Breaking

কোকৰাঝাৰ জিলাৰ অভয়াখুটি অঞ্চলত দুগৰাকী কিশোৰীৰ ৰহস্যজনক মৃত্যুৰ ঘটনাৰ চৰজমিন বুজ ল’লে মুখ্যমন্ত্ৰীয়ে

0 2,067

ঘটনাৰ প্ৰকৃত কাৰণ উদ্ঘাটন কৰাৰ বাবে অসম আৰক্ষীক মুখ্যমন্ত্ৰীৰ নিৰ্দেশ

দুৰ্ভগীয়া কিশোৰী দুগৰাকীৰ পৰিয়ালক সাক্ষাৎ কৰি সমবেদনা জ্ঞাপন কৰিলে মুখ্যমন্ত্ৰীয়ে

আজি মুখ্যমন্ত্ৰী  হিমন্ত বিশ্ব শৰ্মাই কোকৰাঝাৰ জিলাৰ অভয়াখুটি গাঁৱত যোৱা শুক্ৰবাৰে ৰহস্যজনকভাৱে মৃত্যুবৰণ কৰা দুগৰাকী কিশোৰীৰ বাসগৃহত উপস্থিত হৈ পৰিয়ালৰ সদস্যসকলৰ সৈতে ঘটনা সন্দৰ্ভত মত-বিনিময় কৰাৰ উপৰি ঘটনাৰ সবিশেষ বুজ লয়। মুখ্যমন্ত্ৰীয়ে পৰিয়ালৰ সদস্যসকলৰ প্ৰতি সহমৰ্মিতা প্ৰকাশ কৰাৰ উপৰি এই দুখৰ মুহূৰ্তত ৰাজ্য চৰকাৰ তেওঁলোকৰ লগত আছে বুলিও আশ্বাস প্ৰদান কৰে। উল্লেখ্য, শুক্ৰবাৰে অভয়াখুটি গাঁৱত কিশোৰী দুগৰাকীৰ এক ৰহস্যজনক অৱস্থাত চিপজৰী লৈ মৃত  অৱস্থাত  স্থানীয় লোকে প্ৰত্যক্ষ কৰিছিল। ইয়াৰ পিছতে দুৰ্ভগীয়া কিশোৰী দুগৰাকীৰ বাসগৃহত উপস্থিত থকা সাংবাদিকসকলৰ সৈতে হোৱা কথা-বতৰাত মুখ্যমন্ত্ৰী ড০ শৰ্মাই কয় যে অভয়াখুটি গাঁৱৰ  কিশোৰী দুগৰাকীৰ মৃত্যুৰ খবৰ লাভ কৰি গোটেই ঘটনাটো ৰহস্যজনক হোৱাৰ পৰিপ্ৰেক্ষিতত তেওঁ নিজেই আজি পৰিয়ালটোক সাক্ষাৎ কৰি ঘটনাৰ চৰজমিন বুল ল’লে। বিটিআৰৰ আই জি পি আৰু কোকৰাঝাৰ জিলাৰ আৰক্ষী অধীক্ষকৰ সৈতে তেওঁ এই সম্বন্ধে কথা পাতিছে। যদি ঘটনাটোত কোনো দুষ্টচক্ৰ জড়িত আছে তেন্তে দোষীয়ে উপযুক্ত শাস্তি পাব আৰু যদি ঘটনাটো আত্মহত্যা হয় তেতিয়াহ’লে আত্মহত্যাৰ প্ৰকৃত কাৰণ কি, সেই বিষয়ৰ ওপৰতো তদন্ত কৰাৰ বাবে আৰক্ষী প্ৰশাসনক ইতিমধ্যে নিৰ্দেশ দিয়া হৈছে বুলি মুখ্যমন্ত্ৰীয়ে ব্যক্ত কৰে। আৰক্ষীয়ে এই ঘটনাৰ তদন্ত প্ৰক্ৰিয়া চলাই আছে বুলি উল্লেখ কৰি আৰক্ষীয়ে এই ঘটনাৰ ৰহস্য অচিৰেই পোহৰলৈ আনিবলৈ সক্ষম হব বুলিও মুখ্যমন্ত্ৰীয়ে কয়। মুখ্যমন্ত্ৰীয়ে লগতে কয় যে বৰ্তমানৰ চৰকাৰখনে দুখীয়া আৰু নিস্পেষিতসকলৰ ওপৰত চলোৱা অত্যাচাৰ আৰু শোষণ কেতিয়াও সহ্য নকৰে। দুৰ্ভগীয়া পৰিয়লটোক সাক্ষাতৰ সময়ত মুখ্যমন্ত্ৰীৰ সৈতে বিটিআৰৰ মুৰব্বী প্ৰমোদ বড়ো, কোকৰাঝাৰ পূব বিধান সভা সমষ্টিৰ বিধায়ক লৰেন্স ইছলাৰী, পূব বিলাসীপাৰা সমষ্টিৰ প্ৰাক্তন বিধায়ক অশোক সিংহীৰ লগতে প্ৰশাসনৰ উচ্চপদস্থ বিষয়াসকল উপস্থিত থাকে।

Leave A Reply