Breaking

মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিলে পাটাছাৰকুছি বিদ্যাপীঠলৈ তিনি কোটি টকাৰ অনুদান

0 2,021

ব্ৰিটিছ কালীন ৰাজধানী পাটাছাৰকুছিত ১৯০৯ চনতে আৰম্ভ হোৱা পাটাছাৰকুছি আঞ্চলিক দূর্গাপূজাত (১৪অক্টোবৰ)মহা নৱমী দিনা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দূৰ্গা দেৱী ৰ আশিস লয়।পূজাস্থলীত দিনত ১১বজাত উপস্থিত হৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পূজা ত শৰাই  আগবঢ়াই আৰু উপস্থিত সকলক সম্বোধন কৰি সমষ্টি টোৰ সমস্যা সমাধান আগ্ৰহী বুলি উল্লেখ কৰি ঐতিহ‍্যমণ্ডিত পাটাছাৰকুছি বিদ্যাপীঠৰ আন্তঃগাথঁনি উন্নয়ন বাবে চৰকাৰে তিনি কোটি টকা ৰ অনুদান দিয়াৰ কথা উল্লেখ কৰি নিৰ্মীয়মাণ শিৱমন্দিৰ বাবে ও সম্ভৱপৰ সাহাৰ্য্য আগবঢ়োৱা কথা ঘোষণা কৰে।১২০বছৰ সম্পূৰ্ণ কৰা পাটাছাৰকুছি নিম্ন প্ৰাথমিক বুনিয়াদী বিদ্যালয়ৰ আন্তঃগাথঁনি উন্নীতকৰণৰ বাবেও প্ৰয়োজনীয় পুঁজি দিয়া হব বুলি আৰু শতবষ্ গৰকা পাটাছাৰকুছি আৰক্ষী থানা খন মৈত্ৰী আচঁনিৰ অধিনত নতুনকৈ নিৰ্মাণ কৰা হব বুলি ও মুখ্যমন্ত্ৰী গৰাকী য়ে দোহাৰে।মুখ্যমন্ত্ৰী গৰাকীৰ সৈতে পাটাছাৰকুছি সমষ্টিৰ বিধায়ক তথা মন্ত্ৰী ৰজিৎ কুমাৰ দাসেও পূজা ত আশিস লয়।এই উপলক্ষে অনুষ্টিত এক অনুষ্ঠানত মুখ্যমন্ত্ৰী গৰাকীক দূৰ্গা পূজা পৰিচালনা সমিতি কে ধৰি আন অনুষ্ঠান প্ৰতিষ্ঠানে সম্বোধন জনায়।পৰিচালনা সমিতিৰ সম্পাদক কুশল ডেকা ই আঁত ধৰা এই অনুষ্ঠান পৰিচালনা সমিতিৰ সভাপতি হিৰেন শৰ্মা, বিশিষ্ট সমাজ কৰ্মী মুনীদ্ৰ নাৰায়ণ গোস্বামী, বিজেপিৰ বজালী জিলা সমিতিৰ সভাপতি নগেন চৌধুৰী লগতে ভক্ত প্ৰাণ ৰাইজ উপস্থিত থাকে।

Leave A Reply