Breaking

“গ্ৰন্থ আমাৰ প্ৰিয়তম বন্ধু” ! দমদমা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বাৰ্ষিক বঁটা বিতৰণী সভাত থানেশ্বৰ মালাকাৰ…

0 91

“গ্ৰন্থ আমাৰ প্ৰিয়তম বন্ধু”
।।দমদমা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বাৰ্ষিক বঁটা বিতৰণী সভাত থানেশ্বৰ মালাকাৰ।।

“গ্ৰন্থই আমাৰ প্ৰিয়তম বন্ধু । গ্ৰন্থ অধ্যয়নে আমাৰ জ্ঞানৰ পৰিধি বিশালতৰ কৰাৰ লগতে সময়ৰ সদ্‌ব্যৱহাৰৰ বাবেও সচেতন কৰি তোলে। ” কামৰূপ জিলাৰ হাজো সমষ্টিৰ অন্তৰ্গত দমদমা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বাৰ্ষিক বঁটা বিতৰণী সভাৰ নিৰ্দ্দিষ্ট বক্তাৰ ভাষণত এনেদৰে কয় ভাৰতীয় প্ৰশাসনীয় সেৱাৰ অৱসৰপ্ৰাপ্ত বিষয়া তথা বিশিষ্ট লেখক থানেশ্বৰ মালাকাৰে ।

ভাষণ প্ৰসঙ্গত মালাকাৰে ছাত্ৰ-ছাত্ৰী সকলক নিয়মীয়াকৈ ‘ডায়েৰী’ লিখাৰ বাবে আহ্বান জনায় । সমাজকৰ্মী বাবুল দাসৰ সভাপতিত্বত অনুস্থিত বঁটা বিতৰণী সভাখনত আদৰণী ভাষণ প্ৰদান কৰে দমদমা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ সূৰ্য্য কুমাৰ ভট্টাচাৰ্য্যই ।

সভাত যোৱা বছৰটোত ক্ৰীয়া , সাংস্কৃতিক আৰু শিক্ষাৰ ক্ষেত্ৰখনৰ বিভিন্ন স্তৰত পাৰদৰ্শী ছাত্ৰ-ছাত্ৰী সকলক বঁটা প্ৰদান কৰাৰ লগতে কেইবাগৰাকীয়ো শিক্ষকক পুৰস্কৃত কৰা হয় । আনহাতে যোৱা উচ্চতৰ মাধ্যমিক পৰীক্ষাত বিদ্যালয়খনৰ ভিতৰত সৰ্বোচ্চ নম্বৰ পোৱা কল্যান কুমাৰ দাস আৰু আনিশা মালাকাৰক নগদ ধনেৰে পুৰস্কৃত কৰা হয় । শিক্ষক কুমুদ ডেকাই আঁত ধৰা সভাত কেইবাগৰাকীও শিক্ষকে ভাষণ প্ৰদান কৰে ।জাতীয় সংগীত পৰিৱেশনেৰে সভাৰ অন্ত পেলোৱা হয় ।

Leave A Reply