Breaking

সামাজিক মাধ্যমৰ প্লেটফৰ্মৰ বিৰুদ্ধে থকা মানুহৰ অভিযোগ শুনিবলৈ বা চোৱা-চিতা কৰিবলৈ কেন্দ্ৰই এখন বিশেষ সমিতি গঠন কৰাৰ সিদ্ধান্ত লৈছে…

0 59

সামাজিক মাধ্যমৰ প্লেটফৰ্মৰ বিৰুদ্ধে থকা মানুহৰ অভিযোগ শুনিবলৈ বা চোৱা-চিতা কৰিবলৈ কেন্দ্ৰই এখন বিশেষ সমিতি গঠন কৰাৰ সিদ্ধান্ত লৈছে।

বহুতো ব্যৱহাৰকাৰীয়ে ফেচবুক, টুইটাৰ, ইনষ্টাগ্ৰামৰ দৰে ছ’চিয়েল মিডিয়াত পোষ্ট কৰা বহুতো বিতৰ্কিত বিষয়ৰ বিষয়ে অভিযোগ কৰে। ছ’চিয়েল মিডিয়া প্লেটফৰ্মৰ দ্বাৰা লোৱা সিদ্ধান্তই বহুতৰ মনত প্ৰশ্ন উত্থাপন কৰে।

তথ্য অনুসৰি সেই অভিযোগ আৰু প্ৰশ্নবোৰ শুনিবলৈ এই বিশেষ পেনেলখন গঠন কৰা হৈছে ।

কেন্দ্ৰই শুক্ৰবাৰে এই সন্দৰ্ভত এটা জাননীও জাৰি কৰিছে।  ইলেকট্ৰনিক আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয়ে জাৰি কৰা জাননী অনুসৰি, জনসাধাৰণৰ অভিযোগ শুনিবলৈ চৰকাৰে এক বা একাধিক সমিতি গঠন কৰিব।

প্ৰতিখন সমিতিৰ তিনিজন সদস্য থাকিব আৰু তিনি মাহৰ ভিতৰত গঠন কৰা হ’ব এই সমিতি।

Leave A Reply