Breaking

সোমবাৰে ডিব্ৰুগড় জিলাত অনুষ্ঠিত অসম চৰকাৰৰ কেবিনেট বৈঠকত ডিব্ৰুগড় জিলাৰ উন্নয়নৰ বাবে কি কি সিদ্ধান্ত গ্ৰহণ কৰা হ’ল জানো আহক…

0 41

সোমবাৰে ডিব্ৰুগড় জিলাত অসম চৰকাৰৰ কেবিনেট বৈঠক অনুষ্ঠিত হয়। এই কেবিনেট বৈঠকত ৰাজ্যৰ সৰ্বাংগীণ বিকাশ নিশ্চিতকৰণৰ লগতে ডিব্ৰুগড় জিলাৰ উন্নয়নৰ ক্ষেত্ৰতো বিশেষভাৱে গুৰুত্ব প্ৰদান কৰে। জিলাখনৰ প্ৰশাসনিক কাম-কাজ, আন্তঃগাঁথনিমূলক উন্নয়ন, যোগাযোগ ব্যৱস্থাৰ উন্নীতকৰণকে ধৰি কেতবোৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে। কেবিনেট সিদ্ধান্তসমূহ হ’ল-

১/ ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ সচিবালয় নিৰ্মাণ

২/ ৩০০ কোটি টকা ব্যয় সাপেক্ষে এ এম চি এইচত বহুমহলীয়া ষ্টাফ কোৱাৰ্টাৰ;

৩/ ১৫০০ আসনযুক্ত আন্তর্জাতিক সম্মিলন কেন্দ্ৰ;

৫/ ৫০০ আসনযুক্ত প্ৰেক্ষাগৃহ;

৬/ খনিকৰ সংহত ক্রীড়া প্ৰকল্পক ৫,০০০ৰ পৰা ১৫,০০০ ক্ষমতাবিশিষ্টলৈ ৰূপান্তৰ;

৭/ চৌকিডিঙী খেলপথাৰত ফ্লাড লাইট;

৮/ নাহৰকটীয়াত হকী ষ্টেডিয়াম;

১০/ ১৫ কিল’মিটাৰ দৈৰ্ঘ্যৰ চেচা-ইটাখুলি সংযোগী ২ লেনযুক্ত পথ;

১২/ আঘোণীবাৰী খোৱাং সংযোগী ২৫ কিল’মিটাৰ মথাউৰি পথৰ পকীকৰণ;

১৩/ লক্ষ্মীনাথ বেজবৰুৱা উদ্যান আৰু খনিকৰ উদ্যানলৈ– ৫ কোটি টকাকৈ;

১৪/ পুলিচ ৰিজাৰ্ভ খেলপথাৰক ৰাজ্যিক আৰক্ষী ক্রীড়া কেন্দ্ৰলৈ উন্নীতকৰণ;

১৫/ ডিব্ৰুগড় কাৰাগাৰক টিংখাঙলৈ স্থানান্তৰ;

১৬/ ডিব্ৰুগড় বিশ্ববিদ্যালয়ত ব্যৱহাৰিক মনোবিজ্ঞান আৰু ভূগোল বিষয় সংযোজন;

উৰণ সেতু নির্মাণৰ সিদ্ধান্ত

আমোলাপট্টি ৰে’লৱে ক্ৰছিং

মানকটা ৰে’লৱে ক্ৰছিং

লাহোৱাল ৰে’লৱে ক্ৰছিং

দলং নির্মাণৰ সিদ্ধান্ত

বুঢ়ীদিহিং নৈ (আঘোণীবাৰীৰ পৰা তেলপানীলৈ)

বুঢ়ীদিহিং নৈ (ৰমাইঘাটৰ পৰা লাচন মিৰিগাঁও)

দিচাং নৈ (বৰুৱা নগৰৰ পৰা মাহমৰালৈ)

ডিমৌ নৈ (হুংহুঙীয়া গাঁৱৰ পৰা নাহৰণি সোণোৱাল গাঁৱলৈ)

মদাৰখাট – গোদাবাহৰ

সিদ্ধান্তসমূহৰ কিমান কাৰ্যকৰী হয়, কেতিয়া কাৰ্যকৰী হয় এতিয়া তাৰবাবেই অপেক্ষা ৰাইজৰ; কাৰণ সিদ্ধান্ত সমূহে জিলাখনৰ বিকাশক এক নতুন মাত্ৰা প্ৰদান কৰিব।

Leave A Reply