Breaking

নলবাৰীৰ পদপথৰ ওপৰত থকা ব্যৱসায়ীক প্ৰতিষ্ঠানৰ ওপৰত অভিযান; পুনৰ পদপথ বন্ধ নকৰিবলৈ কঠোৰ সকীয়নি পৌৰসভাৰ…

0 57

নলবাৰী চহৰ মাজ-মজিয়াৰ পদপথৰ ওপৰত থকা দোকান-প্ৰতিষ্ঠান সমূহৰ ওপৰত আজি অভিযান চলাই নলবাৰী পৌৰসভাই। নলবাৰী চহৰত প্ৰধান সমস্যা হৈছে যান-জঁট সমস্যা।

আন এক সমস্যা হ’ল পদপথৰ ওপৰত থকা ব্যৱসায়িক দোকান-প্ৰতিষ্ঠানসমূহ। যাৰ ফলত চহৰৰ পথবোৰ ঠেক হৈ বিভিন্ন সময়ত হাৰাশাস্তিত ভূগিব লগ হয় জনসাধাৰনে।

শুক্ৰবাৰে ফুটপাথৰ ওপৰত থকা প্ৰতিষ্ঠান সমুহ খালী কৰাৰ নিৰ্দেশ দিয়ে নলবাৰী পৌৰসভাই। পৌৰসভাৰ নিৰ্দেশক অমান্য কৰিলে প্ৰতিষ্ঠানৰ স্বত্বাধিকাৰী সকলক আইনী প্ৰক্ৰিয়াৰে জে’ল হাজোতলৈ পঠিওৱাৰ হুংকাৰ দিয়াৰ লগতে আইন নমনা প্ৰতিষ্ঠানৰ স্বত্বাধিকাৰীয়ে ছমাহ পৰ্যন্ত কাৰাবাস খাতিব লগীয়া হব পাৰে বুলি সদৰী কৰে নলবাৰী পৌৰসভাৰ পৌৰপতি জয়শ্ৰী তালুকদাৰসহ উপ পৌৰপতিয়ে।

উল্লেখযোগ্য যে নলবাৰী চহৰৰ যান বাহন অনুযায়ী পথবোৰ তেনেই ঠেক। যাৰ বাবে চহৰখনত নিতৌ যান-জঁটৰ সমস্যাই  যমৰ যাতনা ভোগাই আহিছে নলবাৰী বাসী ৰাইজক। তাৰ প্ৰতি লক্ষ্য ৰাখি আজি নলবাৰী পৌৰসভাই পদপথ বন্ধ কৰি ৰখা প্ৰতিষ্ঠান সমুহ আতৰোৱাৰ এক পদক্ষেপ গ্ৰহণ কৰে।

পদপথৰ ওপৰত থকা অবৈধ ব্যৱসায়িক প্ৰতিষ্ঠান সমুহৰ ওপৰত অনাগত সময়তো নলবাৰী পৌৰসভাই ইয়াতকৈও অধিক কঠোৰ পদক্ষেপ লব বুলি জানিবলৈ দিয়ে। আজি অভিযানত পৌৰপতি জয়শ্ৰী তালুকদাৰ,উপপৌৰপতি ৰবীন দাস  সহ পৌৰসভাৰ ৱাৰ্ড কমিচনাৰ  সকলে জিলা প্ৰসাসনৰ সহযোগত  সমগ্ৰ চহৰ খনত এক অভিযান চলাই ব্যৱসায়িক প্ৰতিষ্ঠান সমূহক পদপথ সমূহ পুনৰ বন্ধ নকৰিলৈ সকীয়নী প্ৰদান কৰে।

Leave A Reply