Breaking

মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰি স্মাৰক পত্ৰ প্ৰদান ASSP ৰ।

0 1,054

 যোৱা কালি দৰং জিলাৰ অন্তৰ্গত চিপাঝাৰ সমষ্টিৰ ধলপুৰ চৰ চাপৰিত অৱস্থিত ঐতিহ্যমণ্ডিত শিৱমন্দিৰ পৰিদৰ্শন কৰে অসমৰ নব নিৰ্বাচিত  মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই । ভ্ৰমণকালত সংগ দিয়ে দৰং জিলা অভিভাৱক মন্ত্ৰী চন্দ্রমোহন পটুৱাৰী, চিপাঝাৰ সমষ্টিৰ বিধায়ক পৰমানন্দ ৰাজবংশী, মঙলদৈৰ প্ৰাক্তন বিধায়ক গুৰুজ্যোতি দাসে। ভ্ৰমনস্থলীত অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি  মহম্মদ আলী খলিফা, দৰং জিলা সমিতিৰ সাধাৰণ সম্পাদকদ্বয় নুৰমহম্মদ আলি,মফিদুল ইছলামে উপস্থিত হৈ  মুখ্যমন্ত্ৰী গৰাকীক অসমীয়াৰ জাতীয় স্বাভিমান এটি শৰাই, ফুলাম গামোচা আৰু জাপিৰে সম্বৰ্ধনা জনায়। ইয়াৰ লগতে চিপাঝাৰ আঞ্চলিক অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ তৰফৰ পৰা চিপাঝাৰ সমষ্টিৰ সংখ্যালঘু এলেকাৰ লোকসকলৰ বিভিন্ন সমস্যা ৰাজিৰ ওপৰত ১০ দফীয়া দাবীৰে মুখ্যমন্ত্ৰী গৰাকীক স্মাৰক পত্ৰ প্ৰদান কৰে । ঐতিহাসিক ধলপুৰ শিৱধামৰ ভূমি সংৰক্ষিত কৰি ঐতিহাসিক পৰ্যটন স্থলী ৰূপে চকাৰীভাৱে ব্যবস্থা কৰা, ধলপুৰ শিৱধামলৈ অহা পৰ্যটকসকলৰ সুবিধাৰ বাবে গৰুখুটি আকবৰি চকৰ পৰা ভেটিবজাৰ হৈ ঢলপুৰ শিৱধামলৈ পথটো নিৰ্মান কৰা, চৰাঞ্চলৰ একমাত্ৰ মাধ্যমিক আৰু উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান ধলপুৰ কীৰকাৰা আঞ্চলিক উচ্চতৰ মাধ্যমিক বিদ্যালয়খন চৰকাৰীকৰন কৰা, চিপাঝাৰ চৰ অঞ্চলৰ একমাত্ৰ ধলপুৰ ভেটি বজাৰ চৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ লগতে উপ স্বাস্থ্য কেন্দ্ৰ সমূহত পর্যয়াপ্ত  পৰিমানে স্বাস্থ্য কৰ্মী নিয়োগ কৰা, ৬৬ নং চিপাঝাৰ বিধান সভা সমষ্টিৰ অন্তৰ্গত সানোৱা আৰু বাজানা পথাৰ গাঁও পঞ্চায়তৰ চৰ অঞ্চলৰ উন্নয়ন মূলক মুকলি কৰা,চিপাঝাৰ অঞ্চলৰ মহাবাহুৰ গৰাখনিয়া বৈজ্ঞানিক পদ্ধতিৰে ৰোধ কৰা, চিপাঝাৰ অঞ্চলত বৈদ্যুতিক শক্তি যোগান ধৰা, ধলপোৰত উচ্ছেদিত পৰিয়াল সমূহক ভূমি আবন্টনৰ লগতে পুনৰ সংস্থাপন কৰা, চিপাঝাৰ অঞ্চলত যোগ যোগ ধৰি বসতি কৰা নাগৰিকক ভূমি পট্টা দিয়া, চিপাঝাৰ অঞ্চলৰ নাগৰিকক ভেকচিন প্ৰদান কৰা, ঢলপুৰ আৰক্ষী পহৰা চকীখন পূৰ্ণাংগ আৰক্ষী চকীলৈ ৰূপান্তৰ কৰাৰ দাবী সম্বলিত  স্মাৰক পত্ৰ খন মুখ্যমন্ত্ৰী গৰাকীৰ হাতত প্ৰদান কৰে । আনহাতে ঐতিহাসিক শিৱ মন্দিৰ খন সুৰক্ষা প্ৰদান কৰাৰ স্বাৰ্থত মন্দিৰ পৰিচালনা সমিতিৰ লগতে অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ বিষয় ববীয়াক লগত থাকিবলৈ আহ্বান জনায় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ইয়াৰ উপৰিও ধলপুৰ হব লগীয়া পৰ্যটনস্থলী আৰু সকলো উন্নয়ন মূলক কামত সংগঠটোৰ সমৰ্থনৰ আহ্বান জনায় মুখ্যমন্ত্ৰী গৰাকীয়ে। ।

Leave A Reply