Breaking

আলু-পুৰী, আম-মিঠাই বেছিকৈ খোৱাৰ অভিযাগ কেজৰিৱালৰ বিৰুদ্ধে…

0 20

অৰবিন্দ কেজৰিৱালৰ ডায়েট চাৰ্টঃ চিকিৎসাৰ ভিত্তিত জামিন লাভৰ বাবে এতিয়া অৰবিন্দ কেজৰিৱালে ইচ্ছাকৃতভাৱে চেনিৰ মাত্ৰা বৃদ্ধি কৰিছে বুলি ইডিৰ অভিযোগ। তিহাৰ জেলত থকা অৱস্থাত মিঠা খাইছে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে। আলু-পুৰী, আম-মিঠাই, পোহা, ৰোটি, শাক-পাচলি, দালি আৰু ভাত বেছিকৈ খাইছে মুখ্যমন্ত্ৰীগৰাকীয়ে।

অৰবিন্দ কেজৰিৱালৰ সৈতে জড়িত গুৰুত্বপূৰ্ণ বিষয়সমূহৰ আজি ৰাউছ এভিনিউ আদালতত শুনানি গ্ৰহণ কৰা হ’ব। তিহাৰ কাৰাগাৰত বন্দী হৈ থকা কেজৰিৱালৰ খাদ্যাভ্যাসৰ সৈতে জড়িত প্ৰথমটো গোচৰ। দ্বিতীয়টো গোচৰ গ্ৰেপ্তাৰৰ পূৰ্বে ইডিয়ে প্ৰেৰণ কৰা চমন সন্দৰ্ভত। পূৰ্বে কথা কওঁতে কেজৰিৱালে নিয়মীয়াকৈ চেকআপ কৰিবলৈ চিকিৎসকক আবেদন জনাইছিল। পৰৱৰ্তী শুনানিত ইডিৰ অধিবক্তাই কৈছিল যে অৰবিন্দ কেজৰিৱালক ঘৰতে ৰন্ধা খাদ্য দিয়াৰ বাবে চেনিৰ মাত্ৰা বৃদ্ধি পাইছে। এই সন্দৰ্ভত অৰবিন্দ কেজৰিৱালৰ অধিবক্তাই কৈছে যে চিকিৎসকৰ নিৰ্দেশ অনুসৰি তেওঁক ব্ৰেকফাষ্ট, লাঞ্চ আৰু ডিনাৰ দিয়া হৈছে। ইয়াৰ পিছতে আদালতে তিহাৰ কাৰাগাৰ প্ৰশাসনৰ পৰা কেজৰিৱালৰ ডায়েট চাৰ্ট বিচাৰিছে। আজি দুপৰীয়া ২ বজাত এই সন্দৰ্ভত শুনানি অনুষ্ঠিত হ’ব।


উল্লেখযোগ্য যে দিল্লীৰ সুৰা কেলেংকাৰীৰ গোচৰত তিহাৰত দাখিল কৰা কেজৰিৱালে চুগাৰৰ মাত্ৰাক লৈ উদ্বেগ প্ৰকাশ কৰি চিকিৎসকৰ সৈতে নিয়মীয়া পৰামৰ্শৰ বাবে আবেদন জনাইছিল। ইয়াৰ পিছত দিল্লী আদালতে ইডিক ১৮ এপ্ৰিলৰ ভিতৰত উত্তৰ দিবলৈ কৈছিল।

দ্বিতীয়টো গোচৰৰ কথা ক’বলৈ গ’লে কেজৰিৱালে সোধা-পোছাৰ বাবে জাৰি কৰা চমনত হাজিৰ নোহোৱাৰ বাবে ইডিয়ে আদালতত দুখনকৈ অভিযোগ দাখিল কৰিছিল। এইটো তদন্তকাৰী সংস্থাৰ চমন অমান্য কৰাৰ গোচৰ (আই পি চি ১৭৪)। গ্ৰেপ্তাৰৰ পূৰ্বে কেজৰিৱালৰ বিৰুদ্ধে এই এজাহাৰ দাখিল কৰা হৈছিল।

Leave A Reply