Breaking

বিয়াঘৰত ডিজেই পছন্দৰ সংগীত নবজোৱাৰ বাবেই কইনাৰ পিতৃক প্ৰহাৰ কৰিলে আত্মীয়ই…

0 16

উত্তৰ প্ৰদেশত সংঘটিত হৈছে এক শোকাৱহ ঘটনা। বিয়া ঘৰত সকলোৱে আনন্দ মনেৰে নাচিছিল । বিয়াত ডিজেও আছিল। কিন্তু কইনাঘৰৰ মানুহে ভাবিবই পৰা কৰা নাছিল যে সেই ডিজেই কাল হ’ব। বিয়া ঘৰত ডিজেই নানা ধৰণৰ সংগীত বজাইছিল। কইনাৰ আত্মীয় একাংশই ডিজেই বজোৱা সংগীত ভালপোৱা নাছিল। এই কথাকলৈয়ে তেওঁলোকে কইনাৰ দেউতাকৰ সৈতে তৰ্কত লিপ্ত হৈছিল। এটা সময়ত সেই তৰ্কই হতাহতিৰ ৰূপ লৈছিল। একাংশ আত্মীয়ই কইনাৰ দেউতাকক গুৰুলা গুৰুলকৈ পিটিছিল। গুৰুতৰ ভাবে আহত হৈছিল কইনাৰ পিতৃ। অৱশেষত প্ৰহাৰৰ সন্মুখীন হোৱা কইনাৰ পিতৃৰ মৃত্যু ঘটে।

এই শোকাৱহ ঘটনাটো ঘটিছে উত্তৰ প্ৰদেশৰ আগ্ৰাত । বিয়া ঘৰত বহু মানুহৰ সমাগম ঘটিছিল। খোৱাই খাইছিল, নচাই নাচিছিল। কিন্তু তাৰ মাজতে ডিজেই ভাল গীত নবজোৱাৰ কাৰণে কইনাৰ পিতৃৰ ওপৰত জঁপিয়াই পৰে একাংশ লোক। কইনা ঘৰৰ লোকে প্ৰকাশ কৰা মতে বিয়াৰ বাবে এজন ডিজে মতা হৈছিল। এটাৰ পিছত এটা গান বজোৱা হৈছিল। কিন্তু একাংশ সমবেত লোক ডিজিৰ গান ভাল পোৱা নাছিল। তেওঁলোকে কইনাৰ দেউতাকক গান সলনি কৰিবলৈ অনুৰোধ কৰিছিল। তাতেই সমস্যাৰ আৰম্ভনি হৈছিল।অভিযুক্ত আত্মীয়সকলে গানক লৈ কইনাৰ দেউতাকৰ সৈতে তৰ্ক কৰিছিল। পৰিস্থিতি ক্ৰমান্বয়ে উত্তপ্ত হৈ পৰিছিল। আৰু আত্মীয়ৰ প্ৰহাৰত কইনাৰ দেউতাক গুৰুতৰভাৱে আহত হৈছিল। অৱশেষ, তেওঁ প্ৰাণ হেৰুৱাইছিল। অভিযুক্তসকলে লগে লগে বিয়াৰ ঘৰৰ পৰা পলায়ন কৰে বুলি জানিব পৰা গৈছে। কইনাৰ পৰিয়ালে ফতেহাবাদ আৰক্ষী থানাত কমেও সাতজন লোকৰ বিৰুদ্ধে অভিযোগ দাখিল কৰিছে। আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে।

Leave A Reply