Breaking

মুখ্যমন্ত্ৰীয়ে উদ্বোধন কৰিলে উত্তৰ-পূব পৰিষদৰ ৩.৩৩ কোটি টকা অনুদানেৰে নিৰ্মাণ কৰা টাই শৈক্ষিক আৰু সাংস্কৃতিক কেন্দ্ৰৰ নতুন ভৱন

0 52

টাই ভাষা-কৃষ্টি-সংস্কৃতিৰ চৰ্চা-গৱেষণা আৰু বিকাশৰ জৰিয়তে বৃহত্তৰ অসমীয়া জাতিসত্তাক অধিক উজ্জীৱিত কৰাৰ উদ্দেশ্যৰে উত্তৰ-পূব পৰিষদৰ ৩.৩৩ কোটি টকা অনুদানেৰে নিৰ্মাণ কৰা টাই শৈক্ষিক আৰু সাংস্কৃতিক কেন্দ্ৰৰ নতুন ভৱন উদ্বোধন কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

এই কেন্দ্ৰটোৱে নিৰৱচ্ছিন্নভাৱে টাই শিক্ষা আৰু সংস্কৃতিৰ বিকাশত জড়িত হৈ থাকি ৰাজ্যৰ সমাজ জীৱনলৈ অনবদ্য অৱদান আগবঢ়াই আহিছে।

প্ৰতিবছৰে লাচিত দিৱস, চ্যুকাফা দিৱস আৰু মে-ডাম-মে-ফী অনুষ্ঠিত কৰাৰ লগতে আধ্যাত্মিক দিশতো এই কেন্দ্ৰটোৱে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে৷

প্ৰতি মাহৰ দ্বিতীয় শনিবাৰে ফুৰালুং পূজা অনুষ্ঠিত কৰাৰ জৰিয়তে সমাজখনক আধ্যাত্মিকভাৱে শক্তিশালী কৰাৰ প্ৰয়াস কৰি আহিছে৷

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সৈতে উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে মন্ত্ৰী ডা: ৰণোজ পেগু, শ্ৰীবিমল বড়া, শ্ৰীসঞ্জয় কিষাণ,বিধায়ক শ্ৰীতৰংগ গগৈ, ডিব্ৰুগড় জিলাৰ উপায়ুক্ত শ্ৰীবিশ্বজিৎ পেগু প্ৰমুখ্যে বহু গণ্য-মান্য লোক।

Leave A Reply