Breaking

ৰঙামাটিৰ কৰৈয়ণী প্ৰাথমিক বিদ্যালয়ৰ শতবৰ্ষ উৎসৱৰ সফল সামৰণি, শিক্ষয়িত্ৰী লক্ষীপ্ৰিয়া বৰাৰ সম্পাদনাৰে স্মৃতিগ্ৰন্থ ‘শতভিষা’ উন্মোচন…

0 65

গোলাঘাট জিলাৰ দেৰগাঁও ৰাজহ চক্ৰৰ অন্তৰ্গত বৃহত্তৰ ব্ৰহ্মপুত্ৰ অঞ্চলৰ পুৰণি শিক্ষানুষ্ঠান কৰৈয়ণী প্ৰাথমিক বিদ্যালয়ৰ শতবৰ্ষ উৎসৱৰ সফল সামৰণি । দুদিনীয়া বৰ্ণাঢ্য কাৰ্যক্ৰমনিকাৰে অনুষ্ঠিত শতবৰ্ষ উৎসৱ উপলক্ষে দুটাকৈ দিন বৃহত্তৰ অঞ্চলটোত পৰিণত হ’ল উৎসৱমুখৰ পৰিৱেশ। শতবৰ্ষ উপলক্ষে নিৰ্মাণ কৰা স্থায়ী তোৰণ উন্মোচন,শতবৰ্ষৰ স্মৃতিসৌধ উন্মোচনেৰে আৰম্ভ হোৱা অনুষ্ঠানটিত শতবৰ্ষ উপলক্ষে উত্তোলন কৰা হয় এশখন পতাকা ।


অঞ্চলটোৰ স্থানীয় এশজন বয়োজেষ্ঠ লোকে জাতীয় সাজ পৰিধান কৰি উত্তোলন কৰে শতবৰ্ষৰ পতাকাসমূহ । ১৯ নৱেম্বৰৰ প্ৰথম দিনৰ কাৰ্যসূচীত অনুষ্ঠিত হয় এক শৈক্ষিক আলোচনা চক্ৰ । সদৌ অসম ছাত্ৰ সন্থাৰ সহকাৰী সাধাৰণ সম্পাদক অভিৱৰ্তন গোস্বামীয়ে উদ্বোধন কৰা শৈক্ষিক আলোচনাত সমল ব্যক্তি হিচাপে অংশ লয় বিশিষ্ট আবৃত্তিকাৰ শান্তিছাঁয়া শইকীয়া,প্ৰবক্তা মৌচুমী বৰুৱা বৰদলৈ আৰু শিশুপ্ৰেমী বুবুল দাসে । শৈক্ষিক বিভিন্ন বিষয়ত নিৰ্মোহ আলোচনা হোৱা অনুষ্ঠানটিত বিশেষভাৱে উপস্থিত থাকে গোলাঘাট জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক ড৹ সমীৰণ বৰা,বিশিষ্ট সাংবাদিক মোস্তাক হুছেইন,শিক্ষা বিষয়া সজাগ জ্যোতি বৰুৱা। অনুষ্ঠানত ছাত্ৰনেতা অভিৱৰ্তন গোস্বামীয়ে বিদ্যালয়ৰ পুথিভঁৰাললৈ প্ৰদান কৰে কিতাপৰ টোপোলা। দ্বিতীয় দিনটোৰ কাৰ্যসূচী সাংস্কৃতিক শোভাযাত্ৰা উদ্বোধন কৰে গোলাঘাট উত্তৰ শিক্ষাখণ্ডৰ খণ্ড সমল ব্যক্তি ৰাজীৱ শৰ্মাই ।

অঞ্চলটোৰ জাতি-জনগোষ্ঠীৰ বিভিন্ন কৃষ্টিৰ লগতে ছাত্ৰ-ছাত্ৰীসকলে বিভিন্ন কৃষ্টি প্ৰদৰ্শন কৰে । শতবৰ্ষ উদযাপন সমিতিৰ সভাপতি বিপিন বৰবৰাৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভা উদ্বোধন কৰে সদৌ অসম প্ৰাক্তন শিক্ষক সন্মিলনীৰ সভাপতি জীৱন বৰাই । শিক্ষয়িত্ৰী লক্ষীপ্ৰিয়া বৰাৰ সম্পাদনাত প্ৰকাশিত শতবৰ্ষৰ স্মৃতিগ্ৰন্থ ‘শতভিষা’ উন্মোচন কৰে বিশিষ্ট সাহিত্যিক দুগ্ধ চন্দ্ৰ গোস্বামীয়ে । বিদ্যালয়খনৰ ইতিহাস,বিভিন্ন কাব্য-সাহিত্য-গদ্যৰে শৃংখলিত ভাৱে সম্পাদিত গ্ৰন্থখনি উন্মোচন কৰি আনন্দিত হৈ পৰে উন্মোচক গৰাকী । মুখ্য অতিথি হিচাপে উপস্থিত থাকি বিশিষ্ট সাহিত্যিক তথা গৱেষক ইছমাইল হুছেইনে সভাতে বিভিন্নজনৰ পৰা সাহায্য গ্ৰহণ কৰে এটা পুথিভঁৰালৰ বাবে ৭ টা আলমিৰা,২০ খন চকী,দুখন ফেনকে ধৰি পুথিভঁৰালৰ বাবে প্ৰয়োজনীয় সকলো সামগ্ৰী সভাত উপস্থিত সকলৰ পৰা সংগ্ৰহ কৰে ।

এটা মাহৰ ভিতৰত কৰৈয়ণী প্ৰাথমিক বিদ্যালয়ত এই পুথিভঁৰাল উদ্বোধন কৰাৰ সিদ্ধান্ত কৰে সকলোৱে। মুকলি সভাতে বিদ্যালয়খনৰ পৰা প্ৰতিষ্ঠাকালৰে পৰা জড়িত শিক্ষক,কৰ্মচাৰী তথা পৰিচালনা সমিতি সভাপতি সকলৰ লগতে জেষ্ঠ প্ৰাক্তন ছাত্ৰসকলকো সম্বৰ্ধনা জনোৱা হয় ।  কৰৈয়ণী প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ দ্বাৰা প্ৰদৰ্শিত হয় বিচিত্ৰ সাংস্কৃতিক অনুষ্ঠান । ছাত্ৰ-ছাত্ৰীসকলে নৃত্য,গীত, নাটক আদি বিভিন্ন সাংস্কৃতিক অনুষ্ঠান পৰিবেশনেৰে জীপাল কৰি তোলে অনুষ্ঠান। সাধাৰণতে শিল্পী আমন্ত্ৰণ কৰি সাংস্কৃতিক অনুষ্ঠান আয়োজন কৰাৰ বিপৰীতে বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলক প্ৰশিক্ষণ প্ৰদান কৰি সুন্দৰভাৱে ৰূপায়িত সাংস্কৃতিক অনুষ্ঠান উপভোগ কৰি আপ্লুত হৈ পৰে ৰাইজ । শতবৰ্ষ উৎসৱটি সফলভাৱে আয়োজন কৰাত সহযোগিতা কৰা সকলোকে কৃতজ্ঞতা জনাইছে উদযাপন সমিতিৰ সভাপতি বিপিন বৰবৰা,মুখ্য সম্পাদক প্ৰাণজিৎ নেওগে ।

দিব্য জ্যোতি কাকতি, ৰঙামাটি

Leave A Reply