Breaking

ওদালগুৰি-ভৈৰৱকুণ্ডৰ দলঙৰ আধাৰশিলা স্হাপন মুখ্যমন্ত্ৰীৰ…

0 36

পথ যোগাযোগৰ ক্ষেত্ৰত নতুন মাত্ৰা সংযোজনেৰে ৰাইজৰ দীৰ্ঘদিনীয়া আশা-আকাংক্ষা বাস্তৱায়িত কৰি আজি ওদালগুৰি-ভৈৰৱকুণ্ডৰ পথৰ ধনশিৰি নৈৰ ওপৰত এখন দলং নিৰ্মাণৰ মাংগলিক শুভাৰম্ভ কৰে মুখ্যমন্ত্ৰীয়ে। দলংখনৰ নিৰ্মাণে কেৱল ওদালগুৰি জিলাৰে নহয়, অৰুণাচল আৰু অসমৰ মাজত আন্তঃৰাজ্যিক যোগাযোগৰ দিশত নতুন অধ্যায়ৰ সূচনা কৰিব বুলি কয় মুখ্যমন্ত্ৰীয়ে৷

এন ই আৰ এছ ডি এছ প্ৰকল্পৰ অধীনত নিৰ্মাণ হ’বলগীয়া প্ৰায় ৩৪ কোটি টকা ব্যয় সাপেক্ষ এই দলং আৰু সংযোগী পথ (৩২০ মিটাৰ দৈৰ্ঘ্যৰ দলং)ৰ দৈৰ্ঘ্য ৭১৫ মিটাৰ আৰু ইয়াক ২০২৫ চনৰ ফেব্ৰুৱাৰীৰ ভিতৰত সম্পূৰ্ণ কৰাৰ হব বুলি কয় মুখ্যমন্ত্ৰীয়ে ৷ ৰাজ্যখনত পথ-যোগাযোগ ব্যৱস্থা শক্তিশালীকৰণৰ ওপৰত সৰ্বাধিক গুৰুত্ব প্ৰদান কৰি আহিছে বুলি কয় মুখ্যমন্ত্ৰীয়ে ৷

বি টি আৰৰ পথ, দলং নিৰ্মাণৰ বাবে ইতিমধ্যে ৫০০ কোটি টকা অনুমোদন জনাই ‘গুড উইল প্ৰকল্প’ৰ কাম হাতত লোৱাৰ লগতে সমগ্ৰ ৰাজ্যখনত মুখ্যমন্ত্ৰী পথ আঁচনি, মুখ্যমন্ত্ৰী উন্নত পথ আঁচনি, মুখ্যমন্ত্ৰী নৱীকৰণ আঁচনি আৰু মুখ্যমন্ত্ৰী মথাউৰি আঁচনি শুভাৰম্ভ কৰাৰ বাবে পূৰ্ণ প্ৰস্তুতি চলাইছে আৰু ই শীঘ্ৰে বাস্তৱায়িত হৈ উঠিব বুলি কয় মুখ্যমন্ত্ৰীয়ে ।

অনুষ্ঠানত মন্ত্ৰী অশোক সিংহল, বি টি আৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়ো, বি টি আৰৰ উপ-মুখ্য কাৰ্যবাহী সদস্য তথা বিধায়ক গোবিন্দ চন্দ্ৰ বসুমতাৰী, বিধায়ক গণেশ লিম্বু, উত্তৰ-পূব পৰিষদৰ (টি এণ্ড চি)ৰ উপদেষ্টা নবীন কুমাৰ, লোক নিৰ্মাণ বিভাগৰ বিশেষ আয়ুক্ত সচিব ৰাজেশ কেমপ্ৰাই, প্ৰাক্তন মন্ত্ৰী ৰিহণ দৈমাৰী, প্ৰাক্তন বিধায়ক গুৰুজ্যোতি দাসকে প্ৰমুখ্যে অন্যান্যসকল উপস্থিত আছিল।

Leave A Reply