Breaking

বিকাশৰ যাত্ৰা লৈ জালুকবাৰী সমষ্টিৰ শুৱালকুছিত মুখ্যমন্ত্ৰী…

0 23

$$ বিকাশৰ যাত্ৰা লৈ জালুকবাৰী সমষ্টিৰ শুৱালকুছিত মুখ্যমন্ত্ৰী

$$ দেশৰ ভিতৰতে জালুকবাৰীয়ে নহয় হাজো – শুৱালকুছি আৰু কমলপুৰ সমষ্টিৰ উন্নতি ১ নম্বৰত

$$ মুখ্যমন্ত্ৰী অসমৰে ভাগ্যবান নহয় জালুকবাৰী সমষ্টি বাসী অতি ভাগ্যবান — স্বাস্থ্যমন্ত্ৰী


প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ বাহিৰে স্বাধীন ভাৰতৰ কোনো গৰাকী প্ৰধানমন্ত্ৰীয়ে দেশৰ উন্নতিৰ বাবে ২৫ বছৰীয়া পৰিকল্পনা কৰা নাছিল ৷ দেশেই মোৰ পৰিয়ালৰ সোপান সাৰ্থক কৰাৰ বাবে প্ৰধানমন্ত্ৰী গৰাকীয়ে বিৰামহীন কষ্টেৰে উন্নয়নৰ দিগন্তলৈ গতি কৰিছে ৷ তেখেতৰ সপোন আগন্তুক ২০৪৭ চন অৰ্থাৎ স্বাধীনতাৰ ১০০ বছৰ পিছত হ’লেও ভাৰতবৰ্ষ বিকশিত দেশত পৰিনত হ’ব ৷ এয়া মোডীৰ আশা প্ৰত্যাশা আৰু বাস্তৱিক কল্পনা — এই ভাষ্য অসমৰ মুখ্যমন্ত্ৰী তথা জালুকবাৰী সমষ্টিৰ বিধায়ক ড° হিমন্ত বিশ্ব শৰ্মাৰ ৷ আজি অসমৰ মুখ্যমন্ত্ৰী শৰ্মাই ৰাজ্যৰ সৰ্বাংগীণ উন্নয়নৰ অৱিৰত প্ৰয়াসৰ বিকশিত যাত্ৰা লৈ কামৰূপ জিলাৰ জালুকবাৰী সমষ্টিৰ বিভিন্ন ঠাইত ১৫৩ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰিব লগা বিভিন্ন আচঁনিৰ শুভাৰম্ভ শিল্যান্যাস আৰু উদ্বোধন কৰে ৷ তদুপলক্ষে শুৱালকুছি এফ আৰ ইউ প্ৰাঙ্গণত এখন বিশাল ৰাজহুৱা সভা অনুষ্ঠিত হয় ৷ ভাষণৰ আৰম্ভণিতে ৰিমৰ্ট কণ্ট্ৰোলেৰে ২৩ উন্নয়ণ

প্ৰকল্প ভাৰ্চুৱেল পদ্ধতিৰে শিলান্যাস কৰাত উপস্থিত হাজাৰ হাজাৰ পুৰুষ মহিলাই জাউৰিয়ে জাউৰিয়ে হাত চাপৰি বজায় ৷ মুখ্যমন্ত্ৰী গৰাকীয়ে তেওঁৰ বক্তব্যত কয় যে ২০০১ চনৰ পৰা এতিয়ালৈ তেওঁ অসম চৰকাৰক প্ৰতিনিধিত্ব কৰিছে ৷ তেতিয়াৰ জালুকবাৰী সমষ্টি আৰু এতিয়াৰ সমষ্টিৰ পাৰ্থক্য ৰাইজে প্ৰত্যক্ষ কৰিছে ৷ বিগত ২৯ ফেব্ৰুৱাৰীৰ পৰা ৰাজ্যৰ উন্নতিৰ বাবে বিকাশ যাত্ৰা আৰম্ভ কৰিছে ৷ তাৰ অংশ স্বৰূপে মুখ্যমন্ত্ৰীৰ মাইলৰ খুটি স্বৰূপ জালুকবাৰী সমষ্টিৰ উন্নয়নৰ দিগন্ত তেওঁ শয়নে সপোন দেখা বুলি উল্লেখ কৰে ৷ বিধায়কৰ সমাগত ৰূপালী জয়ন্তী বৰ্ষৰ সময়ত মুখ্যমন্ত্ৰী গৰাকীয়ে সমষ্টি বাসীয়ে কোনোকালে নভবা কাম কৰা বুলিও কয় ৷ আজি শুভাৰম্ভ কৰা কামৰ ভিতৰত শুৱালকুছি এফ আৰ ইউ ৩০ বিছনাযুক্ত চিকিৎসালয়ৰ পৰা ১০০ খনলৈ অত্যাধুনিক সা সুবিধাৰে উন্নীত কৰা ৷ শিক্ষাৰ আন্তঃগাঁথনিৰ উন্নয়ন আৰু উন্নীতকৰণৰ বাবে শুৱালকুছি বুদৰাম মাধৱ সত্ৰাধিকাৰ মহাবিদ্যালয় , উত্তৰ গুৱাহাটী মহাবিদ্যালয় পাণ্ড মহাবিদ্যালয় পূৱ বংশৰ মহাবিদ্যালয় শৰাইঘাট মহাবিদ্যালয়লৈ ১৫ কোটি টকাকৈ অনুদান ৷ শিথিল পুজিৰ সহায়ত শুৱালকুছি শংকৰ ধাম নিৰ্মাণ চাংসাৰিত প্ৰেক্ষাগৃহ নিৰ্মাণ লোক নিৰ্মাণ বিভাগৰ দ্বাৰা উত্তৰ গুৱাহাটীৰ গৌৰৱ পথ এল পি জিৰ পৰা গোপী নাথ বৰদলৈ পথ নিৰ্মাণ মুখ্যমন্ত্ৰীৰ উন্নত পকীপথ নিৰ্মাণ আঁচনিৰ অধীনত কিছমৎ বংশৰৰ পৰা পাকৰকোনালৈ বহল পথ চাংসাৰিৰ পৰা জালাহলৈ পথ আৰু দুমুনীচকীৰ পৰা আল্টা মান্দাকাটালৈ পথ নিৰ্মাণ আদিৰ শিল্যান্যাস কৰে ৷ অন্যহাতে আজি মুখ্যমন্ত্ৰীয়ে উদ্বোধন কৰে ক্ৰমে শুৱালকুছি ছুইমিং পুলৰ মেৰামতি আৰু পুনৰ নিৰ্মাণ সম্প্ৰসাৰিত শুৱালকুছি প্ৰৱেশ তোৰণ মধ্য আৰু পশ্চিম পঞ্চায়তৰ নৱ নিৰ্মিত ভৱন আমিনগাঁও পানিপাৰা ধোপাতাৰী আঠিয়াবৈ বেজেৰাৰ শৰাইঘাট আগডলাৰ বামুণীগাওঁ পাণ্ডুনাথ বংশৰ আদৰ্শ অংগনৱাড়ী কেন্দ্ৰ কেইটা শুভ উদ্বোধন কৰে ৷ তদুপৰি শুৱালকুছি উন্নয়ন খণ্ড প্ৰাঙ্গণত থকা ফেশ্বন প্ৰযুক্তি প্ৰতিষ্ঠানৰ মেৰামতি আৰু পুনৰ নিৰ্মাণৰো শুভাৰম্ভ কৰে মুখ্যমন্ত্ৰী তথা বিধায়ক গৰাকীয়ে ৷ তেওঁৰ ভাষনত এলানি নতুন আচঁনি ঘোষণা কৰে ৷ যিসকল হিতাধিকাৰীয়ে ৰেচন কাৰ্ড লাভ কৰিছে তেওঁলোকে অৰুণোদয় আচঁনিৰ উপৰি পাঁচ লাখলৈ হেল্‌থ কাৰ্ড উজলা আচঁনিৰ উপৰি পৰিয়ালৰ মুৰব্বীৰ দুৰ্ঘটনাৰ জীৱন বীমা তেওঁৰ চৰকাৰে দিয়াৰ কথা ঘোষণা কৰে ৷ মেট্ৰিক পাছ কৰা ছাত্ৰী সকলক চৰকাৰী মহাবিদ্যালয়ত নাম ভৰ্তি কৰিলে

উচ্চতৰ মাধ্যমিকত পঢ়াক ১০ হাজাৰ স্নাতকক ১২৫০০ আৰু বিশ্ববিদ্যালয়ৰ ছাত্ৰীক ২৫হাজাৰ টকাকৈ বেংকৰ একাউণ্টত চৰকাৰে দিয়াৰ প্ৰতিশ্ৰুতি দিয়ে ৷ তদুপৰি সামাজিক উন্নয়নৰ বাবে ৰাজ্যৰ বি জে পি চৰকাৰে বাইদেউ সকলক লাখপতি সজোৱাই নহয় অহা বছৰত শিক্ষাৰ উন্নতিৰ হকে ২০ খন মহাবিদ্যালয় উচ্চ আৰু উচ্চতৰ মাধ্যমিকৰ অতি পুৰণা গৃহৰ পৰিৱৰ্তে ব্যক্তিগত খণ্ডৰ লেখিয়া স্কুল বিল্ডিং নিৰ্মাণৰ বাবে ৮ কোটিকৈ আৰু প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক এম ভি আদিলৈ ৩/৪ কোটিকৈ ধাৰ্য কৰাৰ কথাও কয় ৷ ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনৰ ড° পি অশোক বাবুৱে আদৰণি ভাষণ দিয়া সভাত স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই তেওঁৰ চমু ভাষণত কয় যে মুখ্যমন্ত্ৰীয়ে স্বাস্থ্যমন্ত্ৰী হৈ থকা কালৰ পৰিকল্পনা আমি সাৰ্থক কৰাৰ প্ৰয়াস কৰিছো ৷ শুৱালকুছিৰ ১০০ খন বিছনা যুক্ত চিকিৎসালয় মুখ্যমন্ত্ৰী গৰাকীৰে ফচল বুলি উল্লেখ কৰে ৷ লগতে মুখ্যমন্ত্ৰীৰ সন্মুখতে অসমবাসী ভাগ্যবান জালুকবাৰী বাসী অতি ভাগ্যবান বুলি উল্লেখ কৰি উক্ত হস্পিতালত উন্নতমানৰ সকলো সা সুবিধা থাকিব বুলি কয় ৷ সভাত কামৰূপৰ আয়ুক্ত কিৰ্তি জল্লী এন আৰ এইচ এমৰ ড° এম এচ লক্ষ্মীপ্ৰিয়া আৰু বিভিন্ন বিভাগৰ শীৰ্ষ বিষয়া সকলৰ উপৰি মুখ্যমন্ত্ৰীৰ বিশেষ কৰ্তব্যৰত বিষয়া হেমন্ত চৌধুৰী আৰু ব্যক্তিগত সহায়ক দিগন্ত শৰ্মাও উপস্থিত আছিল ৷

Leave A Reply