Breaking

অৰুণাচল প্ৰদেশৰ পৰা গুজৰাটলৈ মুঠ ২০ টাকৈ হাতী স্থানান্তৰিত কৰাক লৈ উদ্বেগ প্ৰকাশ চেণ্টাৰ ফৰ ৰিচাৰ্চ অন এনিমেল ৰাইটছৰ…

0 79

অৰুণাচল প্ৰদেশৰ পৰা গুজৰাটলৈ মুঠ ৩০০০ কিলোমিটাৰ পথ অতিক্ৰম কৰি কেইবাখনো বাহনত ২০ টাকৈ হাতী স্থানান্তৰিত কৰাক লৈ উদ্বেগ প্ৰকাশ কৰিছে পশু অধিকাৰ সংস্থা চেণ্টাৰ ফৰ ৰিচাৰ্চ অন এনিমেল ৰাইটছে।

সংস্থাটোৱে এক বিবৃতিত কয়, “স্বাধীন ভাৰতৰ ৭৫ বছৰত সম্ভৱত এনে ঘটনা কেতিয়াও দেখা ঘটা নাই। ১৯ শতিকাত যুদ্ধৰ বাবে আমাৰ সীমান্তলৈ হাতী জাহাজেৰে পঠিওৱাৰ পিছত এনেদৰে হাতী স্থানান্তৰিত কৰা ঘটনা কেতিয়াও দেখা পোৱা নাই।”

বিভিন্ন বন্যপ্ৰাণী সংগঠনে প্ৰতিবাদ কৰাৰ পিছতো শুকুৰবাৰে পুৱা অৰুণাচল প্ৰদেশৰ নামচাই জিলাৰ পৰা ২০ টা হাতী গুজৰাটৰ অভিমুখে লৈ যোৱা হৈছিল।

খবৰ অনুসৰি উচ্চতম ন্যায়ালয়ে নিযুক্তি দিয়া হাই-পাৱাৰ কমিটীয়ে ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজ লিমিটেডৰ সহযোগত জামনগৰৰ ৰাধা কৃষ্ণ মন্দিৰ এলিফেণ্ট ট্ৰাষ্টলৈ হাতী যোগানৰ অনুমতি প্ৰদান কৰে।

Leave A Reply