Breaking

গোগামুখত মিচিং জাতীয় সংগঠন টি এম পি কেৰ সামৰণি অনুষ্ঠানঃ দহ সহস্ৰাধিক লোকৰ উপস্থিতিত লাইখূঁটা স্থাপনঃ

0 117

মিচিং জনজাতি সকলৰ আটাইতকৈ শক্তিশালী জাতীয় সংগঠন টাকাম মিচিং পৰিণ কেবাং চমুকৈ টি এম পিকেৰ সোণালী জয়ন্তী বৰ্ষ  আৰু অষ্টম মিচিং যুৱ মহোৎসৱৰ অনুষ্ঠান ধেমাজি জিলাৰ গোগামুখত চাৰিদনীয়া  বৰ্ণাঢ্য কাৰ্যসূচীৰে ২-৫ ফেব্ৰুৱাৰী ২০২৩ বৰ্ষত  অনুষ্ঠিত  হ’ব ৷ গোগামুখ পাৰঘাটৰ চুমনিৰ ২২৭ বিঘা ৰাজহুৱা বিশাল ভূমিত  অনুষ্ঠিত হ’বলগা সোণালী জয়ন্তী বৰ্ষ আৰু অষ্টম মিচিং যুৱ মহোৎসৱৰ আজি লাইখূঁটা স্থাপন কৰে মিচিং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য পৰমানন্দ ছায়েঙ্গীয়াই ৷ দহ সহস্ৰাধিক লোকৰ উপস্থিতিি অনুষ্ঠিত হোৱা উক্ত লাইখুঁটা স্থাপন অনুষ্ঠানত গোমৰাগ নৃত্য আৰু অই নিঃতমেৰে মুখৰিত হৈ পৰে ৷ জাক জাক লোকনৃত্য শিল্পীৰে ভৰি পৰা আজিৰ লাইখুঁটা  অনুষ্ঠান  স্থাপন কৰি মিচিং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য পৰমানন্দ ছায়েঙ্গীয়াই কয়- বৃহত্তৰ অসমীয়া সমাজৰ এক অবিছেদ্য অংগ হৈছে ভূমিপুত্ৰ মিচিং সকল ৷

এই মিচিং সকলৰ শক্তিশালী সংগঠন হৈছে টি এম পি কে আৰু বৰ্ণাঢ্য মিচিং সংস্কৃতিক যুৱ প্ৰজন্মৰ মাজত নিকপকপীয়া আৰু নিভাঁজভাৱে সমগ্ৰ ৰাইজৰ মাজত তুলি ধৰা অনুষ্ঠান হৈছে মিচিং যুৱ মহোৎসৱ ৷ এই মহান অনুষ্ঠান দুটাৰ কাৰ্যসূচী এইবেলি একেখন মঞ্চত অনুষ্ঠিত হ’ব ৷  ইয়াত মিচিং সমাজৰ বৰ্ণাঢ্য কৃষ্টি-সংস্কৃতি  প্ৰকাশ ঘটাৰ লগতে অসম-অৰুণাচল প্ৰদেশৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ কৃষ্টি-সংস্কৃতি পূুৰ্ণ ৰূপত প্ৰতিফলিত হ’ব ৷  অনুষ্ঠানৰ সকলো খৰচ মিচিং ৰাইজ আৰু শুভাকাংক্ষীৰ দান-বৰঙনিৰে ৰূপায়িত হ’ব বুলি তেওঁ দোহাৰে আৰু এই অনুষ্ঠানে মিচিং সকলৰ ঐতিহ্য আৰু পৰম্পৰা ৰক্ষাৰ ঐতিহাসিক চিন্তাধাৰাক তুলি ধৰিব ৷ অভ্যৰ্থনা সমিতিৰ সম্পাদক ৰাজু পেগু আৰু সহকাৰী সম্পাদক হৰিচন্দ্ৰ কামানে জনোৱা মতে টি এম পি কেৰ সোণালী জয়ন্তী বৰ্ষ আৰু অষ্টম মিচিং যুৱ মহোৎসৱত  ৫ লাখ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিব ৷ ১০ হাজাৰ থলুৱা শিল্পীয়ে পৰম্পৰাগত নৃত্য-গীত প্ৰতিযোগিতাত অংশ ল’ব ৷ অনুষ্ঠানত কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ, আইন মন্ত্ৰী কিৰেণ ৰিজিজু, মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা, অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খান্দু, বলিউদৰ কেইবাগৰাকী তাৰকা শিল্পী আৰু বিদেশৰ অতিথিয়ে অংশ ল’ব ৷

উত্তৰ-পূৰ্বাঞ্চলৰ আটাইবোৰ অনুষ্ঠান-প্ৰতিষ্ঠান আৰু দল-সংগঠনৰ মুৰব্বী, নেতা-পালিনেতাও উপস্থিত থকাটো নিশ্চিত কৰিছে অভ্যৰ্থনা সমিতিয়ে ৷ উল্লেখনীয় যে মিচিং জাতীয় সংগঠন টি এম পি কেই জন্ম লাভ কৰিছিল ১৯৭১ চনত ৷ বহু উত্থান পতনৰ মাজেদি আগবাঢ়ি মিচিং সমাজৰ জাতীয় স্বাৰ্থক এক সন্মান জনক স্থানত উপনীত কৰিবলৈ সক্ষম হোৱা টি এম পি কেই ৫০ বছৰ গৰকিলে ৷ টি এম পি কেৰ সোণালী জয়ন্তী বৰ্ষৰ আৰম্ভণি অনুষ্ঠান ইতিমধ্যে জোনাই আৰু ঢকুৱাখনাত অনুষ্ঠিত হৈ গৈছে ৷ সামৰণি অনুষ্ঠান গোগামুখৰ উল্লিখিত বিশাল ভূমিত অনুষ্ঠিত হ’ব ৷ আজিৰ এই লাইখূঁটা স্থাপন  অনুষ্ঠানত জোনাই বিধানসভা সমষ্টিৰ বিধায়ক ভূবন পেগু, টি এম পি কেৰ কেন্দ্ৰীয় সম্পাদক তিলক দলে, মিচিং আগম কেবাঙৰ সভাপতি গোবিন্দ টাইদ, সম্পাদক ডিম্বেশ্বৰ দলে, মিচিং দৃৰবৃ কেবাঙৰ মুখ্য উপদেষ্টা একলব্য গাম,

 

ধেমাজি জিলা পৰিষদৰ সভাপতি মোহন গগৈ,  আছু, আটাছু, এবছু, যুৱ-ছাত্ৰ পৰিষদ, গোৰ্খা, এম এম কে আৰু টি এম এম কেৰ জিলা আৰু কেন্দ্ৰীয় নেতা সকল উপস্থিত থাকে ৷

Leave A Reply