ম বুলি। আজি তাকেই কৰি আছোঁ মই, সহস্ৰজনক বিশ্বাসৰ বলত নিকপকপীয়াকৈ ৰাখিব খুজিছোঁ মোৰ সেই এনাজৰীৰ বান্ধোনত। মোৰ মনত মৰম আৰু বিশ্বাসৰ স্থান ক’ত, তোমাক দুনাই ক’ব নালাগে নিশ্চয়!

তুমি জানানে কেতিয়াবা কোনোবাই মোৰ ওপৰত বিৰক্ত হৈছে, আনকি মোৰ অনুপস্থিতিত ঠাট্টা কৰিছে। সেইবোৰ জানিও মই  পিছে আনৰ দৰেই বান্ধি ৰাখিছোঁ তেওঁক মোৰ এনাজৰীৰে। তুমিয়েইতো কৈছিলা আনে কি ভাবে ভাবক, কিন্তু কাৰোবাক বেয়া বুলি ভবাটো ভূল, বৰঞ্চ তেওঁক সন্মান কৰিব বিচৰাটোৱেই লক্ষ্য হোৱা উচিত। মইও তাকেই কৰিছোঁ,এৰিব খুজিও এৰা নাই এইচাম লোকক। তুমি চিন্তা নকৰিবা, মোৰ এনাজৰীয়ে কাকো বাদ নিদিয়ে অথবা কাকো সোলোকাই নিদিয়ে। মোৰ এনাজৰীৰ বান্ধোন সোলোক ঢোলোক হ’লেই তোমাক কাষত বিচাৰিম মই,আহিবানে বাৰু তুমি? তুমি নাহিলেও এটি মৰমৰ টোপোলাকে পঠিয়াবাচোন…য’ত থাকিব তোমাৰ  দুহাতৰ সুকোমল পৰশ, আশা- আকাংক্ষা আৰু হিয়াৰ নিভাঁজ প্ৰেমৰ ৰংবোৰ….।

  লেখক-ঋতুপৱন  গগৈ

Leave A Reply